ETV Bharat / bharat

মে’ দিৱসঃভাৰতত শ্ৰমিকৰ নাটনি আৰু লক্​ ডাউন - Centre for Monitoring Indian Economy (CMIE)

Centre for Monitoring Indian Economy (CMIE) য়ে প্ৰকাশ কৰা তথ্য অনুসৰি 22 মাৰ্চৰ শেষৰ সপ্তাহৰ তুলনাত 26 এপ্ৰিলৰ তথ্য মতে দেশত শ্ৰমিকৰ অংশীদাৰত্ব তুলনা মূলকভাৱে হ্ৰাস পাইছে ৷ লক্​ ডাউনৰ ঠিক আগে আগে 22 মাৰ্চৰ 42.6 শতাংশৰ বিপৰীতে 26 এপ্ৰিললৈ শ্ৰমিকৰ অংশীদাৰত্ব 35.4 শতাংশলৈ নিম্নগামী হয় ৷ এই তথ্যৰ হিচাপত লক্​ ডাউনৰ সময়ত ভাৰতবৰ্ষত 72 মিলিয়ন লোক কৰ্মহীন হয় ৷

May Day: India's labour crisis amid lockdown
শ্ৰমিকৰ নাটনি আৰু লক্​ ডাউন
author img

By

Published : May 1, 2020, 5:22 PM IST

হাইদৰাবাদ,1 মে’ঃ মে’ দিৱস ৷ বিশ্বৰ শ্ৰমিকসকলৰ অৱদান আৰু তেওঁলোকৰ কল্যাণ তথা ঐতিহাসিক পটভূমিত পহিলা মে’ ৰ দিনা মে’ দিৱস হিচাপে পালন কৰি অহা হৈছে ৷ কিন্তু চলিত বৰ্ষৰ মে’ দিৱস সাম্প্ৰতিক পৰিস্থিতিত সুকীয়া হৈ পৰিছে ৷ কিয়নো, কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত বিশ্বৰ অৰ্থনৈতিক পৰিস্থিতিৰ ফলত ইতিমধ্যে সংগঠিত খণ্ডকে ধৰি বিভিন্ন খণ্ডত জড়িত লোকসকলে কৰ্মস্থান হেৰুৱাবলগীয়া হৈছে ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ভাৰতকে ধৰি বিশ্বৰ দেশসমূহে লক্​ ডাউনৰ দৰে কঠোৰ স্থিতি গ্ৰহণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ফলত স্তব্ধ হৈ পৰিছে অৰ্থনৈতিক কাৰ্যকলাপ ৷ এইক্ষেত্ৰত বিশেষকৈ ক্ষতিগ্ৰস্ত হৈ পৰিছে দৈনিক শ্ৰম,মজুৰি কৰা শ্ৰমিকসকল ৷ বিভিন্ন উদ্যোগ,বিভিন্ন প্ৰতিষ্ঠান,নিৰ্মাণ খণ্ডকে ধৰি ৰেষ্টুৰেণ্ট আৰু অন্যান্য অ-সংগঠিত খণ্ডত কাম কৰি জীৱন নিৰ্বাহ কৰা বিভিন্ন পৰ্যায়ৰ প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে হেৰুৱাইছে সামাজিক নিৰাপত্তা তথা কৰ্মৰ সুযোগ ৷ অনাহাৰে দিন কটাবলগীয়া এই পৰিস্থিতিত লক্ষাধিক শ্ৰমিকে যান-বাহনৰ অভাৱত জীৱনৰ তাড়নাতে সহস্ৰাধিক মাইল খোজকাঢ়ি স্ব-গৃহ অভিমুখে ৰাওনা হৈছে ৷ এই সময়ছোৱাত এটা আশ্ৰয়স্থল আৰু পেটৰ ভোক গুচাবলৈ অকণ আহাৰৰ বাবে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে আনৰ মুখলৈ বাট চাই ৰ’বলগীয়া বা-বাতৰি সম্প্ৰচাৰিত হৈ আছে ৷ বিশিষ্ট লেখিকা অৰুন্ধতী ৰয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত লিখা এটা নিবন্ধত উল্লেখ কৰিছে-"ৰাসায়নিক বিক্ৰিয়াৰ দৰে কাম কৰি হঠাতে এটা সুপ্ত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ল....ধনিক শ্ৰেণী অথবা মধ্যমীয়া শ্ৰেণীয়ে বৰ-বৰ চহৰত,কলনীৰ গেটৰ মাজত আবদ্ধ হৈ পৰিল, তেওঁলোকৰ প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক অনাকাংক্ষিত ৰূপত বাহিৰলৈ ওলাই যাবলৈ দিয়া হ’ল"৷

