পুনৰ 5 গৰাকী বিধায়কে পুনৰ বিধায়ক পদ বাহাল ৰখাৰ দাবীত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে ৷
সংকটত কৰ্ণাটক বিধানসভা, মঙলবাৰলৈ স্থগিত উচ্চতম ন্যায়ালয়ৰ শুনানি ! - পদত্যাগ
16:53 July 13
12:23 July 12
নিউজ ডেস্ক, 12জুলাইঃ কৰ্ণাটকাৰ ৰাজনীতিত নতুন মোৰ ৷ মঙলবাৰলৈ স্থগিত ৰখা হ'ল কৰ্ণাটক গোচৰত আৱেদনকাৰীৰ স্থিতাৱস্থা ৷ সদ্য পদত্যাগী 10জন বিধায়কে নিজৰ পদত্যাগ পত্ৰ বিধানসভাৰ অধ্যক্ষৰ হাতত দাখিল কৰি তেঁওলোকৰ বিধায়ক পদ খাৰিজ নকৰাৰ লগতে দলৰ পৰা পদত্যাগ কৰা কাৰ্যহে বাহাল ৰাখিবলৈ জনোৱা আবেদন সম্পৰ্কত ন্যায়লায়ে মঙলবাৰলৈ স্থিতাৱস্থা বাহাল ৰাখিবলৈ নিৰ্দেশ জাৰি কৰে৷
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে পুনৰ মঙলবাৰে এই সম্পৰ্কে শুনানি গ্ৰহণ কৰিব ৷
বিচাৰপীঠে মঙলবাৰে বিধানসভাৰ অধ্যক্ষক বিসম্বাদী তথা পদত্যাগ দাখিল কৰা বিধায়কসকলক লগ ধৰিবলৈ নিৰ্দেশ দিয়ে ৷ উল্লেখ্য যে, বিধানসভাৰ অধ্যক্ষই পদত্যাগ পত্ৰ গ্ৰহণ কৰে যদিও এই বিষয়ে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাছিল ৷ ইয়াৰ বিপৰীতে কোৱা হৈছিল যে, এই পদত্যাগ স্বেচ্ছামুলক নে সাধাৰণ সেয়া বিচাৰ কৰা হ'ব ৷
জেডি দলৰ হৈ যুক্তি প্ৰদৰ্শন কৰা অধিবক্তা সাংগভীয়ে কয় য়ে, বিধায়ক সকলৰ পদত্যাগ আঁৰৰ কাৰণ বেলেগ যাৰ বাবে তেঁওলোকৰ বিধায়ক পদ খাৰিজ কৰিব লাগে ৷ অধিবক্তাগৰাকীয়ে লগতে কয় যে, সাংবিধানৰ সংশোধিত 164 অনুচ্ছেদ অনুসৰি, বিধাসভাৰ সদস্য খাৰিজ হোৱাৰ পাচত কোনো বিধায়কে মন্ত্ৰী অথবা আন কোনো পদ ধৰি ৰাখিব নোৱাৰে যেতিয়ালৈকে তেঁও পুনৰ বিধানসভালৈ পুনৰ নিৰ্বাচিত হৈ নাহে ৷
আদালতে লগতে এই পদত্যাগ দল বিৰোধী আইনৰ অধীনত আহে নে নাহে সেইয়াও পৰীক্ষা কৰি চাব ৷
ইতিমধ্যে বিধানসভাত আস্থা ভোটৰ বাবে সাজু হৈছে মুখ্যমন্ত্ৰী কুমাৰস্বামী ৷ উল্লেখ্য যে, 13 মহীয়া কংগ্ৰেছ আৰু জেডি(এচ) চৰকাৰে শেহতীয়াকৈ 10গৰাকী বিধায়কৰ পদত্যাগৰ পাচতেই সংকটৰ সন্মুখীন হৈছিল ৷

Karnataka crisis: SC to hear pleas of rebel MLA's and speaker
Conclusion: