নিউজ ডেস্ক, 28 জুলাইঃ দেশৰ পৰা ক্ৰমান্বয়ে হ্ৰাস পাইছে নক্সালবাদৰ সৈতে জড়িত মাওবাদী সমস্যা ৷ ইটিভি ভাৰতৰ হাতত আহি পৰা তথ্য অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ "নেশ্বনেল পলিচি আৰু এক্সন প্লান, 2015"ৰ অন্তৰ্ভুক্তিৰ পিচতেই মাওবাদৰ সমস্যা বহু পৰিমানে হ্ৰাস পাইছে ৷ বিশেষকৈ মাও অধ্যূষিত অঞ্চলসমূহত নক্সালবাদ আৰু ইয়াৰ প্ৰভাৱ বহুগুণে হ্ৰাস পাইছে ৷
কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা "নেশ্বনেল পলিচি আৰু এক্সন প্লান, 2015"ৰ দ্বাৰা নক্সালবাদ অধ্যূষিত অঞ্চলসমূহত বাস কৰা স্থানীয় লোকসকলৰ সুৰক্ষা, উন্নয়ন, অধিকাৰ আৰু উপযোগীকৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে ৷
উল্লেখ্য যে, "মাওবাদ অধ্যূষিত জিলালৈ বিশেষ সহযোগিতা" নামে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা আঁচনিৰ দ্বাৰা বছৰি 1000কোটি টকা এইসমূহ অঞ্চলৰ গাঁথনিগত, অৰ্থনৈতিক, শৈক্ষিক আৰু সেৱাৰ বাবে প্ৰদান কৰা হয় ৷ শেহতীয়াকৈ নক্সালবাদ অধ্যূষিত অঞ্চলসমূহত এই আঁচনিৰ ব্যাপক প্ৰভাৱৰ ফলতেই হিংসাত্মক ঘটনা কমি আহিছে বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