যোধপুৰ,7 ডিচেম্বৰঃ হায়দৰাবাদ দলবদ্ধ ধৰ্ষণকাণ্ডৰ চাৰিটা অভিযুক্ত তেলেংগানা আৰক্ষীৰ হাতত এনকাউণ্টাৰ হোৱাৰ পাছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দেশৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেই ৷ মুখ্য ন্যায়াধীশ গৰাকীয়ে কয় যে, ন্যায়প্ৰাপ্তিৰ বাবে প্ৰতিশোধৰ পথ গ্ৰহণ কৰাটো অনুচিত ৷
শনিবাৰে যোধপুৰত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মুখ্য বিচাৰপতিগৰাকীয়ে ৷
তেওঁ লগতে কয়,"এইক্ষেত্ৰত কোনো সন্দেহ নাই যে অপৰাধী বিচাৰ ব্যৱস্থাত নিশ্চয় অৱলোকন আৰু পুনৰীক্ষণৰ প্ৰাসংগিকতা আছে, বিশেষকৈ গোচৰ নিষ্পত্তিৰ বাবে নিৰ্ধাৰিত সময় ধাৰ্য কৰাৰ বিষয়ত ৷"
তেওঁ আৰু কয়,"মই নাভাবো যে ন্যায় প্ৰদান ব্যৱস্থা তৎকালীন হ'ব পাৰে বা হ'ব লাগিব ৷ মই বিশ্বাস কৰো যে প্ৰতিশোধৰ মাধ্যমেৰে ন্যায়ে ন্যায় ব্যৱস্থাৰ মূল চাৰিত্ৰিক বৈশিষ্ট্যসমূহ হেৰুৱাই পেলায় ৷"
উল্লেখ্য যে, তেলেংগানা আৰক্ষীৰ তথ্যনুসৰি চাৰিটা মুখ্য অভিযুক্ত শুকুৰবাৰে পুৱতি নিশা আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছিল ৷
27 নৱেম্বৰৰ নিশা চাৰিটা অভিযুক্তই পশু চিকিৎসকগৰাকীক ধৰ্ষণ কৰি জীৱন্তে জ্বলাই দিছিল ৷ যুৱতীগৰাকীৰ মৃতদেহ 28 নৱেম্বৰত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হৈছিল ৷
আৰু পঢ়কপিঁয়াজে কন্দুৱাইছে