নতুন দিল্লী, 5 জুনঃ শিক্ষাৰ্থীৰ দ্বাৰা নহয় বহিৰাগত স্থানীয় লোকৰ দ্বাৰা ইচ্ছাকৃত আৰু পৰিকল্পিতভাৱে সংঘটিত কৰা হৈছিল জামিয়া-মিলিয়াত হিংসাত্মক ঘটনা । দিল্লী আৰক্ষীয়ে উচ্চ ন্যায়ালয়ত দিয়া শপতনামা(এফিডেভিট)ত উল্লেখ কৰিছে এই কথা ।
বৈদ্যুতিন প্ৰমাণ আৰু ৰেকৰ্ড কৰা বিবৃতিৰ পৰা এইয়া স্পষ্ট হৈছে যে,ছাত্ৰ আন্দোলনৰ আঁৰত প্ৰকৃততে যি সংঘটিত হ'ল স্থানীয় কিছু লোকৰ সমৰ্থন আৰু ইচ্ছাকৃত আৰু পৰিকল্পিতভাৱে হিংসাত্মক ঘটনা সূচনা কৰা হৈছিল বুলি উল্লেখ কৰিছে দিল্লী আৰক্ষীয়ে ।
বিগত বৰ্ষৰ ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি ব্য়াপক প্ৰতিবাদ সাব্যস্ত হৈছিল জামিয়া-মিলিয়া ইছলামীয়া বিশ্ববিদ্যালয়ত । তদন্তত স্থানীয় নেতা আৰু ৰাজনৈতিক নেতাই প্ৰতিবাদকাৰীক প্ৰৰোচিত কৰা বুলি জানিবলৈ পাৰিছে বুলি আৰক্ষীয়ে উল্লেখ কৰিছে । পিচত আটক কৰা হৈছিল সেইসকল নেতাক ।
এই ঘটনা আকস্মিক নহয়,এক সু-পৰিকল্পিত আছিল বুলি উল্লেখ কৰিছে দিল্লী আৰক্ষীয়ে । কাৰণ প্ৰতিবাদকাৰীৰ হাতত শিল,লাঠী,পেট্ৰ'ল বোমা,টিউব লাইট ইত্যাদি প্ৰচুৰ পৰিমাণে আছিল । তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য় আইন-শৃংখলা ব্যাঘাত জন্মোৱাই আছিল বুলি কয় দিল্লী আৰক্ষীয়ে ।