নেশ্যনেল ডেস্ক, 4 এপ্ৰিল : অস্থায়ী শিৱিৰত বাস কৰা ৰোহিংগীয়া শৰণাৰ্থীসকল কোভিড-19 ত আক্ৰান্ত হোৱাৰ আশংকা ব্যক্ত কৰিছে বিভিন্নজনে ৷ অপৰিস্কাৰ আৰু অসুৰক্ষিত অৱস্থাত বাস কৰাৰ ফলত পূৰ্বেও ৰোহিংগীয়াসকল যিকোনো ৰোগত আক্ৰান্ত হৈ আহিছে ৷
বৰ্তমানলৈকে কোনো ৰোহিংগীয়া লোক কোভিড-19 ত আক্ৰান্ত হোৱা নাই যদিও বহুসংখ্যক পৰিয়ালে অস্বাস্থ্যকৰ পৰিৱেশত বাস কৰি অহাৰ ফলত তেওঁলোকৰ জীৱনক লৈ বহুলোকে চিন্তা ব্যক্ত কৰিছে ৷
হাইৰাবাদত বাস কৰা প্ৰায় 6000 ৰোহিংগীয়া শৰণাৰ্থী লকডাউনৰ ফলত অতি সংকটময় অৱস্থাত বাস কৰিছে ৷
দুখীয়া আৰু অৰ্থনৈতিকভাৱে পিছপৰা লোকসকলৰ দৰেই এই লকডাউনে তেওঁলোককো জটিল পৰিস্থিতিত পেলাইছে ৷
দীঘে-পথালিয়ে কেৱল 10 ফুটৰ প্লাষ্টিকৰ দ্বাৰা নিৰ্মিত তম্বুত বাস কৰা এই পৰিয়ালসমূহৰ বাবেও কোভিড-19 য়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে ৷
যিসকল ৰোহিংগীয়াই দৈনিক হাজিৰা কৰি অথবা শাক-পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰে সেইসকল বৰ্তমান নিজ ঘৰতে আৱদ্ধ হৈ থাকিব লগা হৈছে ৷
নিজৰ ভোক গুচাবলৈ একো উপায় বিচাৰি নোপোৱা এই ৰোহিংগীয়াসকলে বৰ্তমান বেচৰকাৰী সংস্থা আৰু অন্যান্য সংগঠনসমূহৰ ওপৰত নিৰ্ভৰ কৰিছে ৷
হাইদৰাবাদৰ বালাপুৰ আৰু পুৰণি চিটীৰ বহু অস্থায়ী তম্বুত এই ৰোহিংগীয়া সকলৰ কষ্টকৰ জীৱন পৰিলক্ষিত হয় ৷ কিছুসংখ্যক ৰোহিংগীয়াই জানিবলৈ দিয়ে যে, কৰ'ণা ভাইৰাছ সম্পৰ্কত তেওঁলোকে টেলিভিছন, অন্য ভিডিঅ' আৰু অডিঅ'ৰ জৰিয়তে শুনিবলৈ পোৱাৰ লগতে কিছুসংখ্যকে ম'বাইলতো শুনিবলৈ পাইছে ৷
বস্তিত বাস কৰা অন্য লোকৰ দৰেই তেওঁলোকৰ বাবেও 'সামাজিক দূৰত্ব' বৰ্তমান এটা অব্য়ৱহাৰিক বিষয়হে ৷