ETV Bharat / bharat

প্ৰথমে বুনিয়াদী শিক্ষাৰ ভেটি সুদৃঢ় কৰক - বুনিয়াদী শিক্ষা

নতুন শিক্ষা নীতিয়ে নিৰ্ধাৰণ কৰা শিক্ষাৰ ভেটি সুদৃঢ় কৰণৰ এই লক্ষ্যৰ ওপৰত গুৰুত্ব দি কেন্দ্ৰই তেওঁলোকৰ কৰ্মসূচী প্ৰস্তুত কৰি ৰাজ্যসমূহলৈ প্ৰেৰণ কৰিব লাগে আৰু বুনিয়াদী শিক্ষাৰ ভেটি সুদৃঢ় কৰাৰ বাবে নিজৰ কাৰ্যপন্থা গ্ৰহণ কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰে এতিয়া অতি সোনকালে নতুন শিক্ষানীতিৰ খচৰা খন সংসদত গ্ৰহণ কৰিব লাগে আৰু ইয়াৰ পৰামৰ্শ সমূহ গ্ৰহণ কৰিব লাগে।ৰাজ্যসমূহক কাম কৰিবলৈ পইচা আৰু স্বাধীনতা দি বুনিয়াদী শিক্ষাৰ ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ নিজৰ নিজৰ ৰাজ্যত নিৰ্দিষ্ট সময় ভিত্তিত ৰণকৌশল প্ৰস্তুত কৰিব লাগে ।

প্ৰথমে বুনিয়াদী শিক্ষাৰ ভেটি সুদৃঢ় কৰক

author img

By

Published : Feb 6, 2020, 2:49 PM IST

বিশ বছৰৰ আগতে যেতিয়া চৰকাৰে সৰ্বশিক্ষা অভিযান আৰম্ভ কৰিছিল প্ৰতি পাঁচ জন শিশুৰ এজনে প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰা নাছিল । আজি প্ৰায় 99% আমাৰ শিশুৱে বিদ্যালয়ত নামভৰ্ত্তি কৰিছে যিটো অতি গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আৰু যি শিক্ষাৰ উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত প্ৰথমটো খোজ । কিন্ত দুৰ্ভাগ্যজনক কথাটো হ'ল বিদ্যালয়ত নামভৰ্ত্তি কৰাৰ কথাই কাম্য ফলাফল সুনিশ্চিত কৰিব পৰা নাই । এইটো ইতিমধ্যেই প্ৰতিষ্ঠিত সত্য যে যাৰ বুনিয়াদী শিক্ষাৰ ভেটি সুদৃঢ় নহয় তেওঁলোকে পিছত উচ্চ পৰ্যায়ত শিক্ষা গ্ৰহণ কৰাত অসুবিধাৰ সন্মুখীন হয় আৰু শেষত শিক্ষা ব্যৱস্থাৰ পৰা নিজৰ নাম কৰ্তন কৰিবলৈ বাধ্য হয় । গুণগত শিক্ষা বিশেষকৈ বুনিয়াদী শিক্ষাৰ সুদৃঢ় ভেটি মানৱ সম্পদ আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ । ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ খচৰা( NEP) যি নেকি প্ৰায় 30 বছৰৰ পিছত উন্নীতকৰণ কৰা হৈছে, শিশুৰ প্ৰাথমিক শিক্ষা আৰু সুদৃঢ় বুনিয়াদী শিক্ষাৰ অভাৱ আজিৰ সময়ত শিক্ষণৰ ক্ষেত্ৰত সন্মুখীন হোৱা আটাইতকৈ জটিল প্ৰত্যাহ্বান বুলি বিবেচনা কৰিছে। নতুন শিক্ষা নীতিয়ে কৈছে, “ সকলোৰে বুনিয়াদী শিক্ষাৰ ভেটি সুদৃঢ় কৰণ আৰু 2025 চন পৰ্যন্ত সাংখ্যিক জ্ঞান বৃদ্ধি কৰি প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ উন্নীতকৰণ আমাৰ প্ৰধান লক্ষ্য হোৱা উচিত । যদি এই প্ৰধান লক্ষক গুৰুত্ব দি প্ৰথম পৰ্যায়তে লিখা, পঢ়া আৰু সংখ্যাৰ জ্ঞান সুদৃঢ় কৰা নহয় তেন্তে আমাৰ বাকী সন্নিৱিষ্ট কৰা নীতি সমূহ অৰ্থহীন হৈ পৰিব ।"

