নেশ্যনেল ডেস্ক,24 ফেব্ৰুৱাৰী: ভাৰত ভ্ৰমণত অহা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক দেশৰ আভ্যন্তৰীণ বিষয়ৰ প্ৰতি সন্মান ৰাখি ভাৰতত ধৰ্মীয় স্বতন্ত্ৰতাৰ সন্দৰ্ভত কোনো বক্তব্য নিদিবলৈ আহ্বান শিৱসেনাৰ ৷
সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি ট্ৰাম্পে ভাৰতৰ ধৰ্মীয় স্বতন্ত্ৰতাৰ সন্দৰ্ভত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগত আলোচনা কৰিব ৷ আলোচনাত কিছুমান বিশ্বাস তথা ধৰ্মীয় ইছ্যু যেনে শ্বাহিনবাগ, নাগৰিকত্ব সংশোধনী আইন, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আদিও অন্তৰ্ভুক্ত কৰিব বিচাৰিব, যিবোৰ ভাৰত চৰকাৰে মোকাবিলা কৰি থকা দেশৰ আভ্যন্তৰীণ বিষয় ৷ এই মন্তব্য দিয়ে শিৱসেনাই ৷
সোমবাৰে সংবাদমেল আয়োজন কৰি শিৱসেনাই কয়," ভাৰত এখন গণতান্ত্ৰিক দেশ আৰু গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ দ্বাৰা শাসন কাৰ্য চলে ৷ গতিকে স্বতন্ত্ৰতা তথা সন্মানৰ লগত জড়িত বিষয়ত বাহিৰৰ ব্যক্তিৰ পৰা কোনো শিক্ষা লোৱাৰ প্ৰয়োজন নাই ৷ গতিকে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে তেখেতৰ আহমেদাবাদ, দিল্লী আৰু আগ্ৰা ভ্ৰমণ সম্পূৰ্ণ কৰি উভতি যোৱাটোৱে উত্তম হ'ব বুলি কয় ৷"
ট্ৰাম্পৰ ভাৰত ভ্ৰমণক বাণিজ্যিক ভ্ৰমণ হিচাপে অভিহিত কৰি শিৱসেনাই কয় যে, এই ভ্ৰমণৰ উদ্দেশ্য কেৱল দুয়োদেশৰ মাজৰ ব্যৱসায়ীক আমদানি-ৰপ্তানি তৰান্বিত কৰা ৷ বৰ্তমান ট্ৰাম্পে দুদিনীয়া ভাৰত ভ্ৰমণত নিজৰ পত্নী আৰু জী-জোঁৱায়েক লগত লৈ আহিছে, যিটো চৰকাৰী ভ্ৰমণ বুলি ক'ব নোৱাৰি ৷ শেহতীয়াকৈ ট্ৰাম্পৰ ভাৰত ভ্ৰমণ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতক উন্নয়নশীল ৰাষ্ট্ৰৰ তালিকাৰ পৰা আঁতৰাই উন্নত ৰাষ্ট্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে ৷ ইয়াৰ ফলত ভাৰতীয় ব্যৱসায়ীসকলে বৃহৎ লোকচানৰ সন্মুখীন হ'ব ৷ এই ভ্ৰমণত ট্ৰাম্পে আমেৰিকাৰ ডলাৰৰ সমান্তৰালকৈ ভাৰতীয় টকাৰ মূল্য বৃদ্ধিত সহায় হোৱাকৈ ভাৰত চৰকাৰক কোনো উপায় আগবঢ়াব নেকি বুলি প্ৰশ্ন কৰে শিৱসেনাই ৷
একেদৰে ট্ৰাম্পৰ 36 ঘণ্টীয়া ভাৰত ভ্ৰমণে ভাৰতৰ বিত্তীয় সংকট, নিবনুৱা সমস্যা দৰে ডাঙৰ সমস্যাসমূহ সমাধান কৰাত সহায় নকৰে ৷ ট্ৰাম্পে ভাৰত ভ্ৰমণৰ পূৰ্বেই কৈছিল যে, ভাৰতৰ লগত ব্যৱসায় কৰিবলৈ যাব৷ গতিকে তেওঁৰ 36 ঘণ্টীয়া ক্ষন্তেকীয়া ভ্ৰমণে ভাৰতৰ মধ্যবিত্ত শ্ৰেণী তথা দৰিদ্ৰ শ্ৰেণী ওপৰত কোনো প্ৰভান নপৰে ৷ গতিকে ৰাষ্ট্ৰপতি ট্ৰাম্পক লৈ ইমান উৎসাহ কি প্ৰয়োজন আছে বুলি প্ৰশ্ন কৰে শিৱসেনাই ৷
সংবাদমেলৰ শেষত শিৱসেনাই কয় যে, "তথাপি ট্ৰাম্প মহাৰাজক আদৰণি জনোৱা তথা আদৰ-শুশ্ৰুসা কৰাত কোনো আৰ্থিক দুদৰ্শা হ'ব নালাগে ৷"
লগতে পঢ়ক: প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিসকলৰ ভাৰত ভ্ৰমণৰ এক আভাষ