নিউজ ডেস্ক, 12 জুলাই : শপতগ্ৰহণৰ 9 দিনৰ পিচত দেওবাৰে নিজা নিজা দপ্তৰ লাভ কৰিব মধ্যপ্ৰদেশ মন্ত্ৰীসভাৰ 28 গৰাকী মন্ত্ৰীয়ে ৷ বিগত মাৰ্চত কমল নাথ চৰকাৰৰ পৰা 22 গৰাকীকৈ বিধায়কৰ সৈতে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা জ্যোতিৰাদিত্য সিন্ধিয়াৰ সৈতে মন্ত্ৰীত্ব বিতৰণ কৰাক লৈ হোৱা সমস্যাৰ বাবেই এইদৰে দপ্তৰ বিতৰণত পলম হোৱা বুলি জানিব পৰা গৈছে ৷
গোৱালিয়ৰত হোৱা এক সংবাদমেলত দেওবাৰে মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৷ 2 জুলাইত দ্বিতীয়বাৰৰ বাবে কেবিনেট বিস্তাৰ কৰাৰ পিচতে মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে দপ্তৰ বিতৰণ সন্দৰ্ভত আলোচনাত মিলিত হৈছিল আৰু এই আলোচনাত উপস্থিত আছিল জ্যোতিৰাদিত্য সিন্ধিয়া ৷ মন্ত্ৰীসভাত জ্যোতিৰাদিত্য সিন্ধিয়াৰ সৈতে বিজেপিত যোগদান কৰা প্ৰায় ডজনসংখ্যক মন্ত্ৰী আছে আৰু তেওঁলোকৰ দপ্তৰ বিতৰণক লৈ জ্যোতিৰাদিত্য সিন্ধিয়াৰ নিৰ্দেশৰ বাবেই এইদৰে দপ্তৰ বিতৰণত পলম হোৱা বুলি জানিব পৰা গৈছে ৷ আনহাতে জ্যোতিৰাদিত্য সিন্ধিয়াৰ অনুগামী বিধায়কসকলক মন্ত্ৰীত্ব প্ৰদানক লৈ মধ্যপ্ৰদেশ বিজেপিৰ বহুসংখ্যক শীৰ্ষ আৰু জ্যেষ্ঠ নেতাই অসন্তুষ্টি ব্যক্ত কৰিছে ৷ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, দলীয় হেঁচাৰ বাবে শিৱৰাজ সিং চৌহানে মন্ত্ৰীত্ব প্ৰত্যাশী বহুসংখ্যক বিজেপি নেতাক এৰি জ্যোতিৰাদিত্যৰ অনুগামীসকলক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিছে ৷
বিগত এপ্ৰিল মাহৰ পৰা মাত্ৰ পাঁচগৰাকীকৈ মন্ত্ৰীৰ দ্বাৰা চলি আছিল মধ্যপ্ৰদেশ চৰকাৰ ৷ তেওঁলোককো শিৱৰাজে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে অভিলেখসংখ্যক চতুৰ্থবাৰৰ বাবে শপতগ্ৰহণ কৰাৰ প্ৰায় পিচত মন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছিল ৷
চৰকাৰীভাৱে এই বিলম্ব কোভিড-19 আৰু ৰাজ্যসভাৰ নিৰ্বাচনক দেখুওৱা হৈছিল ৷ কিন্তু ঘটনাৰ আঁৰত চলি আছিল অন্য এখন খেল ৷ প্ৰাক্তন কংগ্ৰেছীৰ পৰা গেৰুৱা বসন পৰিধান কৰা নেতা আৰু মধ্যপ্ৰদেশ বিজেপিৰ শীৰ্ষ মহলৰ মাজত মন্ত্ৰীত্ব বিতৰণক লৈ দেখা দিয়া অন্তৰ্কন্দলে ইয়াৰ মুল কাৰণ আছিল ৷ অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই দেওবাৰে মন্ত্ৰীসভাত শপতগ্ৰহণ কৰা 28 গৰাকী মন্ত্ৰী যাৰ ভিতৰত অধিকাংশই জ্যোতিৰাদিত্য গোটৰ তেওঁলোকক সংশ্লিষ্ট দপ্তৰ বিতৰণ কৰা হ'ব ৷
লগতে পঢ়কঃ চিৰদিনৰ বাবে শুকাই যাব নেকি ব্ৰহ্মপুত্ৰ ?