নিউজ ডেস্ক, ১৯ জুনঃ ৰাজধানী দিল্লীৰ কোভিড-১৯ হাস্পতালত ICU বিচনাৰ সংখ্যা সন্দৰ্ভত বৈঠকৰ আয়োজন কৰিছে উপমুখ্যমন্ত্ৰী মণীষ চিছ'ডিয়াই। শুকুৰবাৰে বিয়লিৰ ভাগত বিভাগীয় বিষয়াসকলৰ সৈতে আলোছনাত মিলিত হ'ব দিল্লী উপ-মুখ্যমন্ত্ৰীগৰাকী।
![Sisodia to hold meeting over ICU beds, Health Minister to join via video conference](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04:01:15:1592562675_sisodia_kvlsqs01592561110623-56_1906email_1592561122_790.jpg)
সম্প্ৰতি কোভিড-১৯ত আক্ৰান্ত হৈ হাস্পতালত চিকিৎসাধীন অৱস্থাত থকা দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সৈতেন্দ্ৰ জৈনেও ভিডিঅ' কনফাৰেঞ্চযোগে এই আলোচনাত অংশ ল'ব বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰে।
স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবচাইটত প্ৰকাশিত তথ্য অনুসৰি এইপৰ্যন্ত ৰাজধানী দিল্লীত ৪৯,৯৭৯ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। ইয়াৰে, ২৬,৬৬৯ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ২১,৩৪১ গৰাকীয়ে। আনহাতে,এই মহামাৰীৰ ফলত ১,৯৬৯ গৰাকী লোক মৃত্যুমুখত পৰিছে বুলি জানিব পৰা গৈছে।