ETV Bharat / bharat

কৰ'ণা আতংকঃ প্ৰতিষেধক লাভৰ পৰা বঞ্চিত বিশ্বৰ 117 মিলিয়ন শিশু

author img

By

Published : Apr 15, 2020, 12:35 PM IST

বিশ্বৰ 37 খন দেশৰ 117 মিলিয়ন শিশু কৰ'ণা ভাইৰাছৰ ফলত জীৱন ৰক্ষাৰ প্ৰতিষেধক লোৱাৰ পৰা বঞ্চিত হৈ আছে ৷ ইতিমধ্যে এই ভাইৰাছৰ ফলত সৃষ্টি হোৱা সংকটকালীন পৰিস্থিতিৰ বাবে 24 দেশত প্ৰতিষেধক প্ৰদানৰ সময় পলম হোৱাৰ লগতে অন্য কেবাখনো দেশত প্ৰতিষেধক প্ৰদানৰ অভিযান পিছুৱাই দিছে ৷

millions-of-children-at-risk-of-measles-as-vaccines-face-covid-19-threat
কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে জীৱনৰক্ষাৰ প্ৰতিষেধক লাভৰ পৰা বঞ্চিত বিশ্বৰ 117 মিলিয়ন শিশু

ইন্টাৰনেশ্যনেল ডেস্ক, 15 এপ্ৰিল: বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ ফলত বিশ্বৰ 117 মিলিয়ন শিশু জীৱন ৰক্ষাৰ প্ৰতিষেধক টীকাকৰণৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ৷ যাৰ ফলত এই শিশু সকলৰ জীৱনলৈ সংকট নামি অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ টীকাকৰণ সময়ত নকৰিলে এই শিশুসকল আই ৰোগত আক্ৰান্ত হ'ব পাৰে ৷ এই কথা আমেৰিকান ৰেড ক্ৰচ,ইউ এন আই চি ই এফ,বিশ্ব স্বাস্থ্য সংস্থা,M&RI কে আদি কৰি অন্যান্য কেবাটাও সংস্থাৰ যুটীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে ৷ উক্ত প্ৰতিবেদনত প্ৰকাশ কৰা তথ্য অনুসৰি মাৰাত্মক কৰ'ণা ভাইৰাছৰ ফলত বিশ্বৰ 24 খন ৰাষ্ট্ৰত শিশুক আই ৰোগৰ প্ৰতিষেধক প্ৰদানৰ অভিযান পিছুৱাই দিয়া হৈছে ৷ বিশ্বৰ 37 খন দেশৰ 117 মিলিয়ন শিশু কৰ'ণা ভাইৰাছৰ ফলত জীৱন ৰক্ষাৰ প্ৰতিষেধক লোৱাৰ পৰা বঞ্চিত হৈ আছে ৷ ইতিমধ্যে এই ভাইৰাছৰ ফলত সৃষ্টি হোৱা সংকটকালিন পৰিস্থিতিৰ বাবে 24 দেশত প্ৰতিষেধক প্ৰদানৰ সময় পলম হোৱাৰ লগতে অন্য কেবাখনো দেশত প্ৰতিষেধক প্ৰদানৰ অভিযান পিছুৱাই দিছে ৷ এই প্ৰতিবেদনত বিশ্বৰ দেশ সমূহক শিশুক সময়মতে টীকাকৰণৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে ৷ তেনেক্ষেত্ৰত সমাজ আৰু স্বাস্থ্যকৰ্মীৰ স্বাস্থ্য সুৰক্ষাও নিশ্চিত কৰিবলৈ আহ্বান জনায় ৷ তদুপৰি কৰ'ণা ভাইৰাছৰ প্ৰভাৱ থকা সময়ছোৱাত শিশুক প্ৰতিষেধক দিয়াৰ অভিযান চলোৱাৰ আগত বিশ্ব স্বাস্থ্য সংস্থাৰ নতুন নিয়মাৱলীসমূহ অধ্যয়ন কৰিবলৈ আহ্বান জনায় ৷ অন্য এক বক্তব্যত প্ৰকাশ কৰি যুটীয়া প্ৰতিবেদক কমিটীয়ে কয় যে,কৰ'ণা ভাইৰাছৰ ফলত বিশ্বজুৰি স্বাস্থ্য খণ্ডত যিমানেই প্ৰভাৱ নপৰিলেও জীৱনৰক্ষাৰ সকলো প্ৰতিষেধক প্ৰদান কৰি যাবলৈ কোৱা হয় ৷

Millions of children at risk of Measles as vaccines face COVID-19 threat

লগতে পঢ়ক : লকডাউন বৃদ্ধিৰ ভাৰতৰ সিদ্ধান্তক শলাগ ল'লে WHO য়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.