ETV Bharat / bharat

নিয়ন্ত্ৰণ ৰেখা আৰু “লজিষ্টিকছ”ৰ আৱশ্যকতা - LAC and the logistics required

পূৱ লাডাখত ১০০ দিনৰো অধিক সময় ‘ষ্টেণ্ডঅফ’ৰ পৰিস্থিতি চলি থকাৰ পাচত এইটো আৰু অধিক স্পষ্ট হৈ পৰিছে যে পূৰ্ৱৰ স্থিতাৱস্থাক বাহাল ৰখাৰ ভাৰতৰ যি দাবী, তাৰ প্ৰতি চীনৰ সেনা বাহিনীয়ে সামান্য পৰিমাণেহে সঁহাৰি জনোৱা দেখা গৈছে ৷

নিয়ন্ত্ৰণ ৰেখা
নিয়ন্ত্ৰণ ৰেখা আৰু “লজিষ্টিকছ”ৰ আৱশ্যকতা
author img

By

Published : Aug 29, 2020, 11:31 AM IST

-লেফটেনেণ্ট জেনেৰেল ডি এছ হুদা (হুদাই ২০১৬ চনৰ “ছাৰ্জিকেল ষ্ট্ৰাইক”ৰ নেতৃত্ব বহন কৰিছিল) প্ৰাক্তন প্ৰমূখ, নৰ্থাৰ্ন কামাণ্ড, স্থলসেনা

পূৱ লাডাখত ১০০ দিনৰো অধিক সময় ‘ষ্টেণ্ডঅফ’ৰ পৰিস্থিতি চলি থকাৰ পাচত এইটো আৰু অধিক স্পষ্ট হৈ পৰিছে যে পূৰ্ৱৰ স্থিতাৱস্থাক বাহাল ৰখাৰ ভাৰতৰ যি দাবী, তাৰ প্ৰতি চীনৰ সেনা বাহিনীয়ে সামান্য পৰিমাণেহে সঁহাৰি জনোৱা দেখা গৈছে ৷ ‘চীফ অৱ ডিফেঞ্চ ষ্টাফে’ সংসদৰ লোক লেখ সমিতিক অৱগত কৰিবলৈ দিয়া এক বক্তব্যত এই কথাৰ সত্যতা পৰিলক্ষিত হৈছিল যে দেশৰ সশস্ত্ৰ বাহিনী প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল এ চি)ত সম্ভাব্য যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ আছে আৰু আনকি প্ৰচণ্ড জাৰৰ মাহকেইটাতো দীৰ্ঘসময় ধৰি অৱস্থান গ্ৰহণ কৰিবলৈ প্ৰস্তুত হৈ আছে ৷

এক সু-উচ্চতা, য’ত অক্সিজেন আমাৰ সমতলৰ চহৰ নগৰবোৰত উশাহত লৈ থকা অক্সিজেনৰ স্তৰৰ তুলনাত প্ৰায় আধাস্তৰৰ অক্সিজেনহে থাকে আৰু য’ত সৈন্যসকলে হাড় কঁপোৱা জাৰত যুদ্ধ কৰিবলগীয়া হয়; লাডাখত পৰা শীতৰ বিষয়ে উল্লেখ কৰিলে সেই দৃশ্যহে চকুত ভাহি উঠে ৷ আনকি এক প্ৰাথমিক প্ৰয়োজনীয়তা যেনে, খোৱা পানী যোগাৰ কৰিবলৈও কঠিন হৈ পৰে ৷ কিয়নো লাডাখৰ প্ৰচণ্ড শীতত সকলো বস্তুৱেই গোট মাৰি যায় ৷

প্ৰত্যেক শীততে যিহেতু ৰ’হটাং আৰু আৰু জ’জি লা হৈ লাডাখলৈ যোৱা দুটা মূখ্য মাৰ্গ সম্পূৰ্ণৰূপে বৰফাবৃত হৈ পৰে; গতিকে পাঁচ ছয় মাহৰ বাবে দেশৰ বাকী অংশবোৰৰ পৰা লাডাখ বিচ্ছিন্ন হৈ পৰে ৷

