ETV Bharat / bharat

প্ৰসংগ ভাৰত-চীনঃ মেজৰ জেনেৰেল আৰু ডিভিজনেল কমাণ্ডাৰ পৰ্যায়ৰ বিষয়াৰ বৈঠক

author img

By

Published : Jun 19, 2020, 7:36 PM IST

Updated : Jun 19, 2020, 9:43 PM IST

ভাৰতীয় সৈন্যৰ মেজৰ জেনেৰেল আৰু PLA ৰ ডিভিজনেল কমাণ্ডাৰৰ মাজত হোৱা বৈঠকখনৰ ইতিমধ্যে সামৰণি পৰে ৷ বিভাগীয় কামাণ্ডৰসকলৰ মাজত অব্যাহত থকা আলোচনাত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই ৷ প্ৰকৃততে, পৰৱৰ্তী সময়ত কোনো ধৰণৰ সামৰিক আলোচনা হোৱাৰ সম্ভৱনা নাই বুলিও বিশেষ সূত্ৰৰ জৰিয়তে জানিব পৰা গৈছে ৷

India China war
মেজৰ জেনেৰেল আৰু ডিভিজনেল কমাণ্ডাৰ পৰ্যায়ৰ বিষয়াৰ বৈঠক

নিউজ ডেস্ক, 19 জুনঃ সোমবাৰে নিশা গালৱান উপত্যকাত চীন ভাৰতৰ ৰক্তাক্ত সংঘৰ্ষৰ পাছত ভাৰতীয় সৈন্যৰ মেজৰ জেনেৰেল আৰু PLA ৰ ডিভিজনেল কমাণ্ডাৰ পৰ্যায়ৰ বিষয়াৰ সৈতে বিগত তিনিদিনে জৰুৰী বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত কেইটামান জৰুৰীকালীন বিষয় আলোচনা কৰা হয় ৷ লগতে এই বৈঠক বৃহস্পতিবাৰে শেষ হ'ব পাৰে বুলি ইটিভি ভাৰতক বিশেষ সূত্ৰই জানিবলৈ দিয়ে ৷

এই বৈঠকত PLA ৰ হিংসাত্মক ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা হয় ৷ উল্লেখ্য যে,সোমবাৰে নিশা গালৱান উপত্যকাত উপস্থিত থকা ভাৰতীয় সৈন্যই অস্ত্ৰ থকা স্বত্বেও ব্যৱহাৰ কৰা নাছিল যদিও ইয়াৰ বিপৰীতে চীনা সেনাই শিলৰ অস্ত্ৰৰ (stud-spiked)লগতে বিভিন্ন অস্ত্ৰৰে ভাৰতীয় সৈন্যৰ ওপৰত প্ৰহাৰ কৰিছিল ৷

ভাৰতীয় সৈন্যৰ মেজৰ জেনেৰেল আৰু PLA ৰ ডিভিজনেল কমাণ্ডাৰৰ মাজত হোৱা বৈঠকখনৰ ইতিমধ্যে সামৰণি পৰে ৷ বিভাগীয় কামাণ্ডৰসকলৰ মাজত অব্যাহত থকা আলোচনাত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই ৷ প্ৰকৃততে,পৰৱৰ্তী সময়ত কোনো ধৰণৰ সামৰিক আলোচনা হোৱাৰ সম্ভাৱনা নাই বুলিও বিশেষ সূত্ৰৰ জৰিয়তে জানিব পৰা গৈছে ৷

প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত দুই পক্ষৰ সৈন্যৰ মাজত হোৱা হতাহতিয়ে এই সামৰিক আলোচনাৰ বিষয় ৷ 10 মে'ত উত্তৰ ছিক্কিমত, 4-5 মে'ত লাডাখৰ পাংগঙত হ্ৰদত বিবাদত লিপ্ত হোৱা পৰিলক্ষিত হৈছিল যদিও সোমবাৰে গালৱান উপত্যকাৰ নিশাটো অতি ভয়াৱহ আছিল ৷

লগতে পঢ়কঃ ১০০ বছৰ জীয়াই থাকিব পৰা ড্ৰেগনৰ পোৱালী ক'ত ?

গালৱান উপত্যকাৰ পেট্ৰ'ল পাম্পৰ সমীপত দুই পক্ষ সামৰিক আলোচনাত মিলিত হোৱা বুলি জানিব পৰা গৈছে ৷ এই স্থানতে সেই ভয়াৱহ যুঁদ্ধত লিপ্ত হৈছিল ভাৰত আৰু চীনা সৈন্য ৷ জানিব পৰা মতে, PP 14 অতি গুৰুত্বপূৰ্ণ স্থান লগতে ইয়াৰ তলেৰে বৈ গৈছে গালৱান নদী ৷ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি সোমবাৰে নিশা দুই দেশৰ সৈন্য যুদ্ধত লিপ্ত হোৱাৰ পাছত বহু সৈন্য গালৱান নদীত উটি গৈছিল ৷

শেহতীয়া পৰিস্থিতিত প্ৰশিক্ষণ প্ৰাপ্ত ভাৰতীয় সৈন্য সকলক অস্ত্ৰ তুলি লোৱাৰ পৰা বিৰত থকাৰ লগতে নিৰ্দেশসমূহ পালন কৰিবলৈ আদেশ দিয়া হৈছে ৷ ভাৰত চীন সীমান্তৰ বিবাদৰ ক্ষেত্ৰত প্ৰদান কৰা আইন অনুসৰি,প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ দায়িত্বত থকা দুই পক্ষৰ জোৱানে কোনো ধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰে ৷ লগতে নিয়ন্ত্ৰণ ৰেখাৰ দুই কিলোমিটাৰ আতৰতে জোৱানসকলে নিজৰ অস্ত্ৰসমূহ ৰাখিব লাগে ৷

অতি পৰিতাপৰ বিষয় যে,সোমবাৰে চীনা সৈন্যৰ গুলিত নিহত হোৱা 20 জন জোৱানসহ কামাণ্ডিং অফিচাৰ কৰ্ণেল বি সন্তোষ PLAৰ সৈতে হোৱা শান্তিপূৰ্ণ সামৰিক আলোচনাৰ অংশ আছিল ৷ লগতে সেই নিশা বহু সংখ্যক জোৱান গুৰুতৰভাৱে আহত হৈছিল ৷

আনহাতে,ইয়াৰ মাজতে উভয় পক্ষৰ জোৱানসকলক সন্মুখৰ লগতে পাছৰ ফালেও মোতায়েন কৰা হৈছে ৷ এই ক্ষেত্ৰত ভাৰত চৰকাৰ ভাৰত-চীন সীমান্ত বিশেষজ্ঞ বাহিনীৰ লগতে ITBPক সতৰ্কতা অৱলম্বন কৰাৰ লগতে সীমান্তত চীনা সৈন্যৰ গতি-বিধিৰ ওপৰটো চোকা দৃষ্টি ৰখাৰ নিৰ্দেশ দিছে ৷

লগতে চাওকঃ ৪৬ গৰাকী বিদেশী নাগৰিকৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ চাৰ্জশ্বীট দাখিল

Last Updated : Jun 19, 2020, 9:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.