নিউজ ডেস্ক, 13 আগষ্টঃ দেশৰ উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়কে জম্মু-কাশ্মীৰত সাংবাদিকৰ ওপৰত জাৰী কৰা নিষেধাজ্ঞাৰ শুনানি অনুষ্ঠিত কৰিবলৈ এখন সূচীৰ আহ্বান জনাইছে ৷ "কাশ্মীৰ টাইমছ"ৰ সম্পাদক অনুৰাধা ভাছিনক শীঘ্ৰেই এই সূচী প্ৰদান কৰিবলৈ আহ্বান জনাইছে সৰ্বোচ্চ ন্যায়ালয়ে ৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ওচৰত জম্মু-কাশ্মীৰত সংবাদ সংগ্ৰহৰ ওপৰত জাৰী কৰা নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাইছিল "কাশ্মীৰ টাইমছ"ৰ কাৰ্যবাহী সম্পাদক অনুৰাধা ভাছিনে ৷
ভাছিনৰ হৈ ওকালতি কৰা অধিবক্তা ব্ৰিন্দা গ্ৰোভাৰে সৰ্বোচ্চ আদালতৰ ওচৰত আবেদনখনৰ শীঘ্ৰেই শুনানিৰ বাবে অনুৰোধ জনায় ৷ ন্যায়াধীশ অৰুণ মিশ্ৰাৰ দ্বাৰা গঠিত তিনিজনীয়া খণ্ড বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণ কৰিবৰ বাবে আবেদনখনৰ সৈতে জম্মু-কাশ্মীৰত কৰ্মৰত সাংবাদিকৰ এখন সূচী সৰ্বোচ্চ ন্যায়ালয়ৰ পঞ্জীয়কৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে ৷
"কাশ্মীৰ টাইমছ"ৰ কাৰ্যবাহী সম্পাদক অনুৰাধা ভাছিনে নিজৰ আবেদনখনত জনাইছিল যে,জম্মু-কাশ্মীৰত সৰ্বাধিক প্ৰচলিত দৈনিক কাকতখনে নিজৰ প্ৰকাশন বন্ধ কৰি ৰাখিবলগীয়া হৈছে ৷ জম্মু-কাশ্মীৰত ইন্টাৰনেটৰ লগতে যোগাযোগৰ সকলোধৰণৰ মাধ্যমৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞাৰ বাবেই প্ৰকাশনত বাধাৰ সন্মুখীন হৈছে কাকতখনে ৷ সেয়েহে সাংবাদিকৰ লগতে ইন্টাৰনেট আৰু যোগাযোগৰ সকলোধৰণৰ মাধ্যমৰ ওপৰত জাৰী কৰা নিষেধাজ্ঞা শীঘ্ৰেই উঠাই ল'ব লাগে বুলি উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল অনুৰাধা ভাছিনে ৷
উল্লেখ্য যে, বিগত 5 আগষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 উঠাই লোৱাৰ প্ৰস্তাৱ আগবঢ়াইছিল ৷ পৰৱৰ্তী সময়ত জম্মু-কাশ্মীৰ পুনৰগঠন বিধেয়কৰ দ্বাৰা ৰাজ্যখনত দুখনকৈ কেন্দ্ৰীয়শাসিত অঞ্চলত ভাগ কৰি জম্মু-কাশ্মীৰক বিধানমণ্ডলৰ সৈতে আৰু লাডাখক বিধানমণ্ডল নোহোৱাকৈ কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰিছে ৷ জম্মু-কাশ্মীৰক দুভাগত বিভক্ত কৰি কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰাৰ পিচৰে পৰাই ৰাজ্যখনত ইন্টাৰনেটকে ধৰি যোগাযোগৰ অন্যান্য সেৱাসমূহ বন্ধ কৰি ৰখা হৈছে ৷