ETV Bharat / bharat

বিজেপিত যোগদান জ্যোতিৰাদিত্যৰ ! মধ্যপ্ৰদেশ চৰকাৰত সংকট - মধ্যপ্ৰদেশ কংগ্ৰেছত আৰম্ভ খহনীয়া

কংগ্ৰেছৰ পৰা বহিষ্কাৰ সিন্ধিয়াক
কংগ্ৰেছৰ পৰা বহিষ্কাৰ সিন্ধিয়াক
author img

By

Published : Mar 10, 2020, 12:21 PM IST

Updated : Mar 10, 2020, 7:56 PM IST

19:54 March 10

এতিয়াই বিজেপিত যোগদান নকৰে সিন্ধিয়াই

এতিয়াই বিজেপিত যোগদান নকৰে জ্যোতিৰাদিত্য সিন্ধিয়াই ৷ বিশেষ সূত্ৰৰ পৰা লাভ কৰা হৈছে এই তথ্য ৷ সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি, অহা 12 মাৰ্চত বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে সিন্ধিয়াৰ ৷

16:54 March 10

পুনৰ আন দুগৰাকী বিধায়কৰ পদত্যাগ

মধ্যপ্ৰদেশ চৰকাৰৰ পৰা পুনৰ পদত্যাগ কৰিছে আন দুগৰাকী বিধায়কে ৷ এতিয়ালৈ সৰ্বমুঠ 21 গৰাকী বিধায়কে পদত্যাগ কৰিছে মধ্যপ্ৰদেশ বিধানসভাৰ পৰা ৷ সদ্যহাতে পদত্যাগ কৰা বিধায়ক দুগৰাকী হৈছে, চুমাৱলীৰ বিধায়ক অদল সিং কাঞ্চনা আৰু হাতপিপলিয়াৰ বিধায়ক মনোজ চৌধাৰী ৷ 

15:21 March 10

মধ্যপ্ৰদেশ বিধানসভাৰ পৰা পদত্যাগ 19 বিধায়কৰ

জ্য়োতিৰাদিত্য সিন্ধিয়াৰ পদত্যাগৰ পিচতে পদত্যাগ কৰে মন্ত্ৰীপ্ৰদেশ কেবিনেটৰ 6গৰাকী ৰাজ্য়িক মন্ত্ৰীৰ লগতে 19গৰাকীকৈ কংগ্ৰেছ বিধায়কে ৷ বাংগালোৰৰ পৰা পদত্যাগ পত্ৰ প্ৰদান কৰে এইসকল কংগ্ৰেছী নেতাই ৷ ইয়াৰ ভিতৰত বিধায়ক বিচাহু লাল চাহুৱে বিজেপিত যোগদান কৰাৰ কথা প্ৰকাশ কৰে বিজেপি নেতা শিৱৰাজ সিং চৌহানে ৷

আনহাতে মধ্যপ্ৰদেশৰ কংগ্ৰেছী নেতা কান্তিলাল ভুৰিয়াই মুখ্যমন্ত্ৰী কমল নাথক সাক্ষাৎ কৰি ৰাজ্যখনত কংগ্ৰেছ এতিয়াও শক্তিশালী বুলি মন্তব্য কৰে ৷ কংগ্ৰেছৰ হাতত এতিয়াও বহুকেইগৰাকী বিধায়ক আছে আৰু চৰকাৰৰ পতন নহয় ৷

বিজেপি নেত্ৰী তথা জ্য়োতিৰাদিত্যৰ খুৰীয়েক য়শোধৰা সিন্ধিয়াই এয়া 'ঘৰ বাপচী' বুলি উল্লেখ কৰে ৷ "জ্যোতিৰাদিত্যৰ পিতৃ মাধৱৰাও সিন্ধিয়াই জনসংঘৰ পৰাই নিজৰ ৰাজনৈতিক কাৰ্যকাল আৰম্ভ কৰিছিল ৷ জ্যোতিৰাদিত্যক কংগ্ৰেছে সদায় অৱহেলা কৰি আহিছিল ৷"

ইতিমধ্যে মুখ্যমন্ত্ৰী কমলনাথে ইমৰতী দেৱী, তুলসী চিলাৱট, গোবিন্দ সিংহ ৰাজপুত, মহেন্দ্ৰ সিং চিচোড়িয়া, প্ৰদ্যুমন সিংহ তোমৰ আৰু ডা: প্ৰভুৰাম চৌধাৰীক মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰাৰ বাবে ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰে ৷

আনহাতে বাংগালোৰত থকা 19গৰাকী কংগ্ৰেছী বিধায়কে কৰ্নাটক আৰক্ষী সঞ্চালকপ্ৰধানলৈ পত্ৰ প্ৰেৰণ কৰি তেওঁলোকৰ সুৰক্ষাৰ বাবে আৰক্ষীৰ দল মোতায়েন কৰিবলৈ অনুৰোধ কৰিছে ৷ ইপিনে ৰাজ্যখনত উদ্ভৱ হোৱা পৰিস্থিতিৰ মাজতে সমাজবাদী পাৰ্টীৰ বিধায়ক ৰাজেশ চুকলা আৰু বহুজন সমাজবাদী পাৰ্টীৰ বিধায়ক সঞ্জীৱ কুশৱাহাই বিজেপি নেতা শিৱৰাজ সিং চৌহানৰ বাসগৃহত উপস্থিত হয় ৷

