ETV Bharat / bharat

বন্দে ভাৰতৰ মিছনৰ জৰিয়তে সঞ্চালন হ’ব ইউ এ ইৰ আৱদ্ধ বিমান

author img

By

Published : Jul 10, 2020, 2:47 AM IST

ভাৰতীয় অসামৰিক বিমান পৰিবহন কৰ্তৃপক্ষই সদৰি কৰা মতে, ইউ এ ই বাউণ্ড এক্সপেটছ বৰ্তমান ভাৰতত আৱদ্ধ হৈ আছে, যিয়ে ভাৰত চৰকাৰৰ বন্দে ভাৰত মিছনৰ উৰণত 12 জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া 15 দিনৰ সময়সীমাত পুনৰ উৰণৰ সম্ভাৱনা আছে ৷

বন্দে ভাৰতৰ মিছনৰ জৰিয়তে সঞ্চালন হ’ব ইউ এ ইৰ আৱদ্ধ বিমান
বন্দে ভাৰতৰ মিছনৰ জৰিয়তে সঞ্চালন হ’ব ইউ এ ইৰ আৱদ্ধ বিমান

নেশ্যনেল ডেস্ক, 9 জুলাই : ভাৰতত আৱদ্ধ হৈ থকা হাজাৰ হাজাৰ ইউ এ ই বাউণ্ড এক্সপেটছৰ বাবে এক সকাহ ৷ কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে 12 জুলাইৰ পৰা 15 দিনৰ বাবে আৰম্ভ হ’বলগীয়া বন্দে ভাৰত মিছনত ভাৰতৰ পৰা ইউ এ ই লৈ পুনৰ বিমান উৰণৰ ঘোষণা কৰে ৷

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জনোৱা মতে, ইউ এ ইৰ নাগৰিকসকলক ভাৰতৰ পৰা নিবলৈ ইউ এ ইৰ বাহকৰ দ্বাৰা সঞ্চালিত চাৰ্টাৰ বিমান (Federation Authority for Identity and Citizenship)ক স্বীকৃতি দিয়ে ৷ ভাৰতৰ পৰা ইউ এ ইলৈ এই যাত্ৰা কেৱল আৱদ্ধ যাত্ৰীসকলৰ বাবেহে সঞ্চালন কৰা হৈছে ৷

ইয়াৰ মাজতে, এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে নিশ্চিত কৰা অনুসৰি, বন্দে ভাৰত মিছনৰ আঁওতাত ইউ এ ইৰ প্ৰত্যাৱৰ্তন বিমান পৰিচালনা কৰা হ’ব ৷

উল্লেখ্য যে, মহামাৰী কৰ’ণা ভাইৰাছৰ বাবে যোৱা 23 মাৰ্চৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা স্থগিত ৰখা হৈছিল ৷ ইয়াৰ পিছতে 6 মে’ৰ পৰা আৰম্ভ হোৱা বন্দে ভাৰত মিছনৰ জৰিয়তে আৱদ্ধ হৈ থকা বিমানৰ উৰণ-অৱতৰণ আৰম্ভ কৰা হয় ৷

লগতে পঢ়ক : অসহায় লোকক সহায় কৰিবলৈ দল-সংগঠন, কৰ্মচাৰীলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.