নিউজ ডেস্ক,৩ জুনঃ উত্তৰপ্ৰদেশত মঙলবাৰে চাঞ্চল্যকৰ আত্ম্যহতাৰ ঘটনা সংঘটিত হয়। এজন লোকে নিজৰ ভনী-জোঁৱায়েকক হত্যা কৰি নিজেই আত্মহত্যা কৰা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
ঘটনা অনুসৰি মহিলা গৰাকীৰ স্বামীৰ লগত কিছু মনোমালিন্য হৈছিল ।তাকে দেখি ককায়েকে সহ্য কৰিব পৰা নাছিল । কিছু দিনৰ আগতে ভনী-জোঁৱায়েকে ঘৰলৈ পঠাই দিছিল কাজিয়া লাগি। ভনীয়েকৰ লগত স্বামীৰ দুঃব্যৱহাৰ দেখি ৰাহুলে সহ্য কৰিব নোৱাৰি জোৱায়েকক হত্যা কৰি নিজেও আত্মহত্যা কৰে বুলি আৰক্ষীয়ে সদৰি কৰে ।
ইপিনে আৰক্ষীয়ে সমগ্ৰ ঘটনাতো পৰিয়াল জনিত কাৰণতে সংঘটিত হয় বুলি উল্লেখ কৰে । তথাপিও সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত আছে । ইতিমধ্যে দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
লগতে চাওকঃ স্খলিত মানৱতা আৰু এজনী গৰ্ভাৱতী হাতীৰ অপমৃত্যু !
লগতে পঢকঃ