ETV Bharat / bharat

লক ডাউনঃ কেৰালাৰ পৰা খোজকাঢ়ি কৰ্ণাটকত উপস্থিত গৰ্ভৱতী মহিলা - শ্ৰমিক

গৃহ নিৰ্মাণ কাৰ্যত নিয়োজিত ৮ জন শ্ৰমিক লক ডাউনৰ সময়ছোৱাত কেৰালাৰ কন্নৰ জিলাৰ পৰা খোজকাঢ়ি উপস্থিত হয় কৰ্ণাটকত । প্ৰায় ১৪২ কিল'মিটাৰতকৈ অধিক পথছোৱা খোজকাঢ়ি কৰ্ণাটকত উপস্থিত হোৱা শ্ৰমিককেইজনৰ সৈতে আছিল এগৰাকী গৰ্ভৱতী মহিলা।

লক ডাউন
লক ডাউনঃ কেৰালাৰ পৰা খোজকাঢ়ি কৰ্ণাটকত উপস্থিত গৰ্ভৱতী মহিলা
author img

By

Published : Apr 9, 2020, 6:37 PM IST

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ কেৰালাত সংঘটিত অমানৱীয় ঘটনা । এগৰাকী গৰ্ভৱতী মহিলাই ১৪২ কিল'মিটাৰ খোজকাঢ়ি কেৰালাৰ পৰা উপস্থিত হ'ল কৰ্ণাটকত ।

উল্লেখ্য যে, কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশজুৰি চলা লক ডাউনৰ পূৰ্বে এগৰাকী গৰ্ভৱতী মহিলাসহ আঠজন শ্ৰমিক কেৰালাৰ কন্নৰ জিলাত গৃহ নিৰ্মাণ কাৰ্যৰ বাবে উপস্থিত হয় ।

কিন্তু লক ডাউনৰ বাবেই আধাতেই স্থগিত হয় বাসগৃহ নিৰ্মাণৰ কাম । যাৰ পৰিপ্ৰেক্ষিতত গৰ্ভৱতী মহিলাসহ শ্ৰমিককেইজনক সেই স্থান এৰি নিজৰ গৃহ চহৰলৈ যাবলৈ নিৰ্দেশ দিয়ে ঠিকাদাৰে ।

লক ডাউনৰ বাবে কোনো যান-বাহন চলাচল নকৰাত আৰু শ্ৰমিককেইজনৰ কোনো থাকিবলৈ ব্যৱস্থা নহোৱাত গৰ্ভৱতী মহিলা গৰাকীক লগত লৈ প্ৰায় ১৪২ কিল'মিটাৰতকৈ অধিক পথছোৱা খোজকাঢ়ি কৰ্ণাটকত উপস্থিত হয় ।

গৰ্ভৱতী মহিলা গৰাকীক তেনে অৱস্থাত প্ৰত্যক্ষ কৰাৰ পাচতো কোনো বিভাগৰ বিষয়া, সংগঠন তথা যান-বাহন আগবাঢ়ি নাহে সহায়ৰ উদ্দেশ্যে ।

আনহাতে, কৰ্ণাটকৰ সচেতন মহলে ঠিকাদাৰজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ দাবী জনাই । শ্ৰমিকৰ সহায় তথা দায়িত্ব লোৱাতো ঠিকাদাৰসকলৰ কৰ্তব্য বুলি মন্তব্য কৰে সচেতন মহলে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.