ETV Bharat / bharat

ৰাষ্ট্ৰপতিকে ধৰি দেশৰ নেতাসকলে জনালে পাৰ্চী নৱবৰ্ষৰ শুভেচ্ছা - সুখ আৰু সমৃদ্ধিৰ বতৰা

পাৰ্চী নৱবৰ্ষ উপলক্ষে দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ, উপ ৰাষ্ট্ৰপতি ভেংকয়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰ যোগে জনালে শুভেচ্ছা ।

Leaders greet people on Parsi New Year
ৰাষ্ট্ৰপতিকে ধৰি দেশৰ নেতাসকলে জনালে পাৰ্চী নৱবৰ্ষৰ শুভেচ্ছা
author img

By

Published : Aug 16, 2020, 6:47 PM IST

নিউজ ডেস্ক,১৬ আগষ্ট: পাৰ্চী নৱবৰ্ষ উপলক্ষে দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ, উপ ৰাষ্ট্ৰপতি ভেংকয়া নাইডু আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে টুইটাৰ যোগে সকলোকে জনালে শুভেচ্ছা ।

এটা টুইটৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঈশ্বৰক প্ৰাৰ্থনা কৰি আহিব লগা নতুন বছৰটো সকলোৰে বাবে সুখ আৰু সমৃদ্ধিৰে ভৰি পৰাৰ বাবে কৰিলে কামনা ।

"নৱৰৌজ মোবাৰক, পাৰ্চী নৱ বৰ্ষৰ শুভকামনা। ভাৰতবৰ্ষত বসবাস কৰা পাৰ্চী সম্প্ৰদায়ৰ অসামান্য অৱদানে আমাৰ ক্ষেত্ৰখনত এক বিস্তৃত চাপ দি গৈছে । আহিব লগা এই নতুন বছৰটোৱে সকলোৰে বাবে কঢ়িয়াই আনক সুখ আৰু সমৃদ্ধিৰ বতৰা ।"

ইফালে দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে এটা টুইটৰ জৰিয়তে পাৰ্চী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি ক'লে, নৱৰৌজ মোবাৰক ! ৰাষ্ট্ৰ নিৰ্মাণ আৰু বিকাশৰ ক্ষেত্ৰত পাৰ্চী সম্প্ৰদায়ৰ যোগদান আমাৰ কাৰণে প্ৰেৰণা আৰু গৰ্বৰ বিষয় । সদাচৰণৰ আদৰ্শৰ ভিত্তি পাৰ্চী সমাজৰ এই উৎসৱ হওক শব্দ আৰু কৰ্মৰে সজ্জিত সুবিচাৰ, সমৃদ্ধিৰ এক উৎসৱ ।

দেশৰ উপৰাষ্ট্ৰপতি ভেংকয়া নাইডুয়ে পাৰ্চী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি সকলোকে উৎসৱ আয়োজনৰ সময়ত শাৰীৰিক দূৰত্ব বৰ্তাই ৰখাৰ লগতে স্বাস্থ্য সম্বন্ধীয় নীতি সমূহ মানি চলিবৰ বাবে আহ্বান জনালে । তেখেতে টুইটত উল্লেখ কৰি লিখিলে, পাৰ্চী নৱবৰ্ষ 'নৱৰৌজ' উপলক্ষে সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা । পাৰ্চী সম্প্ৰদায়ে ভাৰতৰ সাংস্কৃতিক ক্ষেত্ৰখনত এক বিশেষ স্থান দখল কৰি আহিছে । পাৰ্চী সম্প্ৰদায়ৰ লোক সকলৰ উৎসাহ, পৰিশ্ৰম আৰু সমৰ্পণেৰে দেশ গঠণত দি গৈছে অমূল্য অৱদান ।

পাৰ্চী নৱবৰ্ষ যাক নৱৰৌজ নামেৰে জনা যায আৰু এখন নতুন পাৰ্চী কেলেণ্ডাৰৰ আৰম্ভনি উপলক্ষে এই দিৱসটি উদযাপন কৰা হয় । পাৰ্চী ভাষাত 'নৱ' অৰ্থ হৈছে নতুন আৰু 'ৰৌজ'ৰ অৰ্থ হৈছে দিন অৰ্থাৎ 'নতুন দিন' ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.