নিউজ ডেস্ক, ১৫ জুলাইঃ কেৰালাৰ সোণ কেলেংকাৰী সন্দৰ্ভত মঙলবাৰে মুখ্যমন্ত্ৰীৰ প্ৰাক্তন সচিব এম শিৱশংকৰক বহু সময় ধৰি সোধপোছ কৰে সীমা শুল্ক বিভাগে । এটি কূটনৈতিক চেনেলৰ মাধ্যমেৰে এই সোণ কেলেংকাৰী সন্দৰ্ভত সোধপোছ কৰে এম শিৱশংকৰক ।
মঙলবাৰে সন্ধিয়া ৫ বজাত সীমা শুল্ক বিভাগৰ কাৰ্যালয়লৈ যোৱা এম শিৱশংকৰক মাজনিশা ২:৩০ বজাত শুল্ক বিভাগৰ কাৰ্যালয়ৰ পৰা ওলাই আহে । সোণ কেলেংকাৰী সন্দৰ্ভত সীমা শুক্ল আৰু আন্তঃৰাষ্ট্ৰীয় অনুসন্ধান শাখাই সোধপোছ কৰে মুখ্যমন্ত্ৰীৰ প্ৰাক্তন সচিব এম শিৱশংকৰক । কেৰালাত এইটো প্ৰথম ঘটনা য'ত বিশিষ্ট আইএএছ বিষয়াক ঘণ্টাজুৰি সীমা শুক্ল বিষয়াই সোধপোছ কৰে ।
ঘটনা সন্দৰ্ভত সীমা শুক্ল বিভাগে প্ৰাক্তন সচিব গৰাকীক সোধপোছৰ বাবে প্ৰথমে সচিব গৰাকীৰ বাসগৃহলৈ জাননী প্ৰেৰণ কৰে । জাননী লাভ কৰাৰ কিছু সময় পাচতে সীমা তিৰুবন্তপুৰম শুল্ক বিভাগৰ কাৰ্যালয়ত উপস্থিত এম শিৱশংকৰক ।
লগতে চাওকঃ পথৰ দুৰৱস্থাই দুৰ্ভোগ ভোগাইছে সুন্দৰীদিয়া সত্ৰবাসীক