নিউজ ডেস্ক,10 ছেপ্তেম্বৰঃ পশ্চিমবংগ আৰক্ষীয়ে বিগত শনিবাৰে গ্ৰেপ্তাৰ কৰিছিল জামাতুল মুজাহিদীন বাংলাদেশ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ তিনিগৰাকীকৈ সদস্যক ৷ পশ্চিমবংগ আৰক্ষীৰ এছ টি এফে বিশেষ তথ্যৰ ভিত্তিত ইষ্ট কেনেল ৰোডৰ গজনাভি ব্ৰীজৰ পৰাই গ্ৰেপ্তাৰ কৰিছিল মহম্মদ আবুল কাচেম,আব্দুল বাৰি,নিজামুদ্দিন খান নামৰ সন্ত্ৰাসবাদীকেইটা ৷ আটাইকেইগৰাকী সন্ত্ৰাসবাদীৰ পৰাই পশ্চিমবংগ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় দুটাকৈ লেপটপসহ বহুটো আপত্তিজনক নথিপত্ৰ ৷
আৰক্ষীৰ প্ৰাৰম্ভিক অনুসন্ধানত,সন্ত্ৰাসবাদীকেইটাৰ পৰা জব্দ কৰা লেপটপৰ পৰা উদ্ধাৰ হৈছে দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ কেতবোৰ গোপনীয় তথ্য ৷ বিশেষকৈ সেনাবাহিনী আৰু চি আৰ পি এফৰ বহুটো গোপন তথ্য সংৰক্ষণ কৰি ৰাখিছিল সন্ত্ৰাসবাদীকেইটাই ৷ দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এইসমূহ তথ্য প্ৰকাশৰ পৰা বিৰত থাকে পশ্চিমবংগ আৰক্ষী ৷ বৰ্তমানে সেনা আৰু চি আৰ পিএফৰ দলে সন্ত্ৰাসবাদীকেইটাক মাৰাথন জেৰা চলাই আছে ৷