ETV Bharat / bharat

কেৰালাত আৰক্ষীয়ে হ'ম ডেলিভাৰি কৰিব ঔষধ

সমগ্ৰ দেশত চলি থকা লক ডাউনৰ বাবে কেৰালাত আৰক্ষীয়ে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । কুৰিয়াৰ সেৱা আৰু আন হ'ম ডেলিভাৰি সেৱা সমূহ বন্ধ থকাৰ সময়ত ৰাজ্যখনৰ প্ৰয়োজনীয় লোকক ঔষধৰ যোগান ধৰিব কেৰালা আৰক্ষীয়ে ।

author img

By

Published : Apr 4, 2020, 2:58 PM IST

নিউজ ডেস্ক, 4 এপ্ৰিলঃ প্ৰয়োজনীয় লোকক ঘৰৰ দুৱাৰদলিত ঔষধ দিবলৈ সাজু হৈ উঠিছে কেৰালা আৰক্ষী । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা 21 দিনীয়া লক ডাউনৰ বাবে স্তব্ধ হৈ আছে সমগ্ৰ দেশ । সেয়ে যি সমূহ লোকক ঔষধৰ প্ৰয়োজন হয়, তেওঁলোকে যাতে ঘৰৰ পৰা ওলাই নহাকৈ দৰব-পাতি লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে কেৰালা আৰক্ষীয়ে ।

ঔষধ ঘৰত পাবলৈ ৰাজ্য়খনৰ জনতাৰ বাবে মুকলি কৰি দিয়া হৈছে 112 ফ'ন নম্বৰটো । এই নম্বৰত কল কৰি ঔষধৰ তথ্য প্ৰদান কৰিব লাগিব । তাৰ পাচত আৰক্ষীৰ লোকে গৈ নিৰ্ধাৰিত স্থানত দৰব দি আহিব । এই কথা জনাই মুখ্য আৰক্ষী বিষয়া লোকনাথ বেহৰাই ।

ফাৰ্মাচী, হস্পাতাল, চিকিৎসক, ৰোগী সকলোৱে এই সেৱাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব । কোনো আত্মীয়ই যদি ঔষধৰ বাবে অনুৰোধ কৰে তেন্তে তেওঁ ঘোষণা পত্ৰৰ লগতে ৰোগৰ বিৱৰণ, প্ৰয়োজনীয় ঔষধৰ বিৱৰণ, ডাক্তৰে দিয়া প্ৰেস্কিবছন প্ৰদান কৰিব লাগিব ।

তিৰুবন্তনমপুৰম আৰু কুচি চেন্টাৰত থকা আৰক্ষীৰ বাবে এই সেৱাৰ কাৰণে বিশেষ বাহন প্ৰদান কৰিছে । খবৰ অনুসৰি তিৰুবন্তনমপুৰম জিলা মুখ্য আৰক্ষী আৰু কোচি উপ আৰক্ষী আয়ুক্তইএই সেৱাৰ নেতৃত্ব লৈছে । আনহাতে দক্ষিণ মণ্ডলৰ আৰক্ষী আয়ুক্ত হৰ্ষিতা অট্টালুলিয়ে এই পক্ৰিয়াৰ চোৱা-চিতা কৰিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.