ETV Bharat / bharat

কেৱাড়িয়া : বিশ্বৰ আকৰ্ষণীয় পৰ্যটনথলী - চৰ্দাৰ সৰোবৰ বান্ধ

গুজৰাটৰ কেৱাড়িয়া আৰু ইয়াৰ আশে-পাশে কিছু অংশ পৰ্যটনথলীৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকা অন্যতম ৷ সম্প্ৰতি কেৱাড়িয়া দেশৰ এক গুৰুত্বপূৰ্ণ পৰ্যটনথলীৰ লগতে ই বিশ্বৰ পৰ্যটন মানচিত্ৰত স্থান পাবলৈ সক্ষম হৈছে ৷

Kevadia has emerged as a world tourist spot
কেৱাড়িয়া : বিশ্বৰ আকৰ্ষণীয় পৰ্যটনথলী
author img

By

Published : Nov 25, 2020, 1:40 PM IST

নিউজ ডেস্ক,25 নৱেম্বৰ : বুধবাৰৰ পৰা দুদিনীয়াকৈ গুজৰাটৰ কেৱাড়িয়াত 80 সংখ্য়ক অল ইণ্ডিয়া প্ৰিচাইডিং অফিচাৰছ কনফাৰেন্স অৰ্থাৎ স্পীকাৰছ কনফাৰেন্স অনুষ্ঠিত হ’ব ৷ সমগ্ৰ বিশ্বক ক’ভিড-19ৰ পৰা মুক্ত কৰাৰ লগতে বিশ্বৰ সামাজিক সমস্যা আৰু বিধানসভাৰ ক্ষেত্ৰত বিধানসভাৰ অধ্যক্ষসকলে এই সন্মিলনত ভাগ ল’ব ৷

চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তি ষ্টেট্যু অৱ ইউনিটিৰ পাচত গুজৰাটৰ কেৱাড়িয়াত বহু পৰ্যটনথলী নিৰ্মাণ কৰা হৈছে ৷

Kevadia has emerged as a world tourist spot
কেৱাড়িয়া : বিশ্বৰ আকৰ্ষণীয় পৰ্যটনথলী

গুজৰাট হৈছে জৈৱিক বৈচিত্ৰতাৰে ভৰা এখন ৰাজ্য় ৷ 1,600 কিলোমিটাৰ দৈৰ্ঘৰ উপকূল ৰেখা আৰু আৰৱালী পৰ্বতৰ এক প্ৰভাৱশালী ঠাই পৰ্যটকৰ বাবে অধিক আকৰ্ষণীয় ৷ কিন্তু তথাপিও গুজৰাটক উদ্যোগিক ৰাজ্য হিচাপেহে জনা যায় ৷ ইয়াৰ পাচতে সেইসময়ৰ তৎকালীন মুখ্যমন্ত্ৰী অৰ্থাৎ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱাড়িয়া আৰু ইয়াৰ আশে-পাশে কিছু অংশ পৰ্যটনৰ বাবে আকৰ্ষণীয় কৰি তোলে ৷ সম্প্ৰতি কেৱাড়িয়া দেশৰ এক গুৰুত্বপূৰ্ণ পৰ্যটনথলীৰ লগতে ই বিশ্বৰ পৰ্যটন মানচিত্ৰত স্থান পাবলৈ সক্ষম হয় ৷

নৰ্মদা বান্ধ : প্ৰধানমন্ত্ৰী মোদীৰ সপোনৰ প্ৰকল্প চৰ্দাৰ সৰোবৰ বান্ধ আৰু বিশ্বৰ সৰ্বোচ্চ ষ্টেট্যু অৱ ইউনিটি নৰ্মদা বান্ধৰ পৰা 5 কিলোমিটাৰ দূৰত্বত সাধু বেটত অৱস্থিত ৷ 2010 বৰ্ষৰ 7 অক্টোবৰত এই প্ৰকল্প নিৰ্মাণৰ চৰ্চা আৰম্ভ হৈছিল আৰু 2018 চনত ই সম্পূৰ্ণ হৈ উঠিছিল ৷ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰোতে প্ৰয়োজন হোৱা ষ্টীলৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে কৃষকসকলক লোহা দান কৰিবলৈ আহ্বান জনায় ৷ তিনিমাহৰ ভিতৰত ছয় লাখ গাঁৱৰ পাঁচ লাখ কৃষকে 5,000 মেট্ৰিক টন লোহা দান কৰে ৷ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম 2014 চনৰ 31 অক্টোবৰত আৰম্ভ কৰা হৈছিল ৷ ষ্টেট্যু অৱ ইউনিটি, এখনি মনোৰঞ্জনমূলক উদ্য়ান, অনুসন্ধান কেন্দ্ৰ, এখন পখিলাৰ উদ্যান আৰু অন্য আকৰ্ষণীয় স্থানো ইয়াত অন্তৰ্ভুক্ত হৈ আছে ৷ সম্প্ৰতি দেশী-বিদেশী বহু পৰ্যটক এই পৰ্যটনথলীলৈ আহে ৷ প্ৰতিমূৰ্তি মুকলিৰ প্ৰথম বৰ্ষতে প্ৰায় 35 লাখ দৰ্শকে অহা বুলি জানিব পৰা গৈছে ৷

