ETV Bharat / bharat

জনা-নজনা: পূৰ্বপুৰুষৰ শৱদেহৰ সৈতে সময় কটায় এওঁলোকে

পূৰ্বপুৰুষৰ শৱদেহৰ সৈতে সময় কটোৱা একাংশ লোক ৷ নতুন কাপোৰো পৰিধান কৰায় শৱ সমূহক ৷ আনকি জীৱিত কালত তেওঁলোকে খাই ভালপোৱা খাদ্যও খাবলৈ দিয়ে তেওঁলোকে ৷ কোন তেওঁলোক ? ক'ত থাকে তেওঁলোক ? জানো আহক...

পূৰ্বপুৰুষৰ শৱদেহৰ সৈতে সময় কটায় এওঁলোকে

author img

By

Published : Sep 13, 2020, 8:50 PM IST

নিউজ ডেস্ক, 13 ছেপ্তেম্বৰ: সঁচাকৈয়ে ভাবিলে এনে লাগে যে, মানুহৰ দৰে আচৰিত জীৱ এই পৃথিৱীত নাই ৷ যাৰ বাবে বিশ্বজুৰি মানৱ জাতিয়ে ভিন্ন ধৰণৰ আজৱ ৰীতি-নীতিৰ লগতে উৎসৱ আদিও পালন কৰি আহিছে ৷

কবৰ খান্দি মৃতদেহ উলিয়াই পূৰ্বপুৰুষৰ শৱদেহৰ সৈতে সময় অতিবাহিত কৰা উৎসৱ ! সেই উৎসৱৰ নাম "মা নেনে ৷" ইন্দেনেছিয়াৰ তোৰ্জা সম্প্ৰদায়ৰ লোকে পালন কৰে এই অদ্ভুত উৎসৱ ৷ প্ৰতি বছৰে বাৰিষাৰ সময়ত তেওঁলোকে সমাধি খান্দি প্ৰিয়জনৰ দেহাৱশেষ বাহিৰ কৰি আনে ৷ প্ৰাণহীন দেহবোৰত পৰিধান কৰায় নতুন পোছাক ৷ ভাল ভাল খোৱা সামগ্ৰীও প্ৰদান কৰা হয় ৷ আনকি মাদক দ্ৰব্য আৰু চিগাৰেটো প্ৰদান কৰে তেওঁলোকে ৷ আচলতে জীৱিত কালত সেই লোকগৰাকীয়ে যি খাই ভাল পাইছিল সেইসমূহ খাদ্য দিয়া হয় তেওঁলোকৰ মৃতদেহক ৷

উল্লেখ্য যে, তোৰ্জা সম্প্ৰদা. পৃথিৱীত বিলুপ্তাপ্ৰায় নহয় ৷ বৰ্তমানেও ইন্দেনেছিয়াত সেই সম্প্ৰদায়ৰ 10 লাখ লোকে বাস কৰি আছে ৷ তেওঁলোকৰ ওপৰত এতিয়াও সুস্পষ্ট নহয় আধুনিকতাৰ প্ৰভাৱ ৷ তেওঁলোকে বহু কাল পূৰ্বৰ পৰাই এনে ধৰণৰ ৰীতি-নীতি সমূহ পালন কৰি আহিছে বুলি জনা যায় ৷ এতিয়াও তেওঁলোকে কিছুমান মৃতদেহ তৎকালীনভাৱে সমাধিস্থ নকৰে ৷ কেতিয়াবা যদি এসপ্তাহ কেতিয়াবা আকৌ এমাহ পৰ্যন্ত তেওঁলোকে তেওঁলোকৰ নিয়ম অনুসৰি ঘৰতে ৰাকি থয় মৃতদেহ ৷ আনকি মৃতদেহটো ঘৰতে কেতিয়াবা সমাধিস্থ কৰে তেওঁলোকে ৷ খুব বেছিতে তেওঁলোকে ঘৰৰ কাষতে থকা মাটিত সমাধিস্থ কৰে মৃতদেহ ৷

লগতে পঢ়ক: জনা-নজনা: গাত থু পেলাই সন্মান জনায় এওঁলোকে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.