নিউজ ডেস্ক,11নৱেম্বৰঃ ক’ভিড অতিমাৰীৰ বাবে সাত মাহতকৈ অধিক সময়ৰ বিৰতিৰ অন্তত পূৱ ৰেলৱে(ER) আৰু দক্ষিণ পূৱ ৰেলৱে(SER)ৰ হাওৰা, শিয়ালদাহ আৰু খৰগপুৰ ডিভিজনত আজিৰ পৰা 696খন স্থানীয় ৰেল সেৱা আৰম্ভ হ’ব ৷
ডবাসমূহৰ চেনিটাইজেশ্যনৰ উপৰিও যাত্ৰীৰ আসনসমূহৰ দুখন আসনৰ মাজত এখনকৈ আসন খালী ৰখাৰ ব্যৱস্থা কৰিব ৰেল বিভাগে য’ত ৰঙা ক্ৰচ চিনেৰে মাৰ্ক কৰা হ’ব ৷ যিসমূহ ডবাত অধিক আসন থাকিব তাতো ক্ৰচ চিনেৰে চিহ্নিত কৰিব ৷ তাৰোপৰি টিকট কাউন্টাৰ সমুহতো যাত্ৰীয়ে দূৰত্ব বজাই শাৰী পাতি টিকট কটাৰ ব্যৱস্থা কৰিব ৰেল বিভাগে ৷
লগতে পঢ়কঃবিহাৰ নিৰ্বাচনৰ ফলাফলঃ টুইট যোগে ৰাইজক ধন্যবাদ প্ৰধানমন্ত্ৰী মোদীৰ