ETV Bharat / bharat

ফেচবুক ইণ্ডিয়ালৈ চমন জাৰি জম্বু-কাশ্মীৰ চৰকাৰৰ

ফেচবুকলৈ চমন জাৰি জম্বু-কাশ্মীৰ চৰকাৰৰ ৷ তথ্য প্ৰযুক্তি আইন 2020 ৰ অধীনত তদন্ত কৰিবলৈ এই চমন জাৰি ৷ 12 নৱেম্বৰত কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ ফেচবুকৰ পৰিচালক তথা আন বিষয়াক ৷

J&K govt summons Facebook India head to appear in person in online cheating case
ফেচবুক ইণ্ডিয়ালৈ চমন জাৰি জম্বু-কাশ্মীৰ চৰকাৰৰ
author img

By

Published : Oct 23, 2020, 7:51 AM IST

নিউজ ডেস্ক, 23 অক্টোবৰ : জম্মু-কাশ্মীৰ চৰকাৰে অনলাইন ঠগ প্ৰৱঞ্চক কেলেংকাৰীৰ অভিযোগৰ তদন্ত কৰিবলৈ 12 নৱেম্বৰত ফেচবুক ইণ্ডিয়াৰ পৰিচালক আৰু অন্যান্য বিষয়া সকলক কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

ফেচবুক ইণ্ডিয়াৰ পৰিচালক অজিত মোহন আৰু অন্যান্য লোকসকলক এই আদেশ জাৰী কৰিছে জম্বু-কাশ্মীৰৰ তথ্য প্ৰযুক্তি বিভাগৰ সচিব গৰাকীয়ে ৷ তথ্য প্ৰযুক্তি আইন (2020)ৰ অধীনত দাখিল কৰা অভিযোগৰ ভিত্তিত 12 নৱেম্বৰত বিষয়া কেইগৰাকীক উপস্থিত হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

উল্লেখ্য যে, ফেচবুক ইণ্ডিয়ালৈ প্ৰেৰণ কৰা জাননী অনুসৰি, বাজাজ ফাইনেন্স লিমিটেডৰ বীমা সাগৰ নামৰ লোকজনে IT আইনৰ অধীনত কোম্পানীসহ আন বিষয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে ৷ অভিযোগ অনুসৰি,বাজাজ ফাইনেন্স লিমিটেডৰ পৰা 4 শতাংশ সূত ঋণ প্ৰাপ্ত কৰাৰ বাবে 20,700 টকা জমা কৰাৰ অভিযোগ তুলি ফেচবুকে IT আইনৰ বিধি উলংঘা কৰিছে বুলি অভিযোগ দাখিল কৰিছে । যাৰ বাবে উক্ত অভিযোগৰ ভিত্তিতে 12 নৱেম্বৰৰ দুপৰীয়া 11 বজাত কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

লগতে পঢ়ক : স্বামী পৰিয়ালৰ যৌতুক দাবীঃ গৰ্ভৱৰ্তী মহিলাৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.