Make Strong the foundation of Primary Education
বুনিয়াদী শিক্ষাৰ উৎকৰ্ষ সাধন ভাৰতৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয়

নতুন শিক্ষা নীতিয়ে নিৰ্ধাৰণ কৰা শিক্ষাৰ ভেটি সুদৃঢ় কৰণৰ এই লক্ষ্যৰ ওপৰত গুৰুত্ব দি কেন্দ্ৰই তেওঁলোকৰ কৰ্মসূচী প্ৰস্তুত কৰি ৰাজ্যসমূহলৈ প্ৰেৰণ কৰিব লাগে আৰু বুনিয়াদী শিক্ষাৰ ভেটি সুদৃঢ় কৰাৰ বাবে নিজৰ কাৰ্যপন্থা গ্ৰহণ কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰে এতিয়া অতি সোনকালে নতুন শিক্ষানীতিৰ খচৰা খন সংসদত গ্ৰহণ কৰিব লাগে আৰু ইয়াৰ পৰামৰ্শ সমূহ গ্ৰহণ কৰিব লাগে।ৰাজ্যসমূহক কাম কৰিবলৈ পইচা আৰু স্বাধীনতা দি বুনিয়াদী শিক্ষাৰ ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ নিজৰ নিজৰ ৰাজ্যত নিৰ্দিষ্ট সময় ভিত্তিত ৰণকৌশল প্ৰস্তুত কৰিব লাগে । প্ৰথমতেই সকলো শিশুৱে তৃতীয় শ্ৰেণী পৰ্যন্ত পঢ়িবলৈ শিকিব লাগে কাৰণ ই হৈছে সমগ্ৰ জীৱনৰ শিক্ষাৰ ভেটি। কেন্দ্ৰীয় স্কোৱেৰ ফাউণ্ডেশ্যনৰ "Siksha ki ABC" অৰ্থাৎ শিক্ষাৰ অ, আ, ক, খ শীৰ্ষক কাৰ্যসূচীত অভিভাৱক সকলক এইটো কথা সুনিশ্চিত কৰিবলৈ আহ্বান জনোৱা হয় যাতে তেওঁলোকৰ সন্তানে তৃতীয় শ্ৰেণী পৰ্যন্ত পঢ়িব পৰা হৈ উঠে। বুনিয়াদী শিক্ষাৰ ভেটি সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ জৰিয়তে শিক্ষাবিদ সকলৰ শিক্ষণ সম্পৰ্কে দিয়া পৰামৰ্শ সমূহ গ্ৰহণ কৰি কেতবোৰ স্বতন্ত্ৰ গোট গঠন কৰিব লাগে যি বিভিন্ন পৰ্যায়ত এই কাৰ্যসূচীৰ মূল্যায়ন কৰিব পাৰে। বিশ্বাসযোগ্য আৰু তুলনামূলকভাৱে গণনাযোগ্য পৰিসংখ্যা উপলব্ধ হব লাগে যাতে নীতি, লক্ষ্য,বাজেট আৰু সকলো প্ৰাধিকাৰীৰ বিষয়সমূহ সঠিকভাৱে নিয়মীয়াকৈ চকু দিব পৰা যায় ।

