নিউজ ডেস্ক, ৫ জুলাই : আমেৰিকাত নৱেম্বৰত হ'বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ৰেপাৰ কান্যে ৱেষ্টয়ে । লগতে CEO এলিন মস্কেৰ তৰফৰ পৰা সমৰ্থন লাভ কৰা বুলিও উল্লেখ কৰিছে । শনিবাৰে টুইটযোগে প্ৰকাশ কৰিছে এই তথ্য । লগতে, ভগবানৰ ওপৰত বিশ্বাস ৰাখি আমেৰিকাবাসীৰ মংগলৰ কথা চিন্তা কৰি আমেৰিকাৰ আগন্তুক ৰাষ্ট্ৰপতি হ'বলৈ গৈ থকা বুলি উল্লেখ কৰিছে ৰেপাৰ গৰাকীয়ে ।
আনহাতে, তেওঁ প্ৰকাশ কৰা টুইটৰ উত্তৰত মস্ক'ৰ ফালৰ পৰা পূৰ্ণ সমৰ্থন থকা বুলিও উল্লেখ কৰে । ইফালে, সংবাদ মাধমত এই খবৰ প্ৰকাশ পোৱাৰ পিচতে তেওঁৰ পত্নীয়ে কোনো ধৰণৰ মন্তব্য প্ৰদান নকৰি মাত্ৰ তেওঁ প্ৰকাশ কৰা টুইটটোত এটা ইমোজিৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
কিন্তু বৰ্তমানলৈ তেওঁ কোনটো দলৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব সেয়া স্পষ্ট হোৱা নাই । সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি, ৰেপাৰ গৰাকীৰ ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হোৱাটো সপোন আছিল । তেখেতে এই সপোন বাস্তৱত ৰূপায়িত কৰিব বুলি আশাবাদী । যদিওবা ৰাষ্ট্ৰপতি পদৰ বাবে বয়সৰ কোনো ধৰণৰ সময়সীমা নাই তথাপিও ৰাজ্যভেদে কিছুমান আইনৰ অধীনত আৱশ্যকীয় পত্ৰ পূৰণ কৰিব লাগিব বুলি উল্লেখ কৰে ।
উল্লেখযোগ্য যে, ২৬ জুনত প্ৰকাশিত তথ্য অনুসৰি, আমেৰিকাত আৰক্ষীৰ বৰ্বৰতাৰ বিৰোধ প্ৰদৰ্শন আৰু কোভিড-১৯ ৰ বাবে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ অনুমোদন ৰেটিং ৪০ শতাংশলৈ হ্ৰাস পাইছিল । ইফালে, National Public Radio আৰু PBS NewsHour ৰ সৈতে Marist Institute for Public Opinion together নামৰ প্ৰতিষ্ঠানখনে চলোৱা এক পৰীক্ষাত প্ৰমাণিত হৈছে বৰ্তমান হোৱাইট হাউছত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ পদক ৫৮ শতাংশ লোকে অস্বীকাৰ কৰিছে ।