নিউজ ডেস্ক, 22 জুন : বনকৰা কিশোৰীক যৌন আতিশায্য চলোৱাৰ অপৰাধত কোইম্বাটুৰৰ চুলুৰত আটক হৈছে এগৰাকী 59 বছৰ বয়সীয়া ব্যক্তি ৷ সাত বছৰ ধৰি এটা আবাসত পৰিচালনা কৰি আহিছিল ব্যক্তিগৰাকীয়ে ৷ জানিব পৰা মতে, অনাথ কিশোৰীগৰাকীক সম্পৰ্কীয় লোকে থৈ গৈছিল এই আবাসটোত ৷ কিন্তু চাৰি বছৰ পূৰ্বে ব্যক্তিগৰাকীয়ে আবাসটো বন্ধ কৰি তাত থকা শিশু সকলক পৰিয়ালৰ হাতত গটাই দিয়ে ৷ অৱশ্যে ভুক্তভোগী কিশোৰীগৰাকীক যাবলৈ দিয়া নাছিল তেওঁ ৷ তাৰ পৰিৱৰ্তে নিজগৃহত বনকৰা ছোৱালী হিচাপে নিয়োগ কৰিছিল কিশোৰীগৰাকীক ৷
বিগত কেইবাদিনো ধৰি বৰ্বৰোচিতভাৱে কিশোৰীগৰাকীৰ ওপৰত যৌন আতিশায্য চলাই আহিছিল এই ব্যক্তিগৰাকীয়ে ৷ ভুক্তভোগী কিশাৰীগৰাকীয়ে পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰি সকলো ঘটনা বিবৰি কয় ৷ তাৰ পাচতেই কিশোৰীৰ পৰিয়ালৰ লোকে শিসু সুৰক্ষা বিভাগ আৰু আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ব্যক্তি গৰাকীক আটক কৰাৰ লগতে কিশোৰী গৰাকীক উদ্ধাৰ কৰে ৷
লগতে পঢ়ক : কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অপৰাধত আটক দুই নাবালক