নেশ্বনেল ডেস্ক, 16 নৱেম্বৰ : ঝাৰখণ্ডৰ আগন্তুক নিৰ্বাচন উপলক্ষে বিজেপিৰ ৰাষ্ট্ৰীয় নেতাসকলে বহুকেইখন ৰেলীত অংশগ্ৰহণ কৰিব ৷ এই নেতাসকলৰ ভিতৰত উল্লেখযোগ্য হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে. পি. নাদ্দা আদি ৷ মোডীয়ে 5-8 খন আৰু অমিত শ্বাহে 10 খন ৰেলীত উপস্থিত থাকিব বুলি বিজেপিৰ এক সূত্ৰই তথ্য প্ৰদান কৰিছে ৷
শ্বাহে 21 নৱেম্বৰৰ পৰা নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰি 2, 5, 9, 14, 14 আৰু 17 ডিচেম্বৰত সমাপ্ত কৰিব ৷
বিজেপিৰ সভাপতি জে. পি. নাদ্দাই 15 খন গণসভা সম্বোধন কৰিব ৷ ইয়াৰোপৰি, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, প্ৰকাশ জাভেদকাৰ আৰু গিৰিৰাজ সিঙেও ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলাব৷
উল্লেখ্য যে, 30 নৱেম্বৰৰ পৰা ঝাৰখণ্ডত 5 টা পৰ্যায়ত নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হ'ব ৷ 2000 চনত বিহাৰৰ পৰা বিভক্ত হোৱাৰ পাচত ঝাৰখণ্ডত এইবাৰ চতুৰ্থ বাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব ৷
আৰু পঢ়ক : কাইলৈ ভাৰতত উপস্থিত হ'ব ভূটানৰ বৈদেশিক মন্ত্ৰী তাণ্ডি দৰ্জি