নেশ্যনেল ডেস্ক, ২৫ মে': কেৰালাত এগৰাকী লোকৰ মূৰত কঠাল পৰাত আঘাতপ্ৰাপ্ত হৈ, চিকিৎসালয়লৈ যোৱাৰ পিচতে তেওঁৰ দেহত COVID-19ৰ অৱস্থিতি ধৰা পৰে ।
প্ৰাপ্ত তথ্য অনুসৰি, কাচাৰগড্ছৰ বেলুৰ নিবাসী এগৰাকী লোকে গছৰ পৰা কঠাল পাৰি থাকোতে মূৰত কঠাল পৰাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।
তাৰ পিচতে তেওঁক কন্নুৰৰ পাৰিয়াৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয় আৰু এক চাৰ্জাৰীৰ বাবে প্ৰস্তুত কৰোৱা হয় ।
তেনে সময়তে চিকিৎসকসকলে প্ৰি-চাৰ্জাৰী পৰীক্ষণৰ বাবে লোকজনৰ স্বাৱ পৰীক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰে । পৰীক্ষণৰ পিচতে লোকজনৰ দেহত ধৰা পৰে মাৰাত্মক COVID-19ৰ অৱস্থিতি । কিন্তু তেওঁৰ দেহত এই মহামাৰীৰ কোনো লক্ষণ দেখা দিয়া নাছিল ।
লোকজনৰ দেহত এই ৰোগ কেনেদৰে সংক্ৰমিত হ'ল তাক লৈ বৰ্তমান স্বাস্থ্য বিভাগৰ লোকে অনুসন্ধাল চলাই আছে ।