এই প্ৰতিমূৰ্তি নিৰ্মাণৰ পাচত প্ৰধানমন্ত্ৰী মোদীয়ে কেৱাড়িয়াৰ আশে-পাশে থকা পাঁচখন গাঁৱত ষ্টেট্যু অৱ ইউনিটি এৰিয়া ডেভেলপমেণ্ট এণ্ড টুৰিজিম গভৰ্ণেন্স অ’থৰিটি, চৰকাৰী ক’লনী আৰু 400 টা গৃহ নিৰ্মাণৰ নিৰ্দেশ দিয়ে ৷ সম্প্ৰতি কেৱাড়িয়া কল’নী পোহৰেৰে উদ্ভাসিত হৈ থাকে ৷

আনহাতে কেৱাড়িয়াৰ পৰিবহনৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু ৰে’ল লাইনৰ ওপৰত কাম কৰি থকা হৈছে ৷ আহমেদাবাদৰ পৰা কেৱাড়িয়ালৈ মাত্ৰ 45 মিনিটৰ সময়ৰ ব্যৱধানেৰে এক আকাশী পথৰো ব্য়ৱস্থা কৰা হৈছে ৷

জংগল চাফাৰী (চৰ্দাৰ পেটেল জুল’জীকেল পাৰ্ক) : গুজৰাটৰ অন্যতম পৰ্যটনথলী জৈৱিক উদ্যান জংগল চাফাৰীত মুঠ 1,100 বিধ প্ৰজাতিৰ দেশী-বিদেশী পক্ষী আৰু জন্তু পোৱা যায় ৷ বিভিন্ন জন্তুৰ বাবে 29 টা নিৰ্দিষ্ট ক্ষেত্ৰ আৰু পক্ষীৰ বাবে দুই সৰ্ববৃহৎ ডোম প্ৰস্তুত কৰা হৈছে, য’ত পৰ্যটকে মুকলিকৈ পক্ষীবোৰ উপভোগ কৰিব পাৰে ৷

একতা মল : পৰ্যটকসকলক বিনিময়ৰ অনুভৱ দিয়াৰ অৰ্থে 35,000 বৰ্গ ফুটৰ এক বৃহৎ একতা মল নিৰ্মাণ কৰা হৈছে ৷ েই মলত 200 খন বিপনী আছে আৰু ভিন্ন ৰাজ্যৰ হাতেৰে তৈয়াৰী সাজ-পাৰ বিক্ৰী কৰা হয় ৷ সেই বিপনীসমূহ হৈছে- গৰ্বী গজৰাৰী, পূৰবশ্ৰী, কৈৰালী, পাম্পাহাৰ, গংগোত্ৰী, কাৱেৰী, খাদী ইণ্ডিয়া, কাশ্মীৰ ইত্যাদি ৷

চিল্ড্ৰেন নেশ্যনেল পাৰ্ক : অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এইখন হৈছে বিশ্বৰ প্ৰথমখন শিশু পোষণ উদ্যান ৷ 35,000 বৰ্গমিটাৰৰ এই উদ্যানখনত শিশুৰ বাবে মনোৰঞ্জন আৰু শিক্ষাৰ ক্ষেত্ৰত কিছু প্ৰযুক্তিগত আৰ্হি প্ৰস্তুত কৰা হৈছে ৷ 600 মিটাৰ দূৰত্বলৈ যাত্ৰা কৰিব পৰা এখন মিনি ট্ৰেইনো উদ্যানখনত নিৰ্মাণ কৰা হৈছে ৷ যাত্ৰাৰ সময়ত ফল-মূলৰ গৃহ, অন্নপূৰ্ণ, পোষণপুৰম, স্বষ্ট ভাৰতম আৰু নিউট্ৰি হাট্ আদি ষ্টেচন সাজি উলিওৱা হৈছে ৷ ইয়াৰ উদ্দেশ্য 47 টা প্ৰযুক্তিৰে শিশুক পোষণৰ ক্ষেত্ৰত জ্ঞান প্ৰদান কৰা ৷ ইয়াৰোপৰি উদ্য়ানখনত যাদু আইনা, 5-D থিয়েটাৰ আদিও নিৰ্মাণ কৰা হৈছে ৷

