নিউজ ডেস্ক, 11 জুনঃ কৰ্ণাটকৰ বেংগালুৰুত অধ্যয়নৰত কাশ্মীৰৰ তিনি গৰাকী অভিযান্ত্ৰিকৰ ছাত্ৰৰ বিৰুদ্ধে থকা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰৰ পৰা জামিন লাভ কৰিছে ছাত্ৰ কেইজনে । বৃহস্পতিবাৰে এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনৰ হুব্বালি চহৰৰ এক ন্য়ায়ালয়ে মঞ্জুৰ কৰে ছাত্ৰ তিনি জনৰ জামিন ।
অভিযান্ত্ৰিক প্ৰতিষ্ঠান এখনৰ ছাত্ৰ কেইজনক পাকিস্তানৰ সমৰ্থনত শ্লোগান দিয়াৰ বাবে দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। ছাত্ৰ কেইজনে পুলুৱামা আক্ৰমণৰ প্ৰথম বাৰ্ষিকীত পাকিস্তানক সমৰ্থন কৰি সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল ।
যুৱ উকীল এচছিয়েছনৰ সভাপতি অশোক আনাভিকাৰই আদালতৰ এই সিন্ধান্তত নিৰাশ হয় । তেওঁ কয় যে, "হুবিল গ্ৰাম্য আৰক্ষীয়ে সময়ত ছাৰ্জশ্বিট দাখিল কৰিব নোৱাৰাৰ বাবেই ছাত্ৰ কেইজনে জামিন লাভ কৰিলে ।"
লগতে চাওকঃ বাংগালুৰুত কৰিমগঞ্জৰ যুৱকৰ ৰহস্যজনক মৃত্যু