ETV Bharat / bharat

কিছু পৰিমাণে নিয়ন্ত্ৰণ হৈছে ফৰিং আক্ৰমণঃ কেন্দ্ৰীয় কৃষি মন্ত্ৰণালয়

author img

By

Published : Jun 23, 2020, 8:55 AM IST

ৰাজ্য চৰকাৰৰ কৃষি বিভাগ,স্থানীয় প্ৰশাসন আৰু বিএছএফ জোৱানৰ সহযোগৰ ফলতেই ৰাজস্থান,গুজৰাট আৰু মধ্যপ্ৰদেশত অধিক প্ৰভাৱ পেলেওৱা শস্য ধ্বংসকাৰী ফৰিং আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে বুলি সোমবাৰে প্ৰকাশ কৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰনালয়ে ।

কিছু পৰিমাণে নিয়ন্ত্ৰণ হৈছে ফৰিং আক্ৰমণঃ কেন্দ্ৰীয় কৃষি মন্ত্ৰণালয়
কিছু পৰিমাণে নিয়ন্ত্ৰণ হৈছে ফৰিং আক্ৰমণঃ কেন্দ্ৰীয় কৃষি মন্ত্ৰণালয়

নিউজ ডেস্ক, ২৩ জুনঃ বিগত কিছুমাহ পূৰ্বৰ পৰা ৰাজস্থান,গুজৰাট আৰু মধ্যপ্ৰদেশত চলিছে শস্য ধ্বংসকাৰী ফৰিং আক্ৰমণ । কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ কৃষি বিভাগ, স্থানীয় প্ৰশাসন আৰু বিএছএফ জোৱানৰ সহযোগৰ ফলতেই এই ফৰিং আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে বুলি সদৰি কৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়ে ।

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়ে সোমবাৰে সদৰি কৰে যে,ফৰিং নিয়ন্ত্ৰণ কাৰ্যালয়ৰ দ্বাৰা ৬২ স্প্ৰে উপকৰণ ব্যৱহাৰ কৰা হৈছে । য'ত ২১ মাইক্ৰনিয়ৰ আৰু ৪১ অলমাস্ত উপকৰণেৰে প্ৰস্তুত কৰা হৈছে । প্ৰায় ২০০ গৰাকী কৰ্মচাৰী এই কামত নিয়োগ কৰা হৈছে বুলিও সদৰি কৰে ।

তাৰোপৰি LWO আৰু জোধপুৰত ফৰিং আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ ১০ টা কাৰ্যালয় স্থাপন কৰা বুলিও সদৰি কৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰণালয়ে । মৰুভূমি অঞ্চলৰ উপৰিও ৰাজস্থানৰ জয়পুৰত, অজমেৰ,দোহা আৰু চিত্তোৰগড়ৰত অস্থায়ীভাৱে ফৰিং আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ অস্থায়ী কেম্প স্থাপন কৰা হৈছে বুলি সদৰি কৰে ।

আনহাতে, কৃষি মন্ত্ৰণালয়ৰ অনুসৰি, ভাৰত-পাকিস্তান সীমান্ত অঞ্চলতো দুটা শস্য ধ্বংসকাৰী ফৰিঙৰ জাক প্ৰত্যক্ষ কৰে স্থানীয়ই । যাৰ বাবে বিকনাৰ আৰু শ্ৰীনগৰত জিলাত ফৰিং আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে স্থানীয় প্ৰশাসনে ।

উল্লেখ্য যে, প্ৰত্যেকদিনাই ফৰিঙে আক্ৰমণ চলোৱা অঞ্চলসমূহত স্প্ৰেয়ৰ,ট্ৰেক্টৰ আৰু ফায়াৰ টেণ্ডাৰ বাহনৰ সহায়ত ফৰিং আক্ৰমণ নিয়ন্ত্ৰণ কৰিবললৈ প্ৰয়াস কৰা হয় ।

আনহাতে, বৰ্তমান পৰ্যন্ত ৰাজস্থান চৰকাৰে মুঠ ২,১৪২ খন ট্ৰেক্টৰ আৰু ৪৬ খন জুই নিৰ্বাপন কৰা গাড়ী, মধ্য প্ৰদেশত মুঠ ৮৩ খন ট্ৰেক্টৰ আৰু ৪৭ খন জুই নিৰ্বাপন কৰা গাড়ী, উত্তৰ প্ৰদেশত ৪ খন ট্ৰেক্টৰ আৰু ১৬ খন জুই নিৰ্বাপন কৰা গাড়ী, পঞ্জাৱত ৫০ খন ট্ৰেক্টৰ ৬ জুই নিৰ্বাপন কৰা গাড়ী আৰু গুজৰাটত ৩৮ খন ট্ৰেক্টৰ ধ্বংসকাৰী ফৰিং ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱহাৰ কৰা হৈছে বুলি উল্লেখ কৰে ।

লগতে চাওকঃ লেহ পৰিদৰ্শন স্থল সেনা বাহিনীৰ মুখ্য জেনেৰেল মনোজ মুকুন্দ নাৰভানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.