ইউনিটি গ্ল’ গাৰ্ডেন : ইউনিটি গ্ল’ গাৰ্ডেনে পৰ্যটকসকলক মনোৰঞ্জন আৰু আকৰ্ষণ কৰে ৷ 3.61 একৰ ভূমিত নিৰ্মাণ কৰা এই উদ্য়ানত এলইডি লাইটেৰে সাজি উলিওৱা জন্তু, গছপুলি আদিৰ প্ৰতিকৃতি সজোৱা হৈছে ৷ বিশেষকৈ নিশাৰ ভাগত এই প্ৰতিকৃতিয়ে উদ্যান পোহৰাই তোলে ৷

কেক্টাছ গাৰ্ডেন : চৰ্দাৰ সৰোবৰ বান্ধৰ সমীপত আৰু নৰ্মদা নদীৰ বাঁওপাৰে নিৰ্মিত কেক্টাছ গাৰ্ডেনে মুঠ 25 একৰ ভূমি আগুৰি আছে ৷ এই উদ্য়ানত 17 খন দেশৰ পৰা অনা 459 বিধ কেক্টাছ আছে ৷ উদ্য়ানখনত 6 লাখৰো অধিক কেক্টাছ গছ আছে ৷ ইয়াৰ লগতে উদ্য়ানখনত কেক্টাছেৰে তৈয়াৰী ঔষধ আৰু হাৰ্বল সামগ্ৰীৰ দোকান আছে ৷ ইয়াত পৰ্যটকে কেক্টাছ গছো ক্ৰয় কৰিব পাৰে ৷

একতা নাৰ্চাৰী : 10 একৰ মাটিত নিৰ্মিত এখন নাৰ্চাৰী আছে, য’ত বিক্ৰীৰ বাবে ভিন্ন প্ৰকাৰৰ গছপুলি প্ৰদৰ্শন কৰা হয় ৷ নাৰ্চাৰীখনত প্ৰযুক্তিৰ সহায়ত 10 লাখ গছপুলি ৰোপনৰ ব্যৱস্থা কৰা হৈছে ৷ লগতে গছপুলিৰ পৰা কেনেকৈ ভিন্ন ভিন্ন সামগ্ৰী তৈয়াৰ কৰিব পাৰি সেয়াও ইয়াত পৰ্যটকে দৰ্শন কৰিব পাৰে ৷ নাৰ্চাৰীত থকা এখন কেফেটেৰিয়াত আদিবাসী মহিলাসকলে বনোৱা এক ব্যঞ্জন পোৱা যায় ৷ 311 টা পৰিয়ালৰ মহিলাসকলে নিজেই এই কেফেটেৰিয়াখনত জীৱিকা নিৰ্বাহ কৰি আছে ৷

খালৱানী ইক’-টুৰিজিম : খালৱানী ইক’-টুৰিজিম 100 একৰ ভূমিত নিৰ্মাণ কৰা হৈছে ৷ ইয়াত 82 একৰ মাটিত গছ ৰোপন কৰাৰ লগতে 100 গৰাকী ব্যক্তিয়ে ইয়াত ৰ’ব পৰা সুবিধা আছে ৷ এই পৰ্যটনথলীত পৰ্যটকৰ বাবে ট্ৰি হাউছ আৰু টেণ্টৰো ব্য়ৱস্থা কৰা হৈছে ৷ এটি মহিলাৰ গোটে ইয়াত কেফেটেৰিয়া চলায় ৷

আৰোগ্য বন : 17 একৰ সেউজীয়া জংঘলেৰে ভৰা, যোগ আৰু আয়ুৰ্বেদিক জ’নৰ এই আৰোগ্য বনত 380 বিধ প্ৰজাতিৰ পাঁচ লাখতকৈও অধিক ঔষধি গছ আছে ৷ এই বনত পদুম পুখুৰী, বিভিন্ন ৰঙৰ বাগিছা, যোগ আৰু ধ্য়ানৰ স্থান, ডিজিটেল সূচনা কেন্দ্ৰ আৰু কেফেটেৰিয়া আদিৰ ব্যৱস্থা কৰা হৈছে ৷ কেৰেলাৰ চিকিৎসক তথা বিশেষজ্ঞসকলে ইয়াত পৰ্যটকসকলক প্ৰাকৃতিক চিকিৎসা প্ৰদান কৰে ৷ ইয়াৰোপৰি বনত বহি পৰ্যটকসকলে যোগ আৰু ব্য়ায়াম কৰিব পাৰে ৷

