নেশ্যনেল ডেস্ক, 17 জুন : লাডাখৰ গলৱান উপত্যকাত ভাৰত আৰু চীনা সৈন্যৰ মাজৰ সংঘৰ্ষৰ ফলত দুয়ো পক্ষৰে বহুকেইজন জোৱানে প্ৰাণ হেৰুওৱাৰ ফলত হিমাচল প্ৰদেশ প্ৰশাসনক জাৰি কৰা হৈছে হাই এলাৰ্ট ৷
তথ্য অনুসৰি, চীনৰ সীমান্তত থকা কিন্নাউৰ আৰু লাহৌল-স্পিটীৰ জিলাসমূহৰ স্থানীয় লোকৰ সুৰক্ষা আৰু পৰৱৰ্তী পৰ্যায়ত গ্ৰহণ কৰিবলগা অনুসন্ধানকাৰীমূলক ব্যৱস্থা সম্পৰ্কত নিশ্চিতিৰ বাবে জাৰি কৰা হৈছে হাই এলাৰ্ট ৷
ৰাজ্যখনৰ আৰক্ষী বিভাগৰ মুখপাত্ৰ কোশল শৰ্মাই জানিবলৈ দিয়া অনুসৰি, সকলো ৰাজ্যিক অনুসন্ধানকাৰী ইউনিট বৰ্তমান এলাৰ্ট হৈ আছে ৷
কোশল শৰ্মাই কয়, "লাডাখত ভাৰত-চীনৰ মাজত সংঘৰ্ষৰ প্ৰতি লক্ষ্য ৰাখি কিন্নাউৰ আৰু লাহৌল-স্পিটীত সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ইয়াৰোপৰি প্ৰশাসনলৈ সাৱধানতামূলক নিৰ্দেশাৱলীও প্ৰেৰণ কৰা হৈছে ৷"
চীনৰ সীমান্তত লাগি থকা কিন্নাউৰৰ 14 খন গাঁৱৰ লোকক বৰ্তমানৰ সময়ত সীমান্ত অঞ্চল ভ্ৰমণ নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ ইয়াৰোপৰি, সেনাৰ বাহন আৰু পহৰাদাৰী আদি তীক্ষ্নভাৱে প্ৰত্যক্ষ কৰি থকা হৈছে ৷
মঙলবাৰে সেনাই এক বিবৃতি প্ৰকাশ কৰি কৈছিল, "ভাৰত-চীন সংঘৰ্ষৰ ফলত 20 জনকৈ জোৱানে প্ৰাণ হেৰুওৱাৰ লগতে আঘাতপ্ৰাপ্ত হৈছে 17 জনকৈ সেনা ৷ পেট্ৰলিঙত যোৱা ভাৰতীয় সৈন্যৰ এটা দলৰ ওপৰত চীনৰ পিপলছ লিবাৰেছন আৰ্মীয়ে আক্ৰমণ কৰাৰ ফলত এজন কামাণ্ডিং বিষয়াসহ ভাৰতে 20 জনকৈ জোৱানক হেৰুৱাব লগা হয় ৷"
দুয়োপক্ষৰ মাজত এই গুলীয়াগুলীৰ ঘটনা নিশা বহু সময়লৈকে চলি থাকে ৷ এই সংঘৰ্ষৰ ফলত বহু ভাৰতীয় সৈন্য সন্ধানহীন হোৱা বুলিও জানিব পৰা গৈছে ৷ ইয়াৰ পাচতে মঙলবাৰে পুৱাৰ ভাগত দুয়ো পক্ষৰ শীৰ্ষ মিলিটাৰী বিষয়াৰ মাজত পৰিস্থিতি শাম কটোৱাৰ উদ্দেশ্যে এক বৈঠকৰ আয়োজন কৰা হয় ৷
উল্লেখ্য যে, 1975 চনৰ পাচত এয়া ভাৰতীয় সেনা আৰু চীনৰ পিপলছ লিবাৰেছন আৰ্মীৰ মাজত প্ৰথমটো সংঘৰ্ষৰ ঘটনা ৷ 1975 চনত ভাৰতীয় পেট্ৰলিং দলৰ ওপৰত চীনৰ সৈন্য অৰুণাচল প্ৰদেশত এম্বুছ বৰ্ষণ কৰিছিল ৷
লগতে পঢ়ক : পুৱাৰ শীৰ্ষ বাতৰি1962-2020 : মুখামুখি চীন-ভাৰত