ETV Bharat / bharat

দিল্লীৰ টবলিগিৰ দৰে ভয়াবহ ঘটনাৰ পৰা ৰক্ষা পৰিল মহাৰাষ্ট্ৰ - মহাৰাষ্ট্ৰৰ পালগড়ত অনুষ্ঠিত হোৱাৰ কথা আছিল টবলিগি জামাত

বিগত মাহত মহাৰাষ্ট্ৰৰ পালগড়ত অনুষ্ঠিত হোৱাৰ কথা আছিল টবলিগি জামাত । স্থানীয় আৰক্ষীয়ে প্ৰথমে অনুমতি দিছিল যদিও গৃহ মন্ত্ৰালয়ে 6 মাৰ্চত বাতিল কৰে এই অনুষ্ঠানৰ বাবে থকা অনুমতি ।

মহাৰাষ্ট্ৰ ৰক্ষা পৰিল দিল্লীৰ টবলিগিৰ দৰে ভয়াবহ ঘটনাৰ পৰা

author img

By

Published : Apr 3, 2020, 7:54 PM IST

নিউজ ডেস্ক, 3 এপ্ৰিলঃ দিল্লীৰ তবলিগি জামাতত ঘটা ঘটনাৰ দৰে অনুৰূপ ঘটনাৰ পৰা ৰক্ষা পৰিল মহাৰাষ্ট্ৰ । মহাৰাষ্ট্ৰ চৰকাৰে টবলিগি জামাতৰ অনুমতি বাতিল কৰাৰ বাবে ৰক্ষা পৰিল মহাৰাষ্ট্ৰ ।

বৰ্তমান দেশত কোভিড-19 ত মৃত্যু হোৱা আৰু আক্ৰান্ত হোৱা লোকৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি হোৱাৰ কাৰণ দিল্লীৰ টৱলিগি জামাত বুলি চিনাক্ত কৰা হৈছে ।

জানুৱাৰী মাহত, ভাৰতত কৰ'ণা ভাইৰাচ প্ৰৱেশ কৰাৰ পূৰ্বেই, টবলিগি জামাতে মহাৰাষ্ট্ৰত এক ধৰ্মীয় সভাৰ বাবে অনুমতি বিচাৰিছিল, য'ত সমগ্ৰ ভাৰতবৰ্ষৰ পৰা 50,000 লোক সমবেত হোৱাৰ কথা আছিল । 14-15 মাৰ্চত এই অনুষ্ঠানৰ বাবে স্থান নিৰ্ধাৰণ কৰা হৈছিল পালগড়ৰ বাচাই নগৰ ।

ছামিম ইডুকেচন আৰ ৱেলফেৱাৰৰ পৰা এই অনুমতি বিছৰা হৈছিল । তাৰ পিচেতে জিলাৰ শীৰ্ষ আৰক্ষীৰ পৰা অস্থায়ীৰূপে 5 ফেব্ৰুৱাৰীত অনুমতি লাভ কৰিছিল । কিন্তু সেই সময়ত ভাৰতত প্ৰৱেশ কৰিছিল কৰ'ণা ভাইৰাছে ।

তাৰ পিচতেই মহাৰাষ্ট্ৰত বহু কোভিড-19 ৰ ৰোগী পোৱা গ'ল আৰু বিশ্ব স্বাস্থ্য সংস্থায়ো মহামাৰী ৰূপে ঘোষণা কৰিলে । সেয়ে গৃহ বিভাগে টাবলিগি জামাতৰ বাবে প্ৰদান কৰা অনুমতি বাতিল কৰে ।

ৰাজ্যচৰকাৰৰ এই পদক্ষেপ লাভদায়ক বিবেচিত হ'ল । অৱশ্যে এই অনুষ্ঠান বাতিল হোৱা বাবে, দিল্লীত অনুষ্ঠানলৈ ৰাজ্যখনৰ পৰা 1400 লোক আহিছিল । ইয়াৰে বহুতকে চিনাক্ত কৰি কোৱাৰেণ্টাইন কৰা হৈছে যদিও বহু লোকৰ এতিয়াও সন্ধান নাই ।

ভাৰতত প্ৰথম কোভিড-19ৰ ঘটনা 30 জানুৱাৰীত পোৱা গৈছিল । আৰু আজি এই ঘটনা 2300 ৰো অধিক হৈছে, য'ত 55 জনৰ মৃত্যু হৈছে । মহাৰাষ্ট্ৰত 423 টা কেচ আছে আৰু 20 জনৰ মৃত্যু হৈছে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.