লাডাখৰ শীতকাল যে সৈন্যসকলৰ বাবে খুবেই কঠিন তাত কোনো সন্দেহ নাই ৷ কিন্তু “পথ বন্ধ” হিচাপে জনাজাত সময়চোৱাত লাডাখত সৈন্য বাহিনীৰ সকলো প্ৰয়োজনীয় সা-সৰঞ্জামেৰে সু-সজ্জিত হৈ আছে নে নাই সেইটো সুনিশ্চিত কৰাটোহে সামৰিক পৰিকল্পনাকাৰীসকলৰ বাবে প্ৰকৃত প্ৰত্যাহ্বানৰ বিষয় ৷ ই হৈছে সেনাবাহিনীৰ অধীনত পৰিচালিত হোৱা আটাইতকৈ ডাঙৰ “লজিষ্টিকছ” অনুশীলনবোৰৰ ভিতৰতে অন্যতম ৷ যাক “এডভাঞ্চ ৱিন্টাৰ ষ্টকিং” (এ ডব্লিউ এছ) বুলি জনা যায় ৷ এই অনুশীলনৰ লগত, সেই ছমাহৰ কালচোৱাত যেতিয়া লাডাখলৈ যোৱা পথ দুটা বিচ্ছিন্ন হৈ থাকে তেতিয়া সৈন্যসকলক প্ৰয়োজন হ’ব লগীয়া সম্ভাব্য প্ৰত্যেকটো সামগ্ৰীৰে ক্ৰয় আৰু পৰিৱহণ জৰিত হৈ থাকে ৷

কেইবামাহৰ পূৰ্বৰে পৰাই প্ৰস্তুতি আৰম্ভ হয় আৰু এডাল টুথব্ৰাছৰ পৰা আৰম্ভ কৰি পোছাক পৰিচ্ছদলৈকে, টিন্‌ড ফুড, ৰচদ-পাতি, ইন্ধন, দৰৱ-পাতি, অস্ত্ৰ, চিমেন্ট, আশ্ৰয় শিবিৰ ইত্যাদি সকলো প্ৰকাৰৰ অত্যাৱশ্যকীয় সামগ্ৰীৰে পুংখানুপুংখ হিচাপ কৰি উলিওৱা হয় ৷ আনকি “বৰ্ডাৰ ৰ’ড অৰ্গেনাইজেশ্বন”এ লাডাখলৈ যোৱা দুয়োটা পথৰে বৰফ আঁতৰোৱাত ব্যস্ত হৈ থকাৰ সময়তে সামগ্ৰীসমূহ পাঠানকোট আৰু জন্মুৰ ডিপ’বোৰত পদাৰ্পণ কৰেহি ৷ পথ মুকলি হোৱা বুলি ঘোষণা হোৱাৰ লগে লগেই (মে’ৰ আগে পিচে) সামগ্ৰী ভৰ্তি বাহনৰ প্ৰথমটো কনভয় ডিপ’সমূহৰ পৰা লাডাখলৈ ৰাওনা হয় ৷

