এবছৰ পিচলৈ গ'লে, দিনটো 2019ৰ 27 ফেব্ৰুৱাৰী, ভাৰতীয় বায়ু সেনাৰ অতিকে পুৰনি এখন Mig 21 যুঁজাৰু বিমান ধ্বংসপ্ৰাপ্ত হোৱাৰ আগে আগে ধোৱাৰ সৈতে আকাশৰ পৰা তললৈ নামি আহি থকা পৰিলক্ষিত হৈছিল ৷ এই ঘটনাত ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ এখন F-16 যুঁজাৰু বিমান ভূপতিত কৰিবলৈ সক্ষম হৈছিল ৷ এইটো এটা এনেকুৱা ঘটনা য'ত প্ৰযুক্তিয়ে বহু পিচপৰি ৰৈছিল ৷ ইয়াৰ পিচৰ সমগ্ৰ ঘটনা সকলোৰে জ্ঞাত ৷ আমেৰিকাত নিৰ্মিত F-16 যুঁজাৰু বিমান আৰু ৰাছিয়াত নিৰ্মিত অতিকে পুৰনি Mig 21 যুঁজাৰু বিমানৰ মাজত কোনো তুলনাই নহয় ৷ এই ঘটনাৰ পিচতে ভাৰতীয় বায়ুসেনাৰ অতি পুৰনি যুদ্ধ মেচিনসমূহক লৈ বহুটো বাক-বিতণ্ডা হৈছিল ৷
কিন্তু এই ঘটনাৰ এবছৰ পিচত অৰ্থাৎ এই শনিবাৰে, সেইসমূহ বাক-বিতণ্ডাক লৈ কোনো গুৰুত্ব প্ৰদান কৰা নহ'ল ৷ ইয়াৰ বিপৰীতে, ভাৰতীয় বায়ুসেনাই মুলধনৰ অংশস্বৰূপে বিমান আৰু অস্ত্ৰপ্ৰণালী ক্ৰয় কৰিবলৈ বিগত বৰ্ষৰ তুলনাত এইবৰ্ষত প্ৰয়োজনীয় ধন লাভ কৰিবলৈ সক্ষম নহ'ল, বৰঞ্চ কম পৰিমানৰ মুলধনহে লাভ কৰে ৷ সৰ্বমুঠ 43,280 কোটি টকাৰ ভিতৰত বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত ভাৰতীয় বায়ুসেনাই লাভ কৰে, মাত্ৰ 1,588 কোটি টকা ৷
ইয়াতে কথা শেষ নহয় ৷ ভাৰতীয় বায়ুসেনাত বৰ্তমানে আছে 31টা স্কোৱাড্ৰণ ৷ দুখনকৈ যুদ্ধত অৱতীৰ্ণ হ'ব পৰাকৈ ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান স্কোৱাড্ৰণত এতিয়াও প্ৰয়োজন ( ৱেষ্টাৰ্ণ, ইষ্টাৰ্ণ আৰু নৰ্থাৰ্ণ সীমান্তৰ সম্পূৰ্ণ নিয়োগ) হৈ আছে 43 টা স্কোৱাড্ৰণৰ ৷
এতিয়া 2020-21ৰ বাজেটলৈ লক্ষ্য কৰিলে, 2019-20 বিত্তীয় বৰ্ষৰ 3.18 লাখ কোটি টকা ( 2018-19 বিত্তীয় বৰ্ষত আছিল 2.95 লাখ কোটি)ৰ বাজেটৰ পৰিৱৰ্তে, 3.37 লাখ কোটিৰে শনিবাৰে বিত্তমন্ত্ৰীয়ে উত্থাপন কৰা বাজেটত প্ৰতিৰক্ষা খণ্ডক একাষৰীয়া কৰি ৰখা হয় ৷ যিটো সময়ত সীমান্তৱৰ্তী পাকিস্তান আৰু চীনে ক্ষীপ্ৰতাৰে সামৰিক আধুনিকীকৰণৰ দিশে আগবাঢ়িছে তেনে সময়ত ভাৰতে সামৰকি আধুনিকীকৰণত বহুটো সংগ্ৰাম কৰিবলগীয়া হৈছে ৷
