ETV Bharat / bharat

COVID-19: দেশৰ শেহতীয়া তথ্য - দেশজুৰি কৰ'ণা

ধাৰাবাহিকভাৱে চতুৰ্থ দিনৰ বাবে কৰ'ণা আক্ৰান্তৰ সংখ্যা ২৪ ঘণ্টাৰ ব্যৱধানত ৬০,০০০তকৈ হ্ৰাস। সমগ্ৰ দেশতে আক্ৰান্তৰ সংখ্যা ৭৭ লাখৰো অধিক। আৰোগ্য হৈ উঠিছে ৬৮ লাখ ৰোগী।

COVID-19: দেশৰ শেহতীয়া তথ্য
COVID-19: দেশৰ শেহতীয়া তথ্য
author img

By

Published : Oct 22, 2020, 2:27 PM IST

নেশ্যনেল ডেস্ক, ২২ অক্টোবৰ: দেশজুৰি কৰ'ণাত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৭৭,০৬,৯৪৬জন। বিগত ২৪ ঘণ্টাত ৫৫,৮৩৯ জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ আহিছে আৰু ৭০২ জন ৰোগীৰ মৃত্যু হৈছে। ভয়াৱহ পৰিস্থিতিৰ মাজত সংকাহৰ ইংগিত বহন কৰি ভাৰতত বিগত ৪ দিনত প্ৰত্যেক দিনত ৬০,০০০তকৈ কম লোক নতুনকৈ আক্ৰান্ত হৈছে। বৰ্তমান ৭,১৫,৮১২জন ৰোগী চিকিত্সাধীন হৈ আছে আৰু ৬৮,৭৪,৫১৮ জন লোকে সুস্থ হৈ উঠিছে।

COVID-19: দেশৰ শেহতীয়া তথ্য
COVID-19: দেশৰ শেহতীয়া তথ্য

মহামাৰীৰে যুঁজি অৱশেষত মৃত্যুৰে হাৰ মানিছে ১,১৬,৬১৬ জন ৰোগীয়ে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আৰোগ্যৰ হাৰ ৮৮.৮১ শতাংশ আৰু মৃত্যুৰ হাৰ ১.৫১ শতাংশ। দেশৰ ভিতৰত আটাইতকৈ বেছি সংক্ৰমণ হোৱা ৰাজ্য মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা ১৬,১৭,৬৫৮ আৰু ৪২,৬৩৩ জন ৰোগীয়ে প্ৰাণ হেৰুৱাইছে। সৰ্বাধিক সংক্ৰমণৰ তালিকাত থকা ৰাজ্যবোৰ ক্ৰমে অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কৰ্ণাটক আৰু উত্তৰ প্ৰদেশ। ভাৰতীয় চিকিত্সা গৱেষণা পৰিষদৰ তথ্য অনুসৰি ভাৰতত বুধবাৰৰ দিনটোত ১৪,৬৯,৯৮৪ জনৰ নমুনা সংগ্ৰহ কৰা হৈছে আৰু ইয়াৰ ভিতৰত ৯,৮৬,৭০,৩৬৩জনৰ নমুনা পৰীক্ষা কৰা হৈছে।

লগতে পঢ়ক: প্ৰতিৰক্ষা ব্যৱস্থাপনা মহাবিদ্যালয় আৰু বাইছন ডিভিজন পৰিদৰ্শন সেনাপ্ৰধানৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.