জ’জি লাহৈ লাডাখলৈ এবাৰ অহা যোৱা কৰিবলৈ প্ৰায় ১০ দিন সময়ৰ প্ৰয়োজন হয় ৷ আনহাতে ৰ’হটাং পথেৰে প্ৰায় ১৪ দিনৰ প্ৰয়োজন হয় ৷ নিশা যাতে চালকসকলে জিৰণি ল'ব পাৰে তাৰ বাবে দুয়োটা পথত ঠাইয়ে ঠাইয়ে অস্থায়ী শিৱিৰ স্থাপন কৰা হয় ৷ এই দুসপ্তাহৰ যাত্ৰাত একোজন চালকে প্ৰতি নিশাই বিভিন্ন স্থানত নৈশ যাপন কৰিবলগীয়া হয় আৰু একোটা যাত্ৰা সম্পূৰ্ণ কৰাৰ পাচত প্ৰতিজন চালকেই দুদিনৰ জিৰণি পায় ৷ এই দুদিনৰ জিৰণিৰ পাচত পুনৰ তেওঁলোকে যাত্ৰা আৰম্ভ কৰে ৷ একোটা ঋতুত কঠিন পাহাৰীয়া ৰাস্তাত প্ৰায় দহ হাজাৰ কিলোমিটাৰ জোৰা পথ অতিক্ৰম কৰাটো এইসকল চালকৰ নিত্য-নৈমিত্তিক কাৰ্য ৷ সামৰিক পৰিবহণৰ এই প্ৰক্ৰিয়াত অসামৰিক ট্ৰাক আৰু “ইণ্ডিয়ান অইল কৰ্পৰেশ্বন”ৰ ইন্ধন টেংকবোৰ ভাড়াত লোৱা হয় ৷

লাডাখত সামগ্ৰীবোৰৰ পদাৰ্পণৰ লগতেই ‘লজিষ্টিকেল’ প্ৰত্যাহ্বানৰ শেষ নহয় ৷ ইয়াতকৈও কঠিন কাম, সামগ্ৰীবোৰক অগ্ৰণী চকীবোৰলৈ নিয়াৰ দৰে দুৰূহ কামটো থাকিয়ে যায় ৷ কাৰ্গিল আৰু চিয়াছীন খণ্ডৰ নিয়ন্ত্ৰণ ৰেখাত থকা নিৰীক্ষণ চকীবোৰলৈ সংযোগী সৰহভাগ পথেই বাহন চলাব পৰা পথ নহয় ৷ চকীবোৰলৈ নিবলৈ বৃহৎ বৃহৎ টোপোলাত থোপ খাই থকা সামগ্ৰীবোৰক সৰু সৰু টোপোলাত ভাগ কৰা হয় আৰু ইন্ধনবোৰো ২০ লিটাৰৰ জেৰিকেনত ভৰোৱা হয় ৷ যাতে সামগ্ৰীসমূহ অন্তিম গন্তব্যস্থান পাই গৈ সেইটো সুনিশ্চিত কৰিবলৈ হাজাৰৰো অধিক নাগৰিকক কুলি হিচাপে নিযুক্ত কৰা হয় লগতে অনেক গাধও এই কামত ব্যৱহাৰ কৰা হয় ৷ এই কথা ক’লে বেছিকৈ কোৱা নহ’ব যে এই বিশেষ নাগৰিকসকল আমাৰ অগ্ৰণী বাহিনীৰ জীৱন ৰেখা ৷ সামৰিক খচ্ছৰবোৰৰ লগতে এইবোৰ জন্তু পৰিচালনা কৰা “এনিমেল ট্ৰানসপৰ্ট ড্ৰাইভাৰছ” (তেওঁলোকক যিহেতু তেনেকৈয়ে অভিহিত কৰা হয়) সেৱাত লগোৱা হয় ৷ এওঁলোকে পৃথিৱীৰ অন্যতম দূৰ্গম পাহাৰীয়া ঠাইত এটা ঋতুত নিয়মীয়াকৈ প্ৰায় ১০০০ কিলোমিটাৰ পথ খোজকাঢ়ে ৷

যিহেতু শীত কালত কোনোধৰণৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰিব পৰা নাযায় সেয়ে গ্ৰীষ্ম কালত সৈন্যসকলৰ আৱাসস্থল নিৰ্মাণ কৰা হয় ৷ সম্ভৱতঃ এইটো ঋতুত ই চাগে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হিচাপে দেখা দিয়ে কাৰণ এই সময়খিনিতে লাডাখত অতিৰিক্ত বাহিনীয়ে যোগদান কৰেহি ৷ শূণ্য ডিগ্ৰী তাপমানক প্ৰতিহত কৰিবলৈ পূৰ্বনিৰ্মিত আশ্ৰয় শিৱিৰ অতি কম সময়ৰ ভিতৰত ক্ৰয়, পৰিৱহণ আৰু নিৰ্মাণ কৰি উলিয়াব লাগিব ৷ এই প্ৰক্ৰিয়াত অকল সামগ্ৰীয়েই নহয় বৰঞ্চ মানুহকো স্থানান্তৰিত কৰিবলগীয়া হয় ৷ গ্ৰীষ্ম কালত প্ৰায় দুই লাখ লোক লাডাখৰ পৰা ওলাই অহা পৰিলক্ষিত হয় আৰু ঠিক একেই সংখ্যক লোক ছুটি, প’ষ্টিং তথা ইউনিটবোৰৰ টাৰ্ণঅ’ভাৰৰ বাবে চলাচল কৰা পৰিলক্ষিত হয় ৷ আকাশী মাৰ্গেৰে যাত্ৰা কৰা সৈন্যসকলৰ বাবে দিল্লী আৰু চণ্ডিগড়ত অস্থায়ী শিৱিৰবোৰ সক্ৰিয় কৰি তোলা হয় ৷

এই কাৰ্যত ভাৰতীয় বায়ু সেনাৰ ভূমিকা অতুলনীয় ৷ পুৱতি নিশাৰ পৰাই চণ্ডিগড়ৰ বায়সেনা ঘাটি বিভিন্ন গতিবিধিৰে সক্ৰিয় হৈ উঠে ৷ পুৱাৰ প্ৰথম কিৰণৰ লগে লগেই, পৰিৱহণ বিমানৰ প্ৰথমটো গোট অত্যাৱশ্যকীয় ৰচদ পাতি আৰু ছুটি সমাপ্ত কৰি উভতি অহা সৈন্যসকলক লৈ লাডাখলৈ বুলি উৰা মাৰে ৷ লেহ এয়াৰ ফীল্ডৰ পৰা এম আই-১৭, ধ্ৰুৱ আৰু চীতা হেলিকপ্টাৰে ৰচদ পাতিবোৰ লৈ চিয়াছীন খণ্ডৰ দূৰৱৰ্তী নিৰীক্ষণ চকীলৈ অতি সাহসেৰে পৃথিৱীৰ ভিতৰতে বিমান উৰণৰ ক্ষেত্ৰত অতি ভয়ংকৰ ঠাই কিছুমানৰ মাজেৰে উৰা মাৰে ৷ সমগ্ৰ বছৰ জুৰি বায়ু সেনাবাহিনীয়ে এনেদৰেই “লজিষ্টিকছ”ৰ সহায় আগবঢ়াই থাকে ৷ বায়ু সেনাই হৈছে শীতকালত লাডাখৰ লগত সমগ্ৰ দেশখনৰ বাবে সংযোগৰ একমাত্ৰ যোগসুত্ৰ৷

এডব্লিউএছ হ’ল এক অতি সুক্ষ্ম অনুশীলন যি নৱেম্বৰত সমাপ্ত হয়গৈ ৷ যিহেতু আগন্তুক শীতত হাজাৰৰো অধিক অতিৰিক্ত সৈন্যই লাডাখত অৱস্থান লবলৈ সাজু হৈ আছে; নৰ্থাৰ্ন কামাণ্ড আৰু লেহত লজিষ্টিকছ বিষয়াবোৰে এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবই লাগিব আৰু মোৰ কোনো সন্দেহ নাই যে তেওঁলোকে এই কাম কৰিব নোৱাৰিব ৷ এই বিষয়াসকল এক প্ৰসিদ্ধ সামৰিক কথা এষাৰৰ দাৰা উদ্বোদ্ধ, “অপেচাদাৰী সকলে কৌশলৰ বিষয়ে কয়; কিন্তু পেচাদাৰী সকলে ‘লজিষ্টিকছ’ অধ্যয়ণ কৰে” ৷

লগতে পঢ়ক : লোকসভাৰ সচিব হিচাপে নিযুক্ত প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া উৎপল কুমাৰ সিং

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.