যিটো সময়ত স্থলসেনাৰ বাবে Future Infantry Combat Vehicles, টোপ; বায়ুসেনাৰ বাবে যুদ্ধবিমান; নৌসেনাৰ বাবে চাবমেৰিণ, minesweeping vessels আৰু হেলিকপ্টাৰকে ধৰি, ৰাডাৰ আৰু যোগাযোগ প্ৰণালীৰো বহুটো প্ৰয়োজন আছে, সেই সময়ত 2020ৰ বাজেটত মুল সামগ্ৰী সংগ্ৰহ আৰু নতুন অস্ত্ৰপ্ৰণালীৰ লগতে অন্যান্য প্লেটফৰ্মৰ বাবে ধাৰ্য কৰা 10,000 কোটি টকা একেবাৰে নগণ্য ৷ অৱশ্যেই এই সূচীখন কেতিয়াও শেষ নহ'ব, কিন্তু আৱশ্যকীয়খিনিৰ বাবে এটা সংকেট প্ৰদান কৰিব পৰা গ'লহেতেন ৷ বাস্তৱত সেয়া কিন্তু পৰিলক্ষিত নহ'ল ৷
পূঁজিৰ অভাৱে, শেহতীয়াকৈ গঠন কৰা সামৰিক আৰু কূটনৈতিক প্ৰযুক্তিসম্পন্ন বিভিন্ন গোটসমূহ যেনে, ডিফেন্স স্পেচ এজেন্সি (প্ৰতিৰক্ষা মহাকাশ সংস্থা), ডিফেন্স চাইবাৰ এজেন্সি (প্ৰতিৰক্ষা চাইবাৰ এজেন্সি) আদি সংস্থাসমূহৰ সামৰিক গৱেষণা আৰু উন্নয়নত বাধাৰ সৃষ্টি কৰিব পাৰে ৷
এতিয়ালৈকে দেশত stealth weapons, drones, swarms, hypersonic weapons, electromagnetic weapons, rail guns আদি অস্ত্ৰপ্ৰণালী ক্ৰয়ত পূঁজিৰ অভাৱ দেখা গৈছে যদিও ভৱিষ্যতৰ এইসমূহ অস্ত্ৰপ্ৰণালীৰ দ্বাৰা ভাৰতে বিছৰা ধৰনে 2025ৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি (5 ট্ৰিলিয়ন ডলাৰ)ত ইয়াৰ প্ৰয়োজনীয়তা নসাৎ কৰিব নোৱাৰে ৷ কিন্তু সৰলভাৱে চাবলৈ গ'লে চৰকাৰৰ পক্ষে গম্ভীৰ আৰ্থিক পৰিস্থিতিৰ মাজত এইসমূহ উন্নত মানৰ অস্ত্ৰপ্ৰণালীৰ আৱশ্যকতা সন্তুলিত কৰাটো কঠিন কাম হ'ব ৷
সেয়েহ বৰ্তমানে, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পক্ষে, কম পৰিমানে হ'লেও মুদ্ৰাগত বৌদ্ধিকতাৰ তিনিটা চিৰসেউজ মন্ত্ৰ, দক্ষতা আৰু উপযোগৰ শুধৰনিৰে টকা খৰচ, আত্মনিৰ্ভৰশীলতাৰ ওপৰত অধিক গুৰুত্ব আৰু প্ৰতিৰক্ষা ক্ষেত্ৰত ঘৰুৱা খণ্ডৰ বিনিয়োগক অধিক যোগ্যতা প্ৰদানেই হ'ব উপযুক্ত কাৰ্যপ্ৰণালীৰ নিদৰ্শন ৷
সঞ্জীৱ কুমাৰ বৰুৱা, নতুন দিল্লী