নিউজ ডেস্ক, 27 ডিচেম্বৰ: আজি নিশা 9.50 বজাত হৰিৱৰ্তনম মন্ত্ৰোচ্চাৰণৰ পিছতেই এই মান্দালা পূজাৰ অন্ত পৰিব৷ লগতে মন্দিৰৰ দুৱাৰো বন্ধ কৰি দিয়া হ'ব ৷ 28 আৰু 29 ডিচেম্বৰতো বন্ধ কৰি ৰখা হ'ব সবৰিমালা মন্দিৰৰ দুৱাৰ ৷
30 ডিচেম্বৰত বিয়লি 5 বজাত মাকাৰাৱিলাকো উৎসৱত পুনৰ খুলি দিয়া হ'ব মন্দিৰৰ দুৱাৰ ৷ 2020 চনৰ 15 জানুৱাৰিত অনুষ্ঠিত হ'ব এই মাকাৰাৱিলাকো মহোৎসৱ ৷
সৱৰিমালা আয়াপ্পা মন্দিৰত এই মান্দালা পূজা অনুষ্ঠিত হয় ৷ মালায়ালাম ৱিৰশ্বিকাম মাহৰ পহিলা দিনৰ পৰাই এই পূজা আৰম্ভ হয় ৷
আৰু পঢ়ক: মালালা য়ুছুফজায়ীক বিশ্বৰ সবাটোকৈ প্ৰখ্যাত কিশোৰী হিচাপে ঘোষণা ৰাষ্ট্ৰসংঘৰ