ETV Bharat / bharat

আৱদ্ধ শ্ৰমিকক উদ্ধাৰত অগ্ৰাধিকাৰ দিয়া হৈছে : সুৰেশ অংগাদী - শ্ৰমিক সম্পৰ্কত মন্তব্য

ইটিভি ভাৰতৰ নিউজ এডিটৰ নিশান্ত শৰ্মাৰ সৈতে ৰেলৱে'ৰ ৰাজ্যিক মন্ত্ৰী সুৰেশ অংগাদীৰ সাক্ষাৎকাৰ ৷ লকডাউনৰ সময়চোৱাত প্ৰদান কৰা বিভিন্ন সেৱা সম্পৰ্কত মন্ত্ৰীগৰাকীৰ মন্তব্য ৷

ৰেলৱে'ৰ ৰাজ্যিক মন্ত্ৰী সুৰেশ অংগাদীৰ সাক্ষাৎকাৰ
আৱদ্ধ শ্ৰমিকক উদ্ধাৰত অগ্ৰাধিকাৰ দিয়া হৈছে : সুৰেশ অংগাদী
author img

By

Published : May 19, 2020, 4:02 PM IST

নেশ্যনেল ডেস্ক, 19 মে' : দেশৰ বিভিন্ন অঞ্চলত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰৰ বাবে ৰেলৱে' মন্ত্ৰণালয়ে শ্ৰমিক ৰেলৰ ব্যৱস্থা প্ৰদান কৰিছে ৷ ইটিভি ভাৰতৰ নিউজ এডিটৰ নিশান্ত শৰ্মাৰ সৈতে এক সাক্ষাৎকাৰত ৰেলৱে'ৰ ৰাজ্যিক মন্ত্ৰী সুৰেশ অংগাদীয়ে কয় যে, এই সংকটৰ সময়ত শ্ৰমিকসকলক নিজ নিজ স্থানলৈ প্ৰেৰণ কৰিবলৈ সকলো ৰাজ্যই সহযোগিতা আগবঢ়োৱা উচিত ৷ মহাৰাষ্ট্ৰ আৰু পশ্চিম বংগ চৰকাৰে প্ৰব্ৰজিত শ্ৰমিকসকলক সন্মানেৰে গ্ৰহণ কৰা উচিত আৰু বিষয়টো ৰাজনীতিকৰণ কৰা অনুচিত ৷ এই সাক্ষাৎকাৰৰ কিছু অংশ -

ইটিভি ভাৰতৰ নিউজ এডিটৰ নিশান্ত শৰ্মাৰে অংগাদীৰ সাক্ষাৎকাৰ

প্ৰশ্ন : কৰ'ণা ভাইৰাছৰ ফলত ঘোষণা কৰা লকডাউনে সৰ্বাধিক ক্ষতিগ্ৰস্ত কৰিলে ৰেল বিভাগক ৷ এই সেৱা পুনৰ বাহাল কৰিবলৈ ৰেলৱে'ক আৰু কিমান সময়ৰ প্ৰয়োজন হ'ব ?

উত্তৰ : লকডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰী দেশৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰাৰ লগতে বিভিন্ন স্থানত আৱদ্ধ লোকসকলক উদ্ধাৰত ৰেলৱে'ই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ৷ অংগনবাদী কৰ্মী আৰু আমাৰ স্বয়ংসেৱক সকলে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰিবলৈ কঠোৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ ৰেলৱে' মন্ত্ৰণালয়েও আৰ্থিক অনাটনত ভূগিছিল যদিও প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰা 20,000 কোটি টকাৰ আৰ্থিক পেকেজে ৰেলৱে' বিভাগৰ আন্তঃগাঁথনি উন্নত কৰিব ৷

প্ৰশ্ন : প্ৰব্ৰজিত শ্ৰমিকক কঢ়িয়াবৰ বাবে শ্ৰমিক ৰেল প্ৰদান কৰা হৈছে ৷ এই ৰেলৰ সংখ্যা আৰু বৃদ্ধি কৰা হ'ব নেকি ?

উত্তৰ : প্ৰব্ৰজিত শ্ৰমিকৰ বাবে সন্মানীয় প্ৰধানমন্ত্ৰী মোডীয়ে শ্ৰমিক ৰেলৰ ব্যৱস্থা কৰিছিল ৷ মই সকলোকে অনুৰোধ জনাইছো যে, এই সময়ছোৱাত চিন্তিত নহ'ব আৰু আমি অধিক শ্ৰমিক ৰেলৰ ব্যৱস্থা কৰিম ৷ প্ৰব্ৰজিত শ্ৰমিকসকল যাবলগা ৰাজ্য আৰু উপস্থিত হ'বলগা ৰাজ্যসমূহে বুজাবুজিত উপনীত হ'ব লাগিব আৰু 15 শতাংশ ৰেলৰ ভাড়া প্ৰদান কৰিবলৈ সাজু হ'ব লাগিব ৷ ৰেলৱে'ই 85 শতাংশ ভাড়া বহন কৰাৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীও যাত্ৰীসকলক প্ৰদান কৰিছে ৷ এই উদ্ধাৰ প্ৰক্ৰিয়াত কেন্দ্ৰীয় চৰকাৰৰ সৈতে ৰাজ্য চৰকাৰে সহযোগ কৰিব লাগিব ৷

প্ৰশ্ন : ৰেলৰ ভাড়াক লৈ দেশত তৰ্ক বিতৰ্ক হোৱা দেখা পোৱা গৈছে ৷ টিকেটৰ ভাড়া সম্পৰ্কত আপুনি কি ক'ব বিচাৰিব ? নিৰ্দেশাৱলীৰ পাচতো বহু অঞ্চলত শ্ৰমিকসকলে তেওঁলোকৰ ভ্ৰমণৰ বাবে টকা পৰিশোধ কৰিব লগা হৈছে ৷ যিহেতু এই শ্ৰমিকসকল আৰ্থিক সংকটত ভূগিছে সেয়েহে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এই ভাড়া বহন কৰিব নেকি ?

উত্তৰ : ৰাজ্য চৰকাৰে তেওঁলোকৰ ভিতৰচৰাত বুজাবুজিত উপনীত হ'ব লাগিব আৰু প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ৰেলৰ ভাড়া বহন কৰিব লাগিব ৷ ৰেলৱে' মন্ত্ৰী পিয়ুষ গোয়েলে ইতিমধ্যেই ঘোষণা কৰিছে যে, প্ৰায় সকলোবোৰ জিলাতে এই ৰেলসমূহ উপস্থিত হ'ব ৷ ৰাজ্যসমূহৰ নডেল বিষয়া আৰু মুখ্যসচিব সকলৰ হাতত এই শ্ৰমিকসকলৰ তালিকা থকা উচিত ৷ শ্ৰমিকসকল চিন্তিত নহৈ সামাজিক দূৰত্ব বজাই ৰখাটো প্ৰয়োজনীয় ৷ প্ৰব্ৰজিত শ্ৰমিকসকলক ঘৰলৈ পঠোৱাৰ ব্যৱস্থা আমি নিশ্চিত কৰিছো ৷ শ্ৰমিকসকলে কোনো কাৰণতে টিকেটৰ ভাড়া বহন কৰিবলগা হ'লে এই ভাড়া কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব ৷ ভাৰতীয় লোকৰ বাবে ৰেলৱে' লাইফলাইন আৰু প্ৰব্ৰজিত শ্ৰমিকসকল আমাৰ বাবে অত্যাৱশ্যকীয় ৷ আমি কৰ'ণাৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগিব ৷ শ্ৰমিকসকলক সাহসী কৰিবৰ বাবে সংবাদ মাধ্যমে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

প্ৰশ্ন : পশ্চিম বংগ, ছত্তীশগড় আৰু মহাৰাষ্ট্ৰই মন্তব্য কৰিছে যে, শ্ৰমিক ৰেলৰ সংখ্যা আৰু বৃদ্ধি কৰা অনুচিত ৷ এদিনত 105 খনতকৈ অধিক ৰেল পশ্চিম বংগত সোমাবলৈ অনুমতি প্ৰদান নকৰে বুলি মমতা বেনাৰ্জীয়ে কৈছে ৷ এই সম্পৰ্কত আপোনাৰ মতামত ৷

উত্তৰ : মমতা দিদি আৰু উদ্ধৱ থাকৰেই প্ৰব্ৰজিত শ্ৰমিক সন্দৰ্ভত ৰাজনীতি কৰা উচিত নহয় ৷ তেওঁলোকে সন্মানেৰে শ্ৰমিকসকলক ৰাজ্যসমূহত প্ৰৱেশ কৰিবলৈ দিয়া উচিত ৷ এই লোকসকলে ভাল উপাৰ্জন কৰিবৰ বাবেহে অন্য ৰাজ্যলৈ যায় ৷ এই সংকটৰ সময়ত শ্ৰমিকসকলক ৰাজ্য চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়াবহে লাগে ৷ দিদিয়ে বাংলাদেশী প্ৰব্ৰজনকাৰী গ্ৰহণ কৰিব পাৰে কিন্তু দেশৰ লোকক গ্ৰহণ কৰিব নোৱাৰে ৷ পশ্চিম বংগত উপস্থিত হ'বলগা সকলো প্ৰব্ৰজিত শ্ৰমিকৰ টিকেটৰ ভাড়া প্ৰদান কৰিবলৈ মই দিদিক অনুৰোধ জনালো ৷ ৰাজনৈতিক মতানৈক্য পাহৰি সকলো ৰাজ্যলৈ ৰেলৱে'ই অধিক শ্ৰমিক ৰেল প্ৰেৰণ কৰিব ৷ এই শ্ৰমিকসকলৰ উদ্ধাৰৰ বাবে সকলো ৰাজনীতিবিদক সহায়-সহযোগিতা আগবঢ়াবলৈ মই অনুৰোধ কৰিলো ৷

প্ৰশ্ন : পৰৱৰ্তী বিত্ত বৰ্ষত ৰেলৱে'ই বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ৷ এই লোকচানৰ পৰা হাত হাৰিবলৈ টিকেটৰ বাবে যাত্ৰীসকলে অধিক ব্যয় কৰিব লগা হ'ব পাৰে নেকি ?

উত্তৰ : বৰ্তমান আমি সকলো শ্ৰমিকক উদ্ধাৰ কৰাত অগ্ৰাধিকাৰ দিছো ৷ টিকেটৰ ভাড়া বৃদ্ধি সম্পৰ্কত বৰ্তমানলৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই ৷ ইয়াৰোপৰি, কোনো ভাড়া বৃদ্ধি নকৰাকৈয়ে আমি বিশেষ যাত্ৰীবাহী ৰেলৰ ব্যৱস্থা গ্ৰহণ কৰিছো ৷ প্ৰধানমন্ত্ৰী মোডী আৰু পিয়ুষ গোয়েলৰ নেতৃত্বত আৰ্থিক পেকেজৰ জৰিয়তে আমি ৰাজহ পুনৰ উৎপন্ন কৰিবলৈ চেষ্টা চলাব লাগিব ৷ দেশৰ সেৱাৰ বাবে প্ৰায় 12 লাখ কৰ্মচাৰীয়ে দিনে-নিশাই দায়িত্ব পালন কৰি আছে ৷ তেওঁলোকক মই অভিবাদন জনাইছো ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.