ETV Bharat / bharat

জুনৰ ভিতৰত শ্ৰেণী আৰম্ভ হ'ব জেএনইউৰ

author img

By

Published : May 9, 2020, 7:57 PM IST

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জগদেশ কুমাৰে জাৰী কৰা বিজ্ঞপ্তি অনুসৰি, বিশ্ববিদ্যালয়খনে ইয়াৰ শ্ৰেণীসমূহ জুন ২৫ৰ পৰা ৩০ৰ ভিতৰত আৰম্ভ কৰাৰ সম্ভাৱনা আছে । বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু কোভিড-১৯ পৰিস্থিতিলৈ লক্ষ্য ৰাখিয়ে বিশ্ববিদ্যালয়খনৰ একাডেমিক কেলেণ্ডাৰ প্ৰস্তুত কৰা হৈছে ।

জুনৰ ভিতৰত শ্ৰেণী আৰম্ভ হ'ব জেএনইউৰ
জুনৰ ভিতৰত শ্ৰেণী আৰম্ভ হ'ব জেএনইউৰ

নিউজ ডেস্ক, ৯ মে' : লকডাউনৰ নীতি-নিয়ম কিছু শিথিল কৰি দিয়াৰ সময়তে দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে আগন্তুক বৰ্ষৰ বাবে জুন মাহৰ ২৫ তাৰিখৰ পৰা শ্ৰেণীকোঠা আৰম্ভ হোৱাৰ কথা প্ৰকাশ কৰিছে । বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জগদেশ কুমাৰে এক বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে ।

বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু কোভিড-১৯ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই নতুন একাডেমিক কেলেণ্ডাৰ প্ৰস্তুত কৰা হৈছে । উপাচাৰ্যগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, চলিত বৰ্ষৰ পৰীক্ষাসমূহ জুলাইৰ ৩০ তাৰিখৰ ভিতৰত সম্পূৰ্ণ কৰি তোলা হ'ব । আনহাতে চলিত ষাণ্মাষিকৰ শ্ৰেণীকোঠাসমূহ অহা ১ আগষ্টৰ পৰা আৰম্ভ হ'ব । আনহাতে বিগত সময়বোৰৰ দৰেই এইবাৰো একেদৰেই অনলাইনযোগে পঞ্জীয়ন তথা নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি তোলা হ'ব বুলি উপাচাৰ্যগৰাকীয়ে জানিবলৈ দিছে ।

আনহাতে গৱেষণাপত্ৰসমূহ জমা দিয়াৰ অন্তিম সময় ৩০ ডিচেম্বৰ, ২০২০ লৈ বৃদ্ধি কৰি দিয়া হৈছে ।

লগতে পঢ়কঃ কেন্দ্ৰই মিছা মাতিছে, শ্ৰমিকক নিবলৈ ৮খন ৰেল আছে : তৃণমুল কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.