শ্ৰমিক,যোগান ব্যৱস্থা আৰু লক্​ ডাউনৰ পৰিস্থিতিঃ

শ্ৰমিক,যোগান ব্যৱস্থা আৰু লক্​ ডাউনৰ পৰিস্থিতিৰ লগতে প্ৰব্ৰজনকাৰী শ্ৰমিকৰ প্ৰত্যাগমনে বজাৰ,উদ্যোগ খণ্ড,নিৰ্মাণ খণ্ড,ভঁৰালঘৰ,যাতায়াত আৰু বিতৰণ ব্যৱস্থা আদিত বাৰুকৈয়ে প্ৰভাৱ পেলালে ৷ ব্যৱসায়িক খণ্ডই নিজৰ কৰ্মক্ষেত্ৰত প্ৰয়োজনীয় শ্ৰমিকৰ তুলনাত কেৱল 20 শতাংশ শ্ৰমিকেৰে কক্​বকাই থাকিবলগীয়া হ’ল ৷ ক্ষতিগ্ৰস্ত হ’ল উৎপাদনক্ষম বহন ক্ষমতা ৷ দিল্লী চৰকাৰে অলপতে শ্ৰমিক ইউনিয়নসমূহক উল্লেখিত খণ্ডসমূহৰ বাবে পৰ্যাপ্ত শ্ৰমিক বিচাৰিবলৈ আহ্বান জনোৱা বিষয়টোৱে পৰিস্থিতিৰ ভয়াৱহতাক দাঙি ধৰে ৷

কৃষিখণ্ডত লক্​ ডাউনৰ প্ৰভাৱঃ

এই লক্​ ডাউনে কৃষিখণ্ডতো পেলাইছে ব্যাপক প্ৰভাৱ ৷ আন এক প্ৰকাশিত বাতৰি অনুসৰি পঞ্জাৱ আৰু হাৰিয়ানাত কৃষিখণ্ডত নিয়োজিত প্ৰায় 10 লাখ শ্ৰমিকৰ অভাৱ তথা প্ৰযুক্তিগত বিকল্পৰ অভাৱে কৃষকসকলক ধান খেতিৰ পৰিৱৰ্তে বিকল্প খেতিৰ ওপৰত মনোনিৱেশ কৰিবলৈ বাধ্য কৰাইছে ৷ কিয়নো, খাদ্য শস্য উৎপাদনৰ বাবে সৰ্বাধিক প্ৰয়োজন হয় শ্ৰমিকৰ ৷ কিন্তু লক্​ ডাউনৰ ফলত সহজলভ্য শ্ৰমিক ঘৰমুৱা হ’বলৈ বাধ্য হ’ল ৷ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংগঠনৰ সমীক্ষা মতে, 2011 বৰ্ষৰ পিয়ল অনুসৰি ভাৰতবৰ্ষত প্ৰায় 24 লাখ প্ৰব্ৰজনকাৰী শ্ৰমিকে কৃষিক্ষেত্ৰখনত নিয়োজিত হয় ৷

বজাৰৰ পুনৰ গঠন আৰু প্ৰব্ৰজনৰ ধাৰাঃ

লক্​ ডাউনৰ সাম্প্ৰতিক স্থিতিয়ে ভাৰতবৰ্ষত শ্ৰমিকৰ প্ৰব্ৰজনৰ ধাৰাটোৰ লগতে বজাৰ পুনঃগঠনৰ বিষয়টোক অনিশ্চিত কৰিব ৷ বিশেষজ্ঞ সকলে প্ৰকাশ কৰা মতে লক্​ ডাউন প্ৰত্যাহাৰ কৰাৰ পিছত প্ৰায়ভাগ প্ৰব্ৰজনকাৰী শ্ৰমিকে এটা নিৰ্দিষ্ট দুৰত্বত তথা নিৰাপদ স্থানত কম মজুৰি হ’লেও কাম কৰিবলৈ প্ৰস্তুত হ’ব ৷ ইপিনে, শ্ৰমিকৰ অভাৱৰ বাবে প্ৰভাৱিত হ’ব উৎপাদন খণ্ডসমূহ, যাৰ বাবে সামগ্ৰীৰ বজাৰ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ কিয়নো উৎপাদন খণ্ডই অধিক মজুৰীত স্থানীয় শ্ৰমিক নিয়োগ কৰিবলগীয়া হ’ব পাৰে ৷

