নেশ্যনেল ডেস্ক, ১অক্টোবৰ: উত্তৰ প্ৰদেশৰ হাথৰছ গণধৰ্ষণৰ ঘটনাৰ চাঞ্চল্য অব্যাহত থকাৰ মাজতে এইবাৰ ৰাজস্থানৰ জয়পুৰত সংঘটিত হৈছে আন এক জঘন্য ঘটনা। জয়পুৰৰ হাণ্ডিপোৰা গাঁৱত এগৰাকী কিশোৰী দলবদ্ধ ধৰ্ষণৰ বলি হয়। অপহৰণ কৰি নি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে নিৰ্যাতিতা কিশোৰীগৰাকীয়ে। ঘটনা সন্দৰ্ভত ৩ অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে। অভিযুক্তকেইটা ক্ৰমে কালু, বিক্ৰম আৰু জিতু।
নিৰ্যাতিতা কিশোৰীগৰাকীৰ পৰিয়ালে ৰুজু কৰাৰ গোচৰৰ ভিত্তিত তিনিওকে আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। সমীপৰ গাঁও এখনলৈ গৈ থকা অৱস্থাতে কিশোৰীগৰাকীক অপহৰণ কৰে।
পিছত ধৰ্ষণ কৰি পলায়ন কৰে ধৰ্ষণকাৰীয়ে । নিজ গৃহলৈ উভতি আহি পৰিয়ালৰ আগত সমস্ত ঘটনা বিৱৰি কয় নিৰ্যাতিতা কিশোৰীগৰাকীয়ে। ইয়াৰ পিছতে পৰিয়ালৰ লোকে আমেৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে। সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আমেৰ আৰক্ষীয়ে।