ETV Bharat / bharat

ভাৰতৰ দুটা গৱেষণা কেন্দ্ৰত "কৰ'ণা ভাইৰাছ বংশাণু"ৰ ওপৰত গৱেষণা - ভাৰতৰ দুখন গৱেষণা কেন্দ্ৰত কৰ'ণা ভাইৰাছৰ জীনৰ ওপৰত গৱেষণা

নভেল কৰ'ণা ভাইৰাছ হৈছে এটা নতুন ভাইৰাছ । এই ভাইৰাছৰ Genome অথবা জিনৰ ওপৰত ভাৰতৰ দুটা গৱেষণা কেন্দ্ৰত আৰম্ভ হৈছে গৱেষণা ।

Indian researchers start working on novel coronavirus genome sequencing

author img

By

Published : Apr 9, 2020, 12:38 PM IST

Updated : Apr 9, 2020, 12:45 PM IST

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ বৰ্তমান সমগ্ৰ বিশ্বতে সংহাৰি ৰূপ ধাৰণ কৰা ভাইৰাছ বিধ হৈছে নভেল কৰ'ণা ভাইৰাছ । চীনত উদ্ভৱ হোৱা এই মাৰাত্মক ভাইৰাছ বিধ হৈছে এক নতুন ভাইৰাছ । এই ভাইৰাছ সন্দৰ্ভত তথা প্ৰতিষেধকৰ বাবে সমগ্ৰ বিশ্বতে গৱেষণা চলি থকাৰ মাজতেই ইতিমধ্যে ভাৰতৰ দুখন গৱেষণা কেন্দ্ৰত ইয়াৰ জিন অথবা বংশাণু (genome)ৰ ওপৰত গৱেষণা আৰম্ভ কৰা হৈছে ।

হায়দৰাবাদত অৱস্থিত Centre for Scientific and Industrial Research (CSIR) Centre for Cellular and Molecular Biology (CCMB), আৰু নতুন দিল্লীৰ Institute of Genomics and Integrative Biology (IGIB) ত যুটীয়া ভাৱে আৰম্ভ কৰা হৈছে ইয়াৰ ওপৰত গৱেষণা ।

এই গৱেষণাই ইয়াৰ উৎপত্তি সন্দৰ্ভত তথ্য দিয়াৰ লগতে ইয়াৰ গতিশীলতা, অনুকৰণৰ ক্ষমতা বুজাতো সহায়ক হ'ব । ইয়াৰ উপৰিও এই ভাইৰাছ কিমান দ্ৰুতভাৱে বিকশিত হয় আৰু ভৱিষ্যতৰ দিশটোৰ প্ৰতিও এই গৱেষণা ফলপ্ৰসূ হ'ব বুলি কয় CCMB পৰিচালক ডাঃ ৰাকেশ মিশ্ৰাই ।

উল্লেখ্য যে, জিনোম পৰীক্ষা কৰিবলৈ বৃহৎ পৰিমাণৰ নমুনাৰ প্ৰয়োজন হয় । পৰ্যাপ্ত তথ্য অনুসৰি কোনো সিদ্ধান্তত উপনীত হোৱাটো শুদ্ধ নহয় । বৰ্তমান যিমান পাৰি সিমান নমুনা সংগ্ৰহ কৰাৰ চেষ্টা চলাই থকা হৈছে । হাতত প্ৰায় ১০০ টা নমুনা থাকে তেন্তে এই ভাইৰাছৰ বহু জৈৱিক কাৰকৰ ওপৰত গৱেষণা কৰিব পৰা যাব বুলি উল্লেখ কৰে মিশ্ৰাই ।

দুয়োটা প্ৰতিষ্ঠানৰো প্ৰায় ৩-৪ জনকৈ এই জিনৰ অনুক্ৰমণৰ ওপৰত কাম কৰি আছে । অহা ৩-৪ সপ্তাহৰ ভিতৰতেই গৱেষণাকাৰীয়ে ২০০-৩০০ টা আইচলেট লাভ কৰিবলৈ সক্ষম হ'ব । যিটোৱে পৰৱৰ্তী সময়ত ভাইৰাছৰ ব্যৱহাৰ বিষয়ে অধিক তথ্য জনাত সহায় কৰিব । এইটো উদ্দেশ্যৰ বাবেই পুণেৰ NIV (National Institute of Virology) কো বিভিন্ন ঠাইৰ পৰা বিভিন্ন ভাইৰাছ দিবলৈ অনুৰোধ কৰিছে । এইটোৱে বৈজ্ঞানিক সকলক সমগ্ৰ দেশখনক সামৰি লোৱাকৈ এটা স্পষ্ট ছবি দাঙি ধৰাত সহায় কৰিব । আনহাতে গৱেষণা প্ৰতিষ্ঠান সমূহক এই ভাইৰাছৰ উৎপত্তিৰ পাৰিবাৰিক বৃক্ষ হিচাপেও ৰূপায়ন কৰাত সহায় কৰিব ।

এই অধ্যয়ন, গৱেষণাৰ ওপৰত ভিত্তি কৰিয়ে এই ভাইৰাছৰ উৎপত্তি ক'ৰ পৰা হৈছে, কোনটো ষ্ট্ৰেইন দুৰ্বল, কোনটো ষ্ট্ৰেইন শক্তিশালী সেইয়া জানিবলৈ আৰু ভালদৰে ৰণনীতি তৈয়াৰ কৰাত পৰৱৰ্তী সময়ত সহায় হ'ব বুলি উল্লেখ কৰে ।

লগতে চাওক- হাইড্ৰক্সিক্ল'ৰকুইন আৱিষ্কাৰকৰ জন্ম হৈছিল ভাৰতত

Last Updated : Apr 9, 2020, 12:45 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.