ETV Bharat / bharat

'এক ৰাষ্ট্ৰ এক ৰেচন' কাৰ্ড আঁচনি উন্মোচন যোগী আদিত্যনাথৰ - ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে শ্ৰমিকৰ সৈতে মত বিনিময়

যোগী আদিত্যনাথৰ 'এক ৰাষ্ট্ৰ এক ৰেচন' কাৰ্ড আঁচনি উন্মোচন ৷ মে' দিৱসৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী গৰাকীৰ 18 কোটি শ্ৰমিকৰ বাবে এই আঁচনি মুকলি কৰে ৷

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী
যোগী আদিত্যনাথ
author img

By

Published : May 1, 2020, 6:47 PM IST

Updated : May 1, 2020, 10:53 PM IST

নেশ্যনেল ডেস্ক, 1 মে : উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শুকুৰবাৰে প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে ৰেচন কাৰ্ড বিতৰণৰ দ্বিতীয় পৰ্যায় হিচাপে 'এক ৰাষ্ট্ৰ এক ৰেচন' কাৰ্ড আঁচনি উন্মোচন কৰে ৷ মে' দিৱসৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী গৰাকীয়ে 18 কোটি শ্ৰমিকৰ বাবে উত্তৰ প্ৰদেশত এই আঁচনি মুকলি কৰে ৷

এই আঁচনিৰ জৰিয়তে অন্য ৰাষ্ট্ৰৰ পৰা অহা শ্ৰমিকেও উত্তৰ প্ৰদেশত তেওঁলোকৰ কাৰ্ডৰ জৰিয়তে ৰেচন লাভ কৰিব পাৰিব ৷ আনহাতে, ৰেচন কাৰ্ড নথকা সকলেও খাদ্য লাভ কৰিব বুলি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷

এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে মুখ্য়মন্ত্ৰী গৰাকীয়ে কয় যে, ৰাজ্যত যথেষ্ট পৰিমাণে খাদ্য আছে আৰু কোনো লোক ভোকত থাকিব লগা নহয় ৷

শুকুৰবাৰে সন্ধিয়াৰ ভাগত আদিত্যনাথে শ্ৰমিকৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে মত বিনিয়ম কৰিব বুলিও জানিব পৰা গৈছে ৷

চৰকাৰৰ মুখপাত্ৰই জানিবলৈ দিয়া অনুসৰি, ৰাজ্য চৰকাৰে ইতিমধ্যেই প্ৰতিজন শ্ৰমিকলৈ 1000 টকাকৈ প্ৰদান কৰি 18 কোটি টকা খৰছ কৰিছে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অন্য ৰাজ্যত আৱদ্ধ হৈ থকা উত্তৰ প্ৰদেশৰ সকলো শ্ৰমিকক উদ্ধাৰ কৰা হ'ব ৷ ইয়াৰোপৰি, তেওঁলোকে উত্তৰ প্ৰদেশলৈ অনাৰ পাচত নিযুক্তি প্ৰদান কৰিবৰ বাবেও চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়া হয় ৷

Last Updated : May 1, 2020, 10:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.