লক্​ ডাউনৰ পূৰ্বৰ স্থিতিঃ

লক্​ ডাউন আৰম্ভ হোৱাৰ পূৰ্বেই দেশৰ নিবনুৱা সমস্যা অধিক হাৰত বৃদ্ধি পাইছিল ৷ কিন্তু সেই সময়ত সমালোচকসকলে পৰামৰ্শ আগবঢ়াইছিল যে, শ্ৰম-মজুৰীৰ ক্ষেত্ৰখনত লক্​ ডীউনে পৰিস্থিতি আৰু অধিক জটিল কৰি তুলিব ৷

Centre for Monitoring Indian Economy (CMIE) য়ে প্ৰকাশ কৰা তথ্য অনুসৰি 22 মাৰ্চৰ শেষৰ সপ্তাহৰ তুলনাত 26 এপ্ৰিলৰ তথ্য মতে দেশত শ্ৰমিকৰ অংশীদাৰত্ব তুলনা মূলকভাৱে হ্ৰাস পাইছে ৷ লক্​ ডাউনৰ ঠিক আগে আগে 22 মাৰ্চৰ 42.6 শতাংশৰ বিপৰীতে 26 এপ্ৰিললৈ শ্ৰমিকৰ অংশীদাৰত্ব 35.4 শতাংশলৈ নিম্নগামী হয় ৷ এই তথ্যৰ হিচাপত লক্​ ডাউনৰ সময়ত ভাৰতবৰ্ষত 72 মিলিয়ন লোক কৰ্মহীন হয় ৷

CMIE য়ে পুনৰ আঙুলিয়াই দিছে যে লক্​ ডাউনে কেৱল 72 মিলিয়ন লোককে কৰ্মহীন কৰা নাই,ইয়াৰ উপৰিও আন 85 মিলিয়ন লোকক বিকল্প কৰ্মস্থানৰ সন্ধানৰ বাবে বাধ্য় কৰাইছে ৷

ভাৰতত শ্ৰমিকঃ

শ্ৰমিক সংস্থাৰ তথ্য মতে ভাৰতবৰ্ষৰ মুঠ 46.5 কোটি কৰ্ম শক্তিৰ ভিতৰত 12 কোটিয়ে হৈছে প্ৰব্ৰজনকাৰী শ্ৰমিক ৷ ইয়াৰে গ্ৰামাঞ্চলৰ 25 শতাংশ আৰু নগৰ অঞ্চলৰ 12 শতাংশ পৰিয়ালে হৈছে অস্থায়ী শ্ৰমিকৰ ওপৰত নিৰ্ভৰশীল ৷ এওঁলোকৰ ভিতৰত নগৰাঞ্চলৰ 40 শতাংশ লোক নিয়মীয়া শ্ৰমিক যদিও তেওঁলোকৰ কৰ্ম সংস্থাপনৰ নিৰাপত্তা নাই ৷ নিয়মীয়া বেতনভোগী শ্ৰমিক সকলৰ নাই কোনো সামাজিক নিৰাপত্তাৰ লগতে স্বাস্থ্য সেৱাৰ নিৰাপত্তা ৷

Periodic Labour Force Survey (PLFS) ৰ 2017-18 বৰ্ষৰ ৰাষ্ট্ৰীয় তথ্য মতে দেশৰ 71 শতাংশ শ্ৰম শক্তিৰ নাই কোনো লিখিত চুক্তি, 54 শতাংশই নাপায় বেতনযুক্ত ছুটী আৰু গ্ৰামাঞ্চলৰ 57 শতাংশ তথা নগৰাঞ্চলৰ 80 শতাংশই দৈনিক 8 ঘণ্টাৰ অধিক কাম কৰিবলগীয়া হয় ৷ প্ৰতিবেদনত প্ৰকাশিত তথ্য মতে 52 শতাংশ শ্ৰম শক্তিয়ে হৈছে স্ব-নিয়োজিত ৷

লগতে চাওকঃ ভাৰতৰ COVID-19ৰ শেহতীয়া তথ্য !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.