ETV Bharat / bharat

নিয়াৰ অতিৰিক্ত তিনিটা শাখা স্থাপনত অনুমোদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ - মণিপুৰ, তামিলনাডু আৰু ঝাৰখণ্ডত এটাকৈ শাখা মুকলি নিয়াৰ

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে শেহতীয়াকৈ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াৰ তিনিটা নতুন কাৰ্য্যালয় স্থাপনত অনুমতি প্ৰদান কৰিছে ৷ সেই অনুসৰি, মণিপুৰ, তামিলনাডু আৰু ঝাৰখণ্ডত এটাকৈ শাখা মুকলি কৰা হ'ব নিয়াৰ ৷

নিয়াৰ অতিৰিক্ত তিনিটা শাখা স্থাপনত অনুমোদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

author img

By

Published : Sep 29, 2020, 6:06 PM IST

নিউজ ডেস্ক, 29 ছেপ্টেম্বৰ : কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে শেহতীয়াকৈ নিয়াৰ অতিৰিক্ত তিনিটা শাখা স্থাপনত অনুমতি প্ৰদান কৰিছে ৷ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৰ শক্তি বৃদ্ধি কৰাৰ বাবেই তিনিখনকৈ ৰাজ্যৰ মুখ্যালয়ত এই তিনিটা শাখা কাৰ্য্যালয় স্থাপনত অনুমতি প্ৰদান কৰা হৈছে ৷

সেই অনুসৰি, ইম্ফল, চেন্নাই আৰু ৰাঁছীত এটাকৈ শাখা কাৰ্য্যালয় স্থাপন কৰিব নিয়াই ৷ নিয়াই প্ৰকাশ কৰা বিজ্ঞপ্তিত এই কথা প্ৰকাশ পাইছে ৷ সেই অনুসৰি, ভাৰত চৰকাৰে সন্ত্ৰাসবাদ বিৰোধী অভিযান তথা অনুসন্ধানত সংশ্লিষ্ট ৰাজ্যকেইখনত ব্যাপকভাৱে কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হ'ব বুলি কোৱা হৈছে ৷

সদ্যহাতে সমগ্ৰ দেশত নিয়াৰ 9টা শাখা আছে ৷ নতুন দিল্লীস্থিত বিশেষ মুখ্যালয়কে ধৰি গুৱাহাটী, মুম্বাই, জম্মু, কলকাতা, হায়দৰাবাদ, কোচিন, লক্ষ্নৌ, ৰায়পুৰ আৰু চণ্ডীগড়ত নিয়াৰ শাখা আছে ৷

উল্লেখযোগ্য যে, মণিপুৰ, তামিলনাডু আৰু ঝাৰখণ্ডত সন্ত্ৰাসমুলক কাৰ্যকলাপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল ৷ এনে অৱস্থাত আটাইকেইখন ৰাজ্যত নিয়াৰ শাখা স্থাপন কৰাটো লক্ষ্যনীয় বিবেচিত হৈছে ৷

লগতে পঢ়ক : পূৱ লাডাখত যুদ্ধ নহয়, শান্তিৰ পৰিৱেশঃ এয়াৰ চীফ মাৰ্শ্বাল ভাদুৰীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.