13:40 March 10

জ্যোতিৰাদিত্যৰ পদত্যাগক লৈ প্ৰতিক্ৰিয়া অধীৰ ৰঞ্জন চৌধুৰীৰ

জ্যেষ্ঠ কংগ্ৰেছী নেতা জ্যোতিৰাদিত্য সিন্ধিয়াৰ পদত্যাগৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছী সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে ৷ লোকসভাৰ সাংসদগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, "সিন্ধিয়া জীয়ে কংগ্ৰেছৰ বহুকেইটা শীৰ্ষ পদবীত কৰিছে আৰু কংগ্ৰেছৰ তেওঁ এগৰাকী সন্মানীয় নেতা ৷ আমি জানো যে, তেওঁৰ পৰিয়াল শতিকাধৰি বিজেপিৰ সৈতে জড়িত আৰু তেওঁৰ পদত্যাগ কংগ্ৰেছৰ বাবে এক বৃহৎ ক্ষতি ৷ হ'ব পাৰে মোডীয়ে প্ৰদান কৰা মন্ত্ৰীত্বৰ লোভেই তেওঁক পদত্যাগ কৰিবলৈ বাধ্য কৰালে ৷"

অধীৰ ৰঞ্জন চৌধুৰীয়ে লগতে কয় যে, "মই ভাবো যে, তেওঁৰ পদত্যাগ কংগ্ৰেছ পাৰ্টীৰ বাবে ক্ষতিকাৰক আৰু মধ্যপ্ৰদেশ চৰকাৰ এতিয়া আৰু তিষ্ঠি থাকিব নোৱাৰিব ৷ এয়া বিজেপিৰ ৰাজনীতি ৷ সকলো বিৰোধী চৰকাৰকে অস্থিৰ কৰি তোলা আৰু ওফৰাই দিয়া ৷"

12:39 March 10

কংগ্ৰেছৰ পৰা বহিষ্কাৰ সিন্ধিয়াক

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাতৰ পিচতেই কংগ্ৰেছৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰাৰ বিষয়ে জনায় জ্যোতিৰাদিত্য সিন্ধিয়াই ৷ ৰাহুল গান্ধীৰ অতিকে ঘনিষ্ঠ নেতাগৰাকীয়ে কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৷ 

    নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি ইয়াত কোনো নতুনত্ব নাই বুলি উল্লেখ কৰে জ্যোতিৰাদিত্যই ৷ বিগত এবছৰে তেওঁ কংগ্ৰেছৰ পৰা পদত্যাগৰ বিষয়ে চিন্তা-চৰ্চা কৰি আহিছিল বুলি জনায় ৷ 18 বছৰ ধৰি কংগ্ৰেছত থাকি ৰাইজৰ সেৱা আগবঢ়োৱাৰ পিচত সেই কাম আৰু কংগ্ৰেছ দলত থাকি সম্ভৱ নহয় বুলি ক্ষোভেৰে প্ৰকাশ কৰে জ্য়োতিৰাদিত্যই ৷ সেয়ে দলটোৰ পৰা পদত্যাগ কৰি এক নতুন যাত্ৰা আৰম্ভ কৰাৰ কথা প্ৰকাশ কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে ৷

    আনহাতে তেওঁৰ পদত্যাগ পত্ৰ লাভ কৰাৰ পিচতে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হয় জ্যোতিৰাদিত্য সিন্ধিয়াক ৷ কংগ্ৰেছ বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ বাবে দলটোৰ পৰা বহিষ্কাৰ কৰাৰ কথা প্ৰকাশ কৰিছে কংগ্ৰেছী নেতা কেচি ভেনুগোপালে ৷

    12:18 March 10

    কংগ্ৰেছৰ পৰা পদত্যাগ সিন্ধিয়াৰ

    কংগ্ৰেছ ত্যাগ কৰিলে জ্যোতিৰাদিত্য সিন্ধিয়াই ৷ মধ্যপ্ৰদেশ কংগ্ৰেছৰ একাষৰীয়া নীতিৰ বাবে দল পদত্যাগ জ্যেষ্ঠ নেতাগৰাকীৰ ৷ দলীয় সংঘাতক লৈ উত্তাল হৈ আছে মধ্যপ্ৰদেশৰ ৰাজনীতি ৷ শেহতীয়াকৈ ৰাজ্য়খনৰ কেবিনেটেও সমূহীয়াকৈ পদত্যাগ কৰিছিল ৷ আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল সিন্ধিয়াই ৷ শ্বাহৰ উপৰিও প্ৰধানমন্ত্ৰী মোডীকো সাক্ষাৎ কৰিছিল সিন্ধিয়াই ৷ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিচতেই কংগ্ৰেছৰ পৰা পদত্যাগ কৰে সিন্ধিয়াই ৷

      Last Updated : Mar 10, 2020, 7:56 PM IST
      ETV Bharat Logo

      Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.