জেট্টিছ এণ্ড একতা ক্ৰুইজ : ফেৰী নাঁও সেৱা নামৰ একতা ক্ৰুইজ পৰ্যটকৰ বাবে উপলবব্ধ ৷ এই ক্ৰুইজৰ দ্বাৰা পৰ্যটকসকলে নৰ্মদা নদীত নাঁৱত উঠি আনন্দ উপভোগ কৰাৰ লগতে ষ্টেট্যু অৱ ইউনিটি দৰ্শন কৰিব পাৰে ৷ নাঁওখন 26 মিটাৰ দৈৰ্ঘৰ আৰু বহলে 9 মিটাৰ ৷ ইয়াত 200 গৰাকী যাত্ৰী বহিব পাৰে ৷

গুৰুদেশ্বৰ ওৱেয়াৰ : বিদ্য়ুৎ উৎপাদনৰ ক্ষেত্ৰত টাৰবাইন চলোৱাৰ বাবে চৰ্দাৰ সৰোবৰ বান্ধৰ তলত জলাশয়ত গুৰুদেশ্বৰ ওৱেয়াৰ নিৰ্মাণ কৰা হৈছে ৷ গুৰুদেশ্বৰ ওৱেয়াৰ নৰ্মদা বান্ধতকৈ 12.10 তলত নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ দৈৰ্ঘ 1218 মিটাৰ ৷ এই ওৱেয়াৰৰ ধাৰণ ক্ষমতা 87.20 মিলিয়ন কিউবিক মিটাৰ ৷ এই গুৰুদেশ্বৰ ওৱেয়াৰৰ 9 মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ ক্ষমতা আছে ৷

নিউ গোৰা ব্ৰীজ : গোৰা গাঁৱৰ সমীপত নৰ্মদা নদীত এখন দলং নিৰ্মাণ কৰা হৈছে, কিয়নো গুৰুদেশ্বৰ ওৱেয়াৰৰ নিম্নস্তৰ জলমগ্ন হৈছিল ৷ এই দলংখন 920 মিটাৰ দীঘল আৰু ই ফ’ৰলেনযুক্ত ৷ গোৰা পুল চৰ্দাৰ সৰোবৰ বান্ধৰ পৰা 6.30 কিলোমিটাৰ তলত অৱস্থিত ৷

গভৰ্মেণ্ট ক’লনী : চৰ্দাৰ সৰোবৰ নৰ্মদা নিগমৰ কৰ্মকৰ্তাসকলৰ আৱাসৰ বাবে 112 টা আৱাসগৃহ নিৰ্মাণ কৰা হৈছে ৷ বিভিন্ন চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই আৱাসগৃহ নিৰ্মাণ কৰা হৈছে ৷

বাছ টাৰ্মিনাছ : বিভিন্ন পৰ্যটকথলীৰ মাজে মাজে বাছ ষ্টেণ্ড নিৰ্মাণ কৰা হৈছে ৷ প্ৰতিটো বাছ ষ্টেণ্ড 8 মিটাৰ দৈৰ্ঘৰ আৰু 20 মিটাৰ দূৰে দূৰে অৱস্থিত ৷ বাছ ষ্টেণ্ডসমূহত এবাৰৰ বাবে 1,500 গৰাকী যাত্ৰী বহিব পাৰে ৷ আনহাতে পৰ্যটকসকলৰ বাবে 600 টা ল’কাৰো নিৰ্মাণ কৰা হৈছে ৷

হোমষ্টে প্ৰজেক্ট : পৰ্যটকসকলে আদিবাসীল পৰিয়ালসমূহৰ সৈতে থাকিবৰ বাবে, তেওঁলোকৰ জীৱন শৈলী আৰু সংস্কৃতিৰ বিষয়ে জ্ঞাত হ’বলৈ এই হোমষ্টেৰ সুবিধা প্ৰদান কৰা হৈছে ৷ এই প্ৰকল্পই আদিবাসী পৰিয়ালক আৰ্থিক আয়ৰ সোঁত হিচাপেও সুবিধা প্ৰদান কৰে ৷ ষ্টেট্যু অৱ ইউনিটিৰ আশে-পাশে থকা গাঁওসমূহত এই হোমষ্টে প্ৰজেক্টৰ আৰম্ভণি কৰা হয় ৷

আদৰ্শ গাম : নৰ্মদা বান্ধৰ সৈতে জড়িত 400 টা পৰিয়ালৰ বাবে গোৰা গাঁৱৰ সমীপত এক ক’লনী সাজি উলিওৱা হৈছে য’ত দোকান, প্ৰাথমিক বিদ্যালয়, অংগনবাড়ী, হাস্পতাল, সমূহীয়া ভৱন আৰু শিশুৰ বাবে খেল উদ্য়ান স্থাপন কৰা হৈছে ৷

লগতে পঢ়ক : নতুন দিল্লীৰ মায়াপুৰীত ভয়াৱহ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.