ETV Bharat / bharat

অৰ্থব্যৱস্থাৰ বিকাশৰ গতি বৃদ্ধিৰ বাবে কেৰালাত ১০০দিনীয়া কাৰ্যসূচী আৰম্ভ

ৰাজ্যৰ অৰ্থব্যৱস্থাৰ বিকাশৰ গতি বৃদ্ধিৰ বাবে তত্পৰ হৈ পৰিছে কেৰালা চৰকাৰ। ক'ৰোনাৰ সংকটকালত স্থগিত হৈ থকা আঁচনিবোৰৰ কাম-কাজ পুনৰ আৰম্ভ কৰাৰ যো-জা চলাইছে চৰকাৰখনে। বিপদৰ সময়ত ৰাজ্যবাসীয়ে সন্মুখীন হোৱা জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সকাহ দিয়াৰ উদ্দেশ্যেৰে কাৰ্যব্যৱস্থা হাতত লোৱা হৈছে।

author img

By

Published : Aug 31, 2020, 1:04 PM IST

অৰ্থব্যৱস্থাৰ বিকাশৰ গতি বৃদ্ধিৰ বাবে কেৰালাত ১০০দিনীয়া কাৰ্যসূচী আৰম্ভ
অৰ্থব্যৱস্থাৰ বিকাশৰ গতি বৃদ্ধিৰ বাবে কেৰালাত ১০০দিনীয়া কাৰ্যসূচী আৰম্ভ

নেশ্য়নেল ডেস্ক,৩১আগষ্ট: COVID-১৯ মহামাৰীয়ে কোঙা কৰা অৰ্থব্যৱস্থাৰ বিকাশৰ গতি বৃদ্ধিৰ বাবে কেৰালা চৰকাৰে ১০০ দিনীয়া কাৰ্যসূচী আৰম্ভ কৰিছে। দেওবাৰে এই কথা ঘোষণা কৰে কেৰালা চৰকাৰে। কৰ'ণাৰ সংকটকালত ৰাজ্যবাসীয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে, যাৰ বাবে সামাজিক-আৰ্থিক ক্ষেত্ৰত প্ৰভাৱ পৰিলক্ষিত হৈছে। সেয়ে জনতাৰ হিতৰ বাবে কল্যাণকামী কাৰ্যসূচী হাতত লৈছে কেৰালা চৰকাৰে।

খাদ্য সুৰক্ষা আঁচনিৰ অধীনত পৰৱৰ্তী ৪ মাহ পৰ্যন্ত চৰকাৰে ৰাইজৰ মাজত খাদ্য বিতৰণ কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে। ৰাজ্যখনৰ ৪৪ লাখ ৰেচন কাৰ্ডধাৰীয়ে এই সুবিধা লাভ কৰিব পাৰিব। তিৰুৱনম দিৱসৰ প্ৰাক-ক্ষণত সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ কয় যে, 'এই ১০০দিনীয়া কাৰ্যসূচী কেৰালা চৰকাৰে নিজৰ ৰাইজৰ বাবে অ'নাম উপলক্ষে আগবঢ়োৱা এক উপহাৰ। মহামাৰীৰ ভয়াৱহতা থাকিলেও কেৰালাৰ আৰ্থিক বিকাশৰ গতি ৰুদ্ধ হোৱাতো ৰাজ্যখনৰ বাবে লাভদায়ক নহ'ব। জনসাধাৰণৰ প্ৰয়োজন সাপেক্ষে আমি প্ৰত্যাহ্বানৰ সন্মুখীন হ'বই লাগিব। মহামাৰীৰ বাবে স্থগিত হোৱা আঁচনিৰ কাম-কাজক লৈ চৰকাৰ পুনৰ তত্পৰ হ'ব। ১০০দিনীয়া কাৰ্যসূচীৰ অংশ হিচাপে কেৰালাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহক সম্পূৰণৰূপে সুসজ্জিত পৰিয়াল স্বাস্থ্য কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হ'ব।' এই কাৰ্যসূচীয়ে আৰ্থিক আৰু সামাজিক দিশত সুস্থিৰতা আনিব বুলি আশাবাদী কেৰালা চৰকাৰ।

লগতে পঢ়ক: ওড়িশাৰ বানত 14 লক্ষাধিক লোক ক্ষতিগ্ৰস্ত, 17 গৰাকীলৈ বৃদ্ধি মৃতকৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.