বুনিয়াদী শিক্ষাৰ ভেটি দুৰ্বল হোৱাটোৱে প্ৰান্তীয় সকলক সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত কৰে কিয়নো তেওঁলোকে গুণগত শিক্ষাৰ নোপোৱাত এই ক্ষতি পিছৰ পৰ্যায়ত পূৰণ কৰিবলৈ সক্ষম নহয় । ভাৰতৰ 65% লোক গাঁও অঞ্চলত বাস কৰে যত পৰিকাঠামোৰ অভাৱ । ৰাষ্ট্ৰীয় পৰ্যায়ত শিক্ষকৰ, প্ৰধান শিক্ষকৰ , পৰিচালনাৰ, আৰু জিলা আৰু ৰাজ্য পৰ্যায়ৰ বিষয়া সমূহৰ নিৰ্দিষ্ট লক্ষ্যৰ অভাৱ যাৰ ফলত তেওঁলোকৰ কামৰ সঠিক মূল্যাংকন সম্ভৱ নহয় । প্ৰত্যাহ্বানতো হ'ল গুণগত শিক্ষা দিয়াত আমি দুৰ্বল আৰু একেসময়তে বহু কথাত গুৰুত্ব দিব পৰাকৈ আমাৰ হাতত সম্পদ নাই । আমাৰ বিদ্যালয়ৰ পাঠ্যক্ৰম ছাত্ৰ ছাত্ৰীৰ প্ৰদৰ্শিতাৰ লগত নিমিলে । সমগ্ৰ শিক্ষা ব্যৱস্থাতো কৌতুহল বৃদ্ধি আৰু সমস্যা সমাধানৰ দিশত অগ্ৰসৰ হোৱাটো প্ৰয়োজনীয় । নতুন শিক্ষা নীতিয়ে সকলো 3ৰ পৰা 6 বছৰৰ ল'ৰা ছোৱালীক 2025 চন পৰ্যন্ত গুণগত প্ৰাথমিক শিক্ষা সুনিশ্চিত কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে। ৰাজ্য আৰু জিলা সমূহৰ প্ৰয়োজনপূৰণ কৰিব পৰাকৈ কেন্দ্ৰীয়ভাৱে শ্ৰেণী পৰিচালনাৰ প্ৰশিক্ষণ আৰু শিক্ষণৰ পদ্ধতিগতভাৱে গুণগত মান পৰিৱৰ্তন কৰিলেহে আমি এই লক্ষ্যত উপনীত হ'ম ।

সমগ্ৰ বিশ্বতে নেতৃত্ব দিয়াৰ ক্ষেত্ৰত বুনিয়াদী শিক্ষাৰ উৎকৰ্ষ সাধন ভাৰতৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয় । নতুন শিক্ষা নীতিয়ে সঠিকভাবে উপলব্ধি কৰিছে যে শিক্ষাৰ ভেটি সুদৃঢ়কৰণে বিভিন্ন সুবিধা যেনে আয় বৃদ্ধি , সু-স্বাস্থ্য , পৰিষ্কাৰ-পৰিচ্ছন্নতা, সুৰক্ষা আদিৰ পথ প্ৰসস্ত কৰিব পাৰে । নিজৰ ল'ৰা ছোৱালীৰ আৰু ভৱিষ্যতৰ বাবে ভাৰতে কৰিব পৰা এইটো আটাইতকৈ উত্তম বিনিয়োগ । ৰাজনৈতিক সদিচ্ছা, সকলোৰে অংশগ্ৰহণ আৰু সাধাৰণ জনতাৰ সজাগতাৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত বুনিয়াদী শিক্ষাৰ ভেটি সুদৃঢ়কৰণক গুৰুত্ব দিব পাৰি । নামভৰ্ত্তি, পাঠ্যক্ৰম সম্পূৰ্ণ কৰা আৰু পৰীক্ষাত উত্তীৰ্ণ হোৱা শতাংশৰ ওপৰত নিৰ্ভৰ কৰি আমি আমাৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত বন্ধকত ৰাখিব নোৱাৰো । যিয়েই নহওক আজিৰ প্ৰথমিকৰ ছাত্ৰ ছাত্ৰীযে অহা দশকটোত কৰ্মদান কৰা শক্তি হ'ব আৰু এই শক্তিৰ পৰা অৰ্থনৈতিক লাভ পাবৰ কাৰণে আমাক এটা সুদৃঢ় ভেটিৰ প্ৰয়োজন ।

শেহতীয়া বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে দৰিদ্ৰ আৰু মধ্যম অৱস্থাৰ দেশসমূহৰ 53% ল'ৰা ছোৱালীয়েই শিক্ষণৰ দৰিদ্ৰতাত ভুগিছে আৰু তেওঁলোক 10 বছৰ পৰ্যন্তলৈকে সাধাৰণ পাঠ্যপুথিও পঢ়িবলৈ আৰু বুজিবলৈ অপাৰগ । এইটো প্ৰতিহত কৰিবই বিশ্ব বেংকে শিক্ষণৰ দৰিদ্ৰতা এইটো দশকৰ ভিতৰতে আধা হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । ভাৰতৰ বাবে ই এক প্ৰত্যাহ্বানপূৰ্ণ লক্ষ্য কিন্তু নতুন শিক্ষা নীতিৰ খচৰাই এই লক্ষ্য পূৰণৰ দিশত সঠিক পথৰ সন্ধান দিব পাৰে ।

লগতে চাওকঃ মাৰণাস্ত্ৰ পৰিহাৰ কৰি কৃষিত নিয়োজিত আলফা কেডাৰ!

Intro:Body:

নতুন শিক্ষা নীতিয়ে নিৰ্ধাৰণ কৰা শিক্ষাৰ ভেটি সুদৃঢ় কৰণৰ এই লক্ষ্যৰ ওপৰত গুৰুত্ব দি কেন্দ্ৰই তেওঁলোকৰ কৰ্মসূচী প্ৰস্তুত কৰি ৰাজ্যসমূহলৈ প্ৰেৰণ কৰিব লাগে আৰু বুনিয়াদী শিক্ষাৰ ভেটি সুদৃঢ় কৰাৰ বাবে নিজৰ কাৰ্যপন্থা গ্ৰহণ কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰে এতিয়া অতি সোনকালে নতুন শিক্ষানীতিৰ খচৰা খন সংসদত গ্ৰহণ কৰিব লাগে আৰু ইয়াৰ পৰামৰ্শ সমূহ গ্ৰহণ কৰিব লাগে।ৰাজ্যসমূহক কাম কৰিবলৈ পইচা আৰু স্বাধীনতা দি বুনিয়াদী শিক্ষাৰ ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ নিজৰ নিজৰ ৰাজ্যত নিৰ্দিষ্ট সময় ভিত্তিত ৰণকৌশল প্ৰস্তুত কৰিব লাগে । প্ৰথমতেই সকলো শিশুৱে তৃতীয় শ্ৰেণী পৰ্যন্ত পঢ়িবলৈ শিকিব লাগে কাৰণ ই হৈছে সমগ্ৰ জীৱনৰ শিক্ষাৰ ভেটি। কেন্দ্ৰীয় স্কোৱেৰ ফাউণ্ডেশ্যনৰ "Siksha ki ABC" অৰ্থাৎ শিক্ষাৰ অ, আ, ক, খ শীৰ্ষক কাৰ্যসূচীত অভিভাৱক সকলক এইটো কথা সুনিশ্চিত কৰিবলৈ আহ্বান জনোৱা হয় যাতে তেওঁলোকৰ সন্তানে তৃতীয় শ্ৰেণী পৰ্যন্ত পঢ়িব পৰা হৈ উঠে। বুনিয়াদী শিক্ষাৰ ভেটি সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ জৰিয়তে শিক্ষাবিদ সকলৰ শিক্ষণ সম্পৰ্কে দিয়া পৰামৰ্শ সমূহ গ্ৰহণ কৰি কেতবোৰ স্বতন্ত্ৰ গোট গঠন কৰিব লাগে যি বিভিন্ন পৰ্যায়ত এই কাৰ্যসূচীৰ মূল্যায়ন কৰিব পাৰে। বিশ্বাসযোগ্য আৰু তুলনামূলকভাৱে গণনাযোগ্য পৰিসংখ্যা উপলব্ধ হব লাগে যাতে নীতি, লক্ষ্য, বাজেট আৰু সকলো প্ৰাধিকাৰীৰ বিষয়সমূহ সঠিকভাৱে নিয়মীয়াকৈ চকু দিব পৰা যায় ।

বুনিয়াদী শিক্ষাৰ ভেটি দুৰ্বল হোৱাটোৱে প্ৰান্তীয় সকলক সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত কৰে কিয়নো তেওঁলোকে গুণগত শিক্ষাৰ নোপোৱাত এই ক্ষতি পিছৰ পৰ্যায়ত পূৰণ কৰিবলৈ সক্ষম নহয় । ভাৰতৰ 65% লোক গাঁও অঞ্চলত বাস কৰে যত পৰিকাঠামোৰ অভাৱ । ৰাষ্ট্ৰীয় পৰ্যায়ত শিক্ষকৰ, প্ৰধান শিক্ষকৰ , পৰিচালনাৰ, আৰু জিলা আৰু ৰাজ্য পৰ্যায়ৰ বিষয়া সমূহৰ নিৰ্দিষ্ট লক্ষ্যৰ অভাৱ যাৰ ফলত তেওঁলোকৰ কামৰ সঠিক মূল্যাংকন সম্ভৱ নহয় । প্ৰত্যাহ্বানতো হ'ল গুণগত শিক্ষা দিয়াত আমি দুৰ্বল আৰু একেসময়তে বহু কথাত গুৰুত্ব দিব পৰাকৈ আমাৰ হাতত সম্পদ নাই । আমাৰ বিদ্যালয়ৰ পাঠ্যক্ৰম ছাত্ৰ ছাত্ৰীৰ প্ৰদৰ্শিতাৰ লগত নিমিলে । সমগ্ৰ শিক্ষা ব্যৱস্থাতো কৌতুহল বৃদ্ধি আৰু সমস্যা সমাধানৰ দিশত অগ্ৰসৰ হোৱাটো প্ৰয়োজনীয় । নতুন শিক্ষা নীতিয়ে সকলো 3ৰ পৰা 6 বছৰৰ ল'ৰা ছোৱালীক 2025 চন পৰ্যন্ত গুণগত প্ৰাথমিক শিক্ষা সুনিশ্চিত কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে। ৰাজ্য আৰু জিলা সমূহৰ প্ৰয়োজনপূৰণ কৰিব পৰাকৈ কেন্দ্ৰীয়ভাৱে শ্ৰেণী পৰিচালনাৰ প্ৰশিক্ষণ আৰু শিক্ষণৰ পদ্ধতিগতভাৱে গুণগত মান পৰিৱৰ্তন কৰিলেহে আমি এই লক্ষ্যত উপনীত হ'ম ।

সমগ্ৰ বিশ্বতে নেতৃত্ব দিয়াৰ ক্ষেত্ৰত বুনিয়াদী শিক্ষাৰ উৎকৰ্ষ সাধন ভাৰতৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয় । নতুন শিক্ষা নীতিয়ে সঠিকভাবে উপলব্ধি কৰিছে যে শিক্ষাৰ ভেটি সুদৃঢ়কৰণে বিভিন্ন সুবিধা যেনে আয় বৃদ্ধি , সু-স্বাস্থ্য , পৰিষ্কাৰ-পৰিচ্ছন্নতা, সুৰক্ষা আদিৰ পথ প্ৰসস্ত কৰিব পাৰে । নিজৰ ল'ৰা ছোৱালীৰ আৰু ভৱিষ্যতৰ বাবে ভাৰতে কৰিব পৰা এইটো আটাইতকৈ উত্তম বিনিয়োগ । ৰাজনৈতিক সদিচ্ছা, সকলোৰে অংশগ্ৰহণ আৰু সাধাৰণ জনতাৰ সজাগতাৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত বুনিয়াদী শিক্ষাৰ ভেটি সুদৃঢ়কৰণক গুৰুত্ব দিব পাৰি । নামভৰ্ত্তি, পাঠ্যক্ৰম সম্পূৰ্ণ কৰা আৰু পৰীক্ষাত উত্তীৰ্ণ হোৱা শতাংশৰ ওপৰত নিৰ্ভৰ কৰি আমি আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত বন্ধকত ৰাখিব নোৱাৰো । যিয়েই নহওক আজিৰ প্ৰথমিকৰ ছাত্ৰ ছাত্ৰীযে অহা দশকটোত কৰ্মদান কৰা শক্তি হ'ব আৰু এই শক্তিৰ পৰা অৰ্থনৈতিক লাভ পাবৰ কাৰণে আমাক এটা সুদৃঢ় ভেটিৰ প্ৰয়োজন ।

শেহতীয়া বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে দৰিদ্ৰ আৰু মধ্যম অৱস্থাৰ দেশসমূহৰ 53% ল'ৰা ছোৱালীয়েই শিক্ষণৰ দৰিদ্ৰতাত ভূগিছে আৰু তেওঁলোক  10 বছৰ পৰ্যন্তলৈকে সাধাৰণ পাঠ্যপুথিও পঢ়িবলৈ আৰু বুজিবলৈ অপাৰগ । এইটো প্ৰতিহত কৰিবই বিশ্ব বেংকে শিক্ষণৰ দৰিদ্ৰতা এইটো দশকৰ ভিতৰতে আধা হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । ভাৰতৰ বাবে ই এক প্ৰত্যাহ্বানপূৰ্ণ লক্ষ্য কিন্তু নতুন শিক্ষা নীতিৰ খচৰাই এই লক্ষ্য পূৰণৰ দিশত সঠিক পথৰ সন্ধান দিব পাৰে । 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.