ETV Bharat / bharat

১৪ খন জিলাত ২৮ খন ফাষ্ট ট্ৰেক আদালত স্থাপনৰ সিদ্ধান্ত

author img

By

Published : Apr 23, 2020, 7:57 AM IST

ধৰ্ষণ আৰু অন্যান্য যৌন নিৰ্যাতনৰ ঘটনাৰ বিচাৰ খৰটকীয়া কৰিবলৈ কেৰালা চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত । সেই অনুসৰি, ৰাজ্যখনত স্থাপন কৰা হ'ব ২৮খন ফাষ্ট ট্ৰেক আদালত যাৰ দ্বাৰা POSCO আইনৰ গোচৰৰ ওপৰত ৰায়দান প্ৰদান খৰা হ'ব ।

ফাষ্ট ট্ৰেক আদালত স্থাপনৰ সিদ্ধান্ত

নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ লকডাউনৰ মাজতে কেৰালা চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । মুখ্যমন্ত্ৰী পিন্নাৰাই বিজয়নৰ নেতৃত্বত অনুষ্ঠিত হোৱা এক কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । ধৰ্ষণ আৰু যৌন নিৰ্যাতনৰ দৰে অভিযোগৰ বিচাৰ খৰতকীয়া কৰি তুলিবলৈ গ্ৰহণ কৰা হৈছে এই বিশেষ সিদ্ধান্ত ।

বুধবাৰে কেৰালাৰ মুখ্যমন্ত্ৰী পিন্নাৰাই বিজয়নে কেবিনেট বৈঠক অনুষ্ঠিত কৰি ৰাজ্যখনত ২৮ খন ফাষ্ট ট্ৰেক আদালত স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ৰাজ্যখনৰ ১৪ খনকৈ জিলাত প্ৰতিখনতে দুখনকৈ ফাষ্ট ট্ৰেক আদালত স্থাপন কৰিব কেৰালা চৰকাৰে । ৰাজ্যখনত শিশুৰ লগতে মহিলাৰ ওপৰত সংঘটিত হোৱা নিৰ্যাতনৰ ঘটনাৰ খৰতকীয়া ন্যায় প্ৰদান কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে কেৰালা কেবিনেটে ।

২০১৯ চনত Protection of Children from Sexual Offences (POSCO)ৰ অধীনত কেৰালাত পঞ্জীয়ন হৈছিল সৰ্বমুঠ ৩,৬০৯টাকৈ গোচৰ । আনহাতে একেই বৰ্ষতে মহিলাৰ ওপৰত ধৰ্ষণৰ ঘটনাৰ প্ৰায় ২,০৭৬টা গোচৰ পঞ্জীয়ন হৈছিল ।

লগতে পঢ়কঃ মহানগৰীত চাদত জৈৱিক পাচলিৰ খেতি কৰা লোকজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.