ETV Bharat / bharat

পশ্চিমবংগত IMCTৰ উপস্থিতি সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ মমতা বেনাৰ্জীৰ

author img

By

Published : Apr 21, 2020, 12:02 AM IST

কেন্দ্ৰীয় চৰকাৰলৈ মমতা বেনাৰ্জীৰ পত্ৰ প্ৰেৰণ ৷ IMCT ৰ উপস্থিতি সম্পৰ্কত পূৰ্বে নজনোৱা বাবে অসন্তুষ্টি প্ৰকাশ মমতাৰ ৷

কেন্দ্ৰীয় চৰকাৰলৈ মমতা বেনাৰ্জীৰ পত্ৰ প্ৰেৰণ
মমতা বেনাৰ্জী

নেশ্যনেল ডেস্ক, 20 এপ্ৰিল : COVID-19 ৰ শেহতীয়া পৰিস্থিতিৰ তথ্য় সংগ্ৰহৰ বাবে পশ্চিমবংগত উপস্থিত হোৱা Inter Ministerial Central Teams (IMCTs) সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে পূৰ্বে কোনো জাননী প্ৰেৰণ নকৰা বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সোমবাৰে কেন্দ্ৰীয় চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে ৷

এই পত্ৰত তেওঁ লিখে যে, এই সম্পৰ্কত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে তেওঁৰ সৈতে বিয়লি 1 বজাতহে আলোচনা কৰে, কিন্তু কেন্দ্ৰীয় চৰকাৰৰ এই দলটো পুৱা 10.10 বজাতে কলিকতাত উপস্থিত হয় ৷ ইয়াৰোপৰি, দলটো উপস্থিত হোৱাৰ 30 মিনিট পূৰ্বেহে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা নিৰ্দেশ তেওঁ লাভ কৰিছে ৷ পত্ৰৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতাক শলাগ জনালেও দলটোৰ উপস্থিতি সম্পৰ্কত পূৰ্বে নজনোৱাৰ বাবে প্ৰটকল ভংগ কৰা বুলি মন্তব্য আগবঢ়াইছে মমতাই ৷

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি কলিকতাত উপস্থিত হোৱা দলটোৱে ৰাজ্যিক চৰকাৰক সকলো ধৰণৰ সা-সুবিধাৰ বাবে যোগাযোগ কৰিব লাগিছিল যদিও দলটোৱে BSF আৰু SSB ৰ সহায়েৰেহে অঞ্চলসমূহ ভ্ৰমণ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.