ETV Bharat / bharat

জম্মু-কাশ্মীৰত এনকাউন্টাৰত নিহত দুই সন্ত্ৰাসবাদী

বুধবাৰে জম্মু-কাশ্মীৰৰ পুলৱামাৰ টিকেন এলেকাত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত গুলীয়াগুলি ৷ এই সংঘৰ্ষত দুই অল-বাদৰ সন্ত্ৰাসবাদী নিহত হয় আৰু এগৰাকী সুৰক্ষা জোৱান আঘাতপ্ৰাপ্ত হয় ৷

jammu and kashmir encounter
জম্মু-কাশ্মীৰত এনকাউন্টাৰত নিহত দুই সন্ত্ৰাসবাদী
author img

By

Published : Dec 9, 2020, 11:37 AM IST

নিউজ ডেস্ক,9 ডিচেম্বৰ : জম্মু-কাশ্মীৰৰ পুলৱামাৰ টিকেন এলেকাত বুধবাৰে সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত দুই অল-বাদৰ সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে এগৰাকী সুৰক্ষা জোৱান আঘাতপ্ৰাপ্ত হয় ৷ জম্মু-কাশ্মীৰ আৰক্ষীয়ে এই তথ্য সদৰি কৰে ৷

এই সংঘৰ্ষত অন্য 2-3 টা সন্ত্ৰাসবাদী আটক হোৱাৰ অনুমান কৰা হৈছে ৷ ঘটনাস্থলীত ইতিমধ্যে আইন শৃংখলা পৰিস্থিতি বজাই ৰাখি ইণ্টাৰনেট সেৱা স্তব্ধ কৰি দিয়া হৈছে ৷

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী-নিৰাপত্তাৰক্ষীৰ মাজত গুলীয়াগুলি

উল্লেখ্য যে, পুলৱামাৰ টিকেন এলেকাত এই সংঘৰ্ষৰ আৰম্ভণি হয় ৷ ইয়াৰ পূৰ্বে 19 নৱেম্বৰত নাগ্ৰোটা এলেকাত হোৱা গুলীয়াগুলিত চাৰি সন্ত্ৰাসবাদীক নিষ্ক্ৰীয় কৰা হৈছিল ৷

সূত্ৰই জনোৱা মতে, ইয়াৰ মাজৰ তিনিটা সন্ত্ৰাসবাদী জইছ-ই-মহম্মদৰ সদস্য আছিল ৷ সন্ত্ৰাসবাদী কেইটাই পূৰ্ব পৰিকল্পনাৰে ভাৰতত প্ৰৱেশ কৰা চেষ্টা কৰিছিল ৷ এই সন্দৰ্ভত তদন্ত অব্য়াহত আছে ৷

লগতে পঢ়ক : UNSC বিষয় সন্দৰ্ভত ভাৰত-নৰৱে’ৰ দ্বিপাক্ষিক বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.