ETV Bharat / bharat

কৰ'ণাভাইৰাছ আতংক : ভাৰতীয় দূতাবাসৰ হেল্পলাইন আৰম্ভ - ভাৰতীয় দূতাবাসৰ হেল্পলাইন আৰম্ভ

ভাৰতীয় দূতাবাসে আৰম্ভ কৰিছে নতুন হেল্পলাইন ৷ কৰ'ণাভাইৰাছৰ ফলত ভ্ৰমণ সম্পৰ্কীয় নতুন জাননী জাৰি কৰাৰ পাচতে এই হেল্পলাইন আৰম্ভ কৰা হৈছে ৷

কৰ'ণাভাইৰাছ আতংক
ভাৰতীয় দূতাবাসৰ হেল্পলাইন আৰম্ভ
author img

By

Published : Mar 13, 2020, 9:41 AM IST

নেশ্যনেল ডেস্ক, 13 মাৰ্চ : ভ্ৰমণ সম্পৰ্কীয় প্ৰতিবন্ধকতাৰ ক্ষেত্ৰত থকা সকলোবোৰ প্ৰশ্নৰ সমাধানৰ বাবে আমেৰিকাস্থিত ভাৰতীয় দূতাবাসে আৰম্ভ কৰিছে 24 ঘন্টীয়া হেল্পলাইন ৷ কৰ'ণা ভাইৰাছ আতংকৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লীয়ে ভাৰত ভ্ৰমণত প্ৰতিবন্ধকতা আৰোপ কৰা পাচতে এই হেল্পলাইনৰ ব্যৱস্থা কৰা হৈছে ৷

উল্লেখ্য যে,কৰ'ণাভাইৰাছৰ ফলত বৃহস্পতিবাৰে ভাৰতত প্ৰথমজন লোকৰ মৃত্যু ঘটিছে ৷ আনহাতে, বৰ্তমানলৈকে আক্ৰান্তৰ সংখ্যা 74 জনলৈ বৃদ্ধি পাইছে ৷ চীনৰ য়ুহান চহৰত আৰম্ভ হোৱা এই প্ৰাণনাশক ভাইৰাছে বৰ্তমানলৈকে সমগ্ৰ বিশ্বৰে প্ৰায় 4,600 লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে 124,330 লোকক আক্ৰান্ত কৰিছে ৷

দূতাবাসে এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে যে, কৰ'ণা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে জাৰি কৰা ভ্ৰমণ সম্পৰ্কীয় পৰামৰ্শৰ যিকোনো প্ৰশ্নৰ সমাধানৰ বাবে এই হেল্পলাইন মুকলি কৰা হৈছে ৷ উল্লেখ্য যে, 15 এপ্ৰিললৈ ভিছা বাতিল কৰাৰ কথা ঘোষণা কৰিছিল ভাৰতে ৷

আৰু পঢ়ক : কৰ্ণাটকত ভাৰতৰ প্ৰথমজন COVID-19 আক্ৰান্তৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.