ETV Bharat / bharat

নতুন ঘৰলৈ যাবলৈ নাপালে শ্বহীদ পালানীয়ে

চীনা সীমান্তত প্ৰাণ হেৰুওৱা তিনি গৰাকী শ্বহীদৰ ভিতৰৰ অন্যতম শ্বহীদ পালানীৰ পৰিয়ালে এই বৰ্ষৰ জানুৱাৰীত নতুন ঘৰ এটাত প্ৰৱেশ কৰিছিল । কিন্তু দুৰ্ভাগ্যজনকভাৱে এই নতুন ঘৰত প্ৰৱেশ কৰিব নোৱাৰিলে শ্বহীদ গৰীকয়ে ।

নতুন ঘৰলৈ যাবলৈ নাপালে শ্বহীদ পালানীয়ে
নতুন ঘৰলৈ যাবলৈ নাপালে শ্বহীদ পালানীয়ে
author img

By

Published : Jun 17, 2020, 2:05 AM IST

নিউজ ডেস্ক, 16 জুনঃ চীনা ভাৰতত সীমান্তত হোৱা উত্তপ্ত পৰিস্থিতিত প্ৰাণ হেৰুৱাইছিল তিনি গৰাকী ভাৰতীয় সেনা জোৱানে । শ্বহীদ এই তিনিগৰাকী সেনাৰ ভিতৰত অন্যতম আছিল পালানী । তামিলনাডুৰ ৰামানান্দুপৰমৰ বাসিন্দা আছিল শ্বহীদ সেনা জোৱানজন ।

শ্বহীদ পালানীৰ পৰিয়াল
শ্বহীদ পালানীৰ পৰিয়াল

22 বছৰ জুৰি ভাৰত মাতৃক সেৱা আগবঢ়াইছিল জোৱান জনে । পৰৱৰ্তী বছৰত অৱসৰ গ্ৰহণ কৰিলেহেতেন তেওঁ । কিন্তু সোমবাৰে নিশা চীনা সীমান্তত প্ৰাণ হেৰুৱাই জোৱানজনে ।

40 বছৰীয়া জোৱান জনৰ পৰিয়ালে এই বৰ্ষৰ জানুৱাৰীত নতুন ঘৰ এটাত প্ৰৱেশ কৰিছিল । সেই সময়ত পৰিয়ালৰ কাষত উপস্থিত নাছিল তেওঁ । তেওঁৰ পত্নীয়ে জনোৱা অনুসৰি তিনিদিন পূৰ্বে সীমান্তত পৰিৱেশ সুস্থিৰ হৈ অহা বুলি অৱগত কৰিছিল ।

কিন্তু জোৱানজনে নতুন ঘৰলৈ আহিবলৈ নাপালে । তেওঁৰ দৰমহাৰ টকাতেই নিৰ্ভৰ আছিল পৰিয়ালটো । তেওঁ দুটা সন্তান- দিব্য়(8) আৰু প্ৰসন্ন(10)ৰ লগতে পত্নীক এই সংসাৰত এৰি যায় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.