ETV Bharat / bharat

দিল্লীত হাস্পতালত আত্মহত্যাৰ চেষ্টা কৰ'ণাৰ সন্দেহত চিকিৎসাধীন ব্যক্তিৰ - coronavirus

দিল্লীৰ হাস্পতালত কৰ'ণাত আক্ৰান্তৰ সন্দেহত চিকিৎসাধীন হৈ থকা ব্যক্তিৰ আত্মহত্যাৰ চেষ্টা । হাস্পতালৰ তৃতীয় মহলাৰ পৰা জাপ দিয়ে ৩৭ বছৰীয়া ব্যক্তিগৰাকীয়ে ।

দিল্লী
দিল্লীত হাস্পতালত আত্মহত্যাৰ চেষ্টা কৰ'ণাৰ সন্দেহত চিকি!সাধীন ব্যক্তি
author img

By

Published : Apr 5, 2020, 7:07 PM IST

নিউজ ডেস্ক, ৫ এপ্ৰিলঃ দিল্লীত কৰ'ণা ভাইৰাছৰ আক্ৰান্তৰ সন্দেহত কোৱাৰেনটাইন হৈ থকা এজন ব্যক্তিৰ আত্মহত্যা চেষ্টা । দেওবাৰে হাস্পতালৰ তৃতীয় মহলাৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰে বুলি জানিবলৈ দিয়ে দিল্লী আৰক্ষীয়ে ।

আত্মহত্যাৰ চেষ্টা চলোৱা ৩৭ বছৰীয়া ব্যক্তিজন বিগত ৩১ মাৰ্চত কৰ'ণাত আক্ৰান্তৰ সন্দেহত দিল্লীৰ লোক নায়ক জয় প্ৰকাশ নাৰায়ণ হাস্পতালত কোৱাৰেণ্টাইন হৈ আছিল ।

ব্যক্তিগৰাকীয়ে হাস্পতালৰ তৃতীয় মহলাৰ পৰা জাপ দিয়াৰ ফলতেই এখন ভৰিত গুৰুতৰভাৱে আঘাট পায় । চিকিৎসকে ব্যক্তিজনৰ কৰ'ণা ভাইৰাছৰ পৰীক্ষাৰ ৰিপৰ্টৰ বাবে বৰ্তমানেও অপেক্ষাৰত বুলি সদৰী কৰে ।

আনহাতে, হাস্পতালত আত্মহত্যা চেষ্টা চলোৱাৰ বাবেই চাঞ্চল্যৰ সৃষ্টি হৈছিল যদিও দিল্লী আৰক্ষীৰ উপস্থিতিত পৰিৱেশ